শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Indian Foreign Secretary : উত্তেজনাৰ মাজতে কাইলৈ ঢাকা ভ্ৰমণ কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে…কাক কাক সাক্ষাৎ কৰিব ?

সোমবাৰে বাংলাদেশ ভ্ৰমণ কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে । কাইলৈ দিনজোৰা কাৰ্যসূচীৰে ঢাকালৈ ৰাওনা হ'ব বৈদেশিক সচিব গৰাকী । এই ভ্ৰমণ কালত বিক্ৰম মিশ্ৰীয়ে বাংলাদেশী সমকক্ষ মোঃ জাছিম উদ্দিনৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে দেশখনৰ বৈদেশিক মন্ত্ৰী মহম্মদ তৌহিদ হোছেইনক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

Indian Foreign Secretary : উত্তেজনাৰ মাজতে কাইলৈ ঢাকা ভ্ৰমণ কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে…কাক কাক সাক্ষাৎ কৰিব ?
বৈদেশিক সচিব বিক্ৰম মিশ্ৰী
manas-borah
Manas Borah | Updated On: 08 Dec 2024 12:48 PM

বাংলাদেশৰ অস্থিৰ পৰিস্থিতি আৰু দেশখনৰ সংখ্যালঘুক ওপৰত হোৱা নিৰ্যাতনৰ ঘটনাই ভাৰতত উদ্বেগ সৃষ্টিৰ কৰাৰ মাজতে সোমবাৰে বাংলাদেশ ভ্ৰমণ কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে । কাইলৈ দিনজোৰা কাৰ্যসূচীৰে ঢাকালৈ ৰাওনা হ’ব বৈদেশিক সচিব গৰাকী । এই ভ্ৰমণ কালত বিক্ৰম মিশ্ৰীয়ে বাংলাদেশী সমকক্ষ মোঃ জাছিম উদ্দিনৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে দেশখনৰ বৈদেশিক মন্ত্ৰী মহম্মদ তৌহিদ হোছেইনক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে, ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে প্ৰায় ১২ ঘণ্টীয়া ঢাকা ভ্ৰমণৰ সময়ত বাংলাদেশৰ অন্তৱৰ্তীকালীন নেতা তথা শান্তি নোবেল বিজয়ী মহম্মদ ইউনুছকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ভাৰতে হাছিনাক আশ্ৰয় প্ৰদান কৰাক লৈ বাংলাদেশে নিজৰ ফালৰ পৰা আপত্তি দৰ্শোৱা সম্ভাৱনা আছে। যোৱা আগষ্ট মাহত চৰকাৰ বিৰোধী ব্যাপক প্ৰতিবাদৰ সন্মুখীন হৈ হাছিনাই দেশ এৰি যাবলৈ বাধ্য হোৱাৰ পিছতে ভাৰত আৰু বাংলাদেশৰ ঘনিষ্ঠ সম্পৰ্কত কিছু মতানৈক্য সৃষ্টি হয় । উল্লেখ্য যে, হাছিনাই ভাৰতত আশ্ৰয় লোৱাৰ কিছুদিন পিছতে ইউনুছ বাংলাদেশৰ ক্ষমতালৈ আহিছিল।

ইফালে যোৱা এমাহত দেশখনত সংঘটিত সংখ্যালঘু হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা আৰু হিন্দু সন্ন্যাসী চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ ফলত দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক অৱনতি ঘটিছে । যোৱা কেইসপ্তাহমানৰ পৰা চুবুৰীয়া দেশখনত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ বিৰুদ্ধে হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ লগতে মন্দিৰত আক্ৰমণ সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পাছতে ভাৰতবৰ্ষত প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে ২৯ নৱেম্বৰত কয় যে, এই বিষয়ত ভাৰতৰ স্থিতি অতি স্পষ্ট,বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে সকলো সংখ্যালঘুক সুৰক্ষা দিয়াৰ দায়িত্ব পালন কৰিব লাগিব। তেওঁ লগতে কয় যে, ‘এইবোৰ ঘটনাক কেৱল সংবাদ মাধ্যমে অতিৰঞ্জিত কৰি প্ৰকাশ কৰা বুলি উলাই কৰিব নোৱাৰি। সংখ্যালঘুসকলৰ সুৰক্ষাৰ বাবে বাংলাদেশক পুনৰবাৰ আহ্বান জনাইছো।’

একে সময়তে দেশদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বাংলাদেশী সন্ন্যাসী চিন্ময় কৃষ্ণ দাসৰ সৈতে জড়িত গোচৰটো ন্যায়সংগত, ন্যায্য আৰু স্বচ্ছভাৱে তদন্ত কৰিব বুলিও আশা প্ৰকাশ কৰিছে ভাৰতে। বাংলাদেশত হিন্দুৰ ওপৰত চলি থকা নিৰ্যাতন আৰু দাসৰ গ্ৰেপ্তাৰক লৈ যোৱা কেইদিনমানৰ পৰা পশ্চিম বংগ, অসম, মেঘালয় আৰু ত্ৰিপুৰাত প্ৰতিবাদৰ জোৱাৰ উঠা দেখা গৈছে ।