শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শত্ৰুৰ শক্তি নিমিষতে হ’ব চূৰ্ণ! ‘প্ৰজেক্ট ১৮’ৰ অন্তৰ্ভুক্তিৰে মহাশক্তিধৰ হোৱাৰ দিশে ভাৰতীয় নৌসেনা

দেশৰ প্ৰতিৰক্ষা অধিক দৃঢ় কৰি তুলিবলৈ ভাৰতে এতিয়া নিৰ্মাণ কৰিছে এক সৰ্বশক্তিমান যুদ্ধ জাহাজ। সূত্ৰ অনুসৰি ভাৰতে এতিয়া চীনৰ টাইপ Type 055, আমেৰিকাৰ Zumwalt শ্ৰেণীৰ সমপৰ্যায়ৰ ক্ষমতা লাভৰ দিশত আগবাঢ়িছে।

শত্ৰুৰ শক্তি নিমিষতে হ’ব চূৰ্ণ! ‘প্ৰজেক্ট ১৮’ৰ অন্তৰ্ভুক্তিৰে মহাশক্তিধৰ হোৱাৰ দিশে ভাৰতীয় নৌসেনা
ভাৰতীয় নৌসেনাৰ শক্তি বৃদ্ধিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Updated On: 07 Aug 2025 16:44 PM

প্ৰতিৰক্ষা ব্যৱস্থাত ক্ৰমাৎ অধিক শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে ভাৰতে দেশৰ সেনা বাহিনীত ধাৰাবাহিকভাৱে সংযোজিত হৈছে নিত্য নতুন শক্তি দেশৰ প্ৰতিৰক্ষা অধিক দৃঢ় কৰি তুলিবলৈ ভাৰতে এতিয়া নিৰ্মাণ কৰিছে এক সৰ্বশক্তিমান যুদ্ধ জাহাজ। শত্ৰুৰ শক্তি নিমিষতে চূৰ্ণ কৰিব পৰাকৈ শক্তিশালী জাহাজখনে একে সময়তে ১৪৪টা সৰু, মজলীয়াৰ পৰা দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিবলৈ সক্ষম ব। Project 18 destroyer’ নামৰ এই নতুন যুদ্ধ জাহাজখনৰ ওজন হ’ব প্ৰায় ১৩ হাজাৰ টন।

নৌসেনাত নতুনকৈ অন্তৰ্ভুক্ত কৰাৰ বাবে নিৰ্মাণৰত এই ‘Project 18 destroyer’ এখন নেক্সট জেনেৰেচন যুদ্ধজাহাজ। ইয়াৰ ক্ষমতা বিশ্বৰ শ্ৰেষ্ঠ ধ্বংসকাৰী বিমানৰ সমতুল্য বা তাতকৈ অধিক হিচাপে গণ্য কৰা হৈছে। এই ধ্বংসাত্মক যুদ্ধজাহাজখন ব্ৰাহ্মছৰ পৰা লং ৰেঞ্জ ছেম (এল আৰ-এছ এ এম)লৈ এণ্টি ছাবমেৰিন মিছাইল কঢ়িয়াই নিব পৰাকৈও সক্ষম

এই ‘Project 18 destroyer’ত অত্যাধুনিক GaN (Gallium Nitride) AESA ৰাডাৰ আছে। এই ব্যৱস্থাই ৫০০ কিলোমিটাৰ দূৰত্বৰ পৰা লক্ষ্যত সঠিকভাৱে আঘাত কৰিব পাৰে। যুদ্ধজাহাজখনৰ ডিজাইনতো এক বিশেষ চমক দেখিবলৈ পোৱা যাব শত্ৰুৰ ৰাডাৰৰ পৰা ৰক্ষা কৰিব পৰাকৈ বিশেষ ডিজাইনেৰে গঢ়ি তোলা হৈছে জাহাজখন

লগতে এই যুদ্ধজাহাজখনত আছে শক্তিশালী চেঞ্চৰ ব্যৱস্থা। জাহাজখনত ইলেক্ট্ৰিক প্ৰপালচন প্ৰযুক্তি থাকিব পাৰে বুলিও খবৰ প্ৰকাশ পাইছে। ইয়াৰ ফলত যাত্ৰাৰ সময়ত কম শব্দ কৰি দুৰন্ত গতিৰে আগবাঢ়ে শত্ৰুৰ ওচৰৰ পৰা আক্ৰমণৰ চেষ্টা প্ৰতিহত কৰিব পৰাকৈ Close-In Weapon System (CIWS) ব্যৱস্থাও উপলব্ধ জাহাজখনত

সূত্ৰ অনুসৰি ভাৰতে এতিয়া চীনৰ টাইপ Type 055, আমেৰিকাৰ Zumwalt শ্ৰেণীৰ সমপৰ্যায়ৰ ক্ষমতা লাভৰ দিশত আগবাঢ়িছে। এই নতুন Project 18 destroyer জাহাজখন নৌসেনাত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰত ভাৰতৰ স্থিতি আৰু অধিক শক্তিশালী হ’ব বুলি অনুমান কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, সম্ভৱতঃ মাজাগাঁও ডক বা কোচিন শ্বিপয়াৰ্ডত এই যুদ্ধজাহাজখনৰ নিৰ্মাণ আৰম্ভ হ’ব। এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠিলে তথা প্ৰয়োজনীয় সকলো দিশৰ কাম কাজ সম্পূৰ্ণ লে ২০৩০ চনত ভাৰতীয় নৌসেনাত প্ৰৱেশ ঘটিব পাৰে এই ‘Project 18 destroyer’ যুদ্ধজাহাজৰ।