নতুন বছৰত দূৰ হ’ব ৰে’লৰ টিকট বুকিঙৰ চিন্তা! দেখা যাব এই বৃহৎ পৰিৱৰ্তন
টিকট বুকিং কৰাৰ সময়ত এতিয়া আৰু উৎকণ্ঠাৰে হাতৰ ঘড়ীলৈ চাব নালাগে। কিয়নো যাত্ৰীসকলৰ স্বাৰ্থত ভাৰতীয় ৰে’লৱেই বৃহৎ পৰিৱৰ্তন ঘটাবলৈ আগবাঢ়িছে। পূৰ্বৰ নিয়ম অনুসাৰে পুৱা ৮ বজাৰ পৰা ১০ বজালৈ আধাৰ ভেৰিফাইড IRCTC একাউণ্টৰ পৰা গ্ৰাহকে টিকট বুকিং কৰিব পাৰিছিল। কিন্তু এইবাৰ সেই সময় সলনি হ’ব।
ৰে’লৰ টিকট বুকিঙৰ ক্ষেত্ৰত ঘটিব এক বৃহৎ পৰিৱৰ্তন। ভাৰতীয় ৰে’লৱেই এতিয়া টিকট বুকিঙৰ সময় সলনি কৰিবলৈ সাজু হৈছে। টিকট বুকিং কৰাৰ সময়ত এতিয়া আৰু উৎকণ্ঠাৰে হাতৰ ঘড়ীলৈ চাব নালাগে। কিয়নো যাত্ৰীসকলৰ স্বাৰ্থত ভাৰতীয় ৰে’লৱেই বৃহৎ পৰিৱৰ্তন ঘটাবলৈ আগবাঢ়িছে। পূৰ্বৰ নিয়ম অনুসাৰে পুৱা ৮ বজাৰ পৰা ১০ বজালৈ আধাৰ ভেৰিফাইড IRCTC একাউণ্টৰ পৰা গ্ৰাহকে টিকট বুকিং কৰিব পাৰিছিল। কিন্তু এইবাৰ সেই সময় সলনি হ’ব।
ভাৰতীয় ৰে’লৱেই শেহতীয়াকৈ পূজাৰ সময়ত টিকট বুকিঙৰ নিয়মত বৃহৎ পৰিৱৰ্তন ঘটাইছিল। প্ৰথম অৱস্থাত তৎকাল টিকটৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক কৰা হৈছিল। পিছত ৰে’ল মন্ত্ৰালয়ে ঘোষণা কৰে যে ৰিজাৰ্ভেছন টিকটৰ বাবে আধাৰ ভিত্তিক পৰীক্ষণ বাধ্যতামূলক কৰা হ’ব।
যিহেতু টিকট বুকিঙৰ ক্ষেত্ৰত আধাৰ কাৰ্ডৰ গ্ৰহণযোগ্যতা বাঢ়িছে, সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰাহকে আধাৰ পৰীক্ষিত IRCTC একাউণ্টৰ পৰা অনলাইনযোগে সংৰক্ষিত টিকট বুকিং কৰিবলৈ দিয়া সময় পুৱা ৮ বজাৰ পৰা ১০ বজালৈ বৃদ্ধি কৰা হৈছিল।
অধিক সময় পাব গ্ৰাহকে
এইবাৰ ভাৰতীয় ৰে’লৱেই সেই সময় আৰু অধিক বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ৰে’লৱে ব’ৰ্ডে এক বিবৃতি যোগে উল্লেখ কৰা মতে অহা ২৯ ডিচেম্বৰৰ পৰা পুৱা ১০ বজাৰ পৰিৱৰ্তে গ্ৰাহকে এতিয়া দূপৰীয়া ১২ বজালৈ আধাৰ ভেৰিফাইড IRCTC একাউণ্টৰ পৰা টিকট বুক কৰিব পাৰিব। অৰ্থাৎ দুঘণ্টাৰ পৰিৱৰ্তে গ্ৰাহকে এতিয়া চাৰি ঘণ্টা সময় লাভ কৰিব।
কেৱল ইমানেই নহয়। ৫ জানুৱাৰীৰ পৰা এই সময়সীমা আঠ ঘণ্টালৈ বৃদ্ধি কৰা হ’ব। তাৰ পিছত গ্ৰাহকে পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ টিকট বুকিং কৰিব পাৰিব। এই সময় ১২ জানুৱাৰীৰ পিছত পুনৰ ১৬ ঘণ্টালৈ বৃদ্ধি পাব। সেই সময়ত গ্ৰাহকে পুৱা ৮ বজাৰ পৰা মাজনিশা ১২ বজালৈ টিকট বুকিং কৰিব পাৰিব।