শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আত্মনিৰ্ভৰশীল ভাৰতৰ দিশে আৰু এখোজ… মুকলি স্বদেশী ডিজাইনৰ জাহাজ ‘অচল’

এই জাহাজখন ভাৰতত ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে। ‘অচল’ জাহাজখনে ক’ষ্ট গাৰ্ডক সামুদ্ৰিক চোৱাচিতা, সুৰক্ষা আৰু দৃষ্টি ৰখাত সহায় কৰিব। ভাৰতৰ সামুদ্ৰিক সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত ই এক শক্তিশালী পদক্ষেপ।

আত্মনিৰ্ভৰশীল ভাৰতৰ দিশে আৰু এখোজ… মুকলি স্বদেশী ডিজাইনৰ জাহাজ ‘অচল’
মুকলি স্বদেশী ডিজাইনৰ জাহাজ ‘অচল’
barasha-misra
Barasha Misra | Updated On: 16 Jun 2025 19:13 PM

GSL এ আজি ভাৰতীয় ক’ষ্ট গাৰ্ড বাহিনীৰ বাবে নিৰ্মাণ হৈ থকা আঠখন দ্ৰুত পেট্ৰ’ল জাহাজৰ ভিতৰত এখন সফলতাৰে মুকলি কৰে। এই জাহাজখনৰ নাম ‘অচল’ ৰখা হৈছে। পৰম্পৰাগত বৈদিক মন্ত্ৰ উচ্চাৰণৰ মাজতে কবিতা হৰবোলাই এই জাহাজখন সাগৰত নমায় । সেই উপলক্ষে ক’ষ্ট গাৰ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধান অনিল কুমাৰ হৰবোলাকে ধৰি বহু জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

GSL(Goa Shipyard Limited ) ত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ বাবে নিৰ্মাণ কৰা হৈছে ৮খন দ্ৰুত পেট্ৰ’ল জাহাজ। ২০২২ চনত স্বাক্ষৰিত এই চুক্তিখন ৬০ শতাংশতকৈ অধিক থলুৱা সা-সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে। থলুৱা সামগ্ৰীৰে ডিজাইন কৰা এই জাহাজে সামুদ্ৰিক চোৱাচিতা, নিৰাপত্তা আৰু টহল দিয়াত সহায় কৰিব। ইয়াৰ নিৰ্মাণ আত্মনিৰ্ভৰশীলতাৰ দিশত এক শক্তিশালী পদক্ষেপ।

জাহাজখনৰ বিশেষত্ব

  • এই জাহাজখন ভাৰততে ডিজাইন আৰু নিৰ্মাণ কৰা হৈছে।
  • ইয়াৰ ৬০% তকৈ অধিক অংশ স্বদেশত নিৰ্মিত, যাৰ বাবে ইয়াক স্বাৱলম্বী ভাৰতৰ দিশত এক ডাঙৰ পদক্ষেপ বুলি গণ্য কৰা হৈছে।
  • এই জাহাজখন ৫২ মিটাৰ দীঘল আৰু প্ৰায় ৫০ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে যাত্ৰা কৰিব পাৰে।
  • ইয়াৰ দ্বাৰা ক’ষ্ট গাৰ্ডক সামুদ্ৰিক চোৱাচিতা, নিৰাপত্তা আৰু টহল দিয়াত সহায়ক হ’ব।
  • এই প্ৰকল্পই স্থানীয় উদ্যোগ, MSME কোম্পানী আৰু শ্ৰমিকক কৰ্মসংস্থাপন প্ৰদান কৰিছে।
  • ‘অচল’ৰ উন্মোচন ভাৰতৰ সামুদ্ৰিক সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত এক শক্তিশালী পদক্ষেপ।