৭৮ জন বাংলাদেশী মাছমৰীয়াক আটক ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ
ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সতৰ্কতা অৱম্বন কৰি ৭৮ জন বাংলাদেশী মাছমৰীয়াক আটক কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগতে দুখন মাছমৰীয়া জাহাজ জব্দ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ।
ডাঙৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে । ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সতৰ্কতা অৱম্বন কৰি ৭৮ জন বাংলাদেশী মাছমৰীয়াক আটক কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগতে দুখন মাছমৰীয়া জাহাজ জব্দ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে । সূত্ৰ খবৰ অনুসৰি, দুখন বাংলাদেশী মাছমৰীয়া জাহাজ অবৈধভাৱে ভাৰতৰ জলসীমাত প্ৰৱেশ কৰাৰ সময়তে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জব্দ কৰে । এই জাহাজ দুখন জব্দ কৰাৰ লগতে ৭৮ জন বাংলাদেশী মাছমৰীয়াক আটক কৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ।
সূত্ৰ খবৰ অনুসৰি, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এখন জাহাজে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সীমাৰেখাৰ ওচৰত নিয়মীয়াকৈ টহল দি আছিল। এই সময়তে ভাৰতীয় সামুদ্ৰিক অঞ্চলত সন্দেহজনক কাৰ্যকলাপৰ তথ্য লাভ কৰে । এই তথ্য লাভ কৰাৰ পাছতে তাৎক্ষণিকভাৱে অভিযান আৰম্ভ কৰে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ।
In a swift operation, @IndiaCoastGuard apprehended two #Bangladeshi fishing trawlers along with 78 crew for unauthorised fishing in #Indian waters. The vessels have been brought to #Paradip for legal proceedings. #MaritimeSecurity #WeProtect pic.twitter.com/DQDuEANNfZ
— Indian Coast Guard (@IndiaCoastGuard) December 10, 2024
এই অভিযানত অনুমতি অবিহনে ভাৰতীয় ভূখণ্ডত মাছ ধৰি থকা ‘এফ ভি লাইলা-২’ আৰু ‘এফ ভি মেঘনা-৫’ নামৰ বাংলাদেশৰ দুখন মাছ ধৰা জাহাজ প্ৰত্যক্ষ কৰে উপকূলৰক্ষী বাহিনীয়ে । ইয়াৰ লগে লগে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে জাহাজ দুখন জব্দ কৰি তদন্ত আৰম্ভ কৰে । এই তদন্ত স্পষ্ট হয় যে, দুয়োখন নাও বাংলাদেশৰ পঞ্জীয়নভুক্ত ।
সূত্ৰ খবৰ অনুসৰি, এখন জাহাজত ৪১ জন মাছমৰীয়া থকাৰ বিপৰীতে আনখনত ৩৭ জন বাংলাদেশী মাছমৰীয়া আছিল । অবৈধভাৱে ভাৰতৰ জলসীমাৰ ভিতৰত মাছ ধৰাৰ অপৰাধত মুঠ ৭৮জন বাংলাদেশী মাছমৰীয়াক আটক কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে(Indian Coast Guard) ।
সূত্ৰৰ প্ৰতিবেদন অনুসৰি, বিষয়াসকলে কয় যে এই পদক্ষেপ কেৱল ভাৰতীয় সামুদ্ৰিক সম্পত্তিৰ সুৰক্ষাৰ বাবেই নহয়, অবৈধ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ অংশ হিচাপে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিষয়াসকলে স্পষ্টভাৱে কয় যে, ভৱিষ্যতেও অবৈধ কাৰ্যকলাপ বন্ধ আৰু ৰোধৰ বাবে এনে পদক্ষেপ অব্যাহত থাকিব।