শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেতিয়া পৃথিৱীলৈ উভতিব মহাকাশচাৰী শুভাংশু শুক্লা? ISSত কি কি খেতি কৰিছে শুভাংশুৱে?

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ত এক ঐতিহাসিক অভিযানত নামিছে ভাৰতীয় বায়ুসেনা গোটৰ কেপ্তেইন শুভাংশু শুক্লা। তেওঁ ভাৰতৰ দ্বিতীয়জন মহাকাশচাৰী আৰু মহাকাশত খেতি কৰাকে ধৰি বহু বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰি আছে। তেওঁ মুগু আৰু মেথিৰ গুটি খেতি কৰিছে, যিবোৰ পৃথিৱীত অধ্যয়ন কৰা হ’ব। ১০ জুলাইৰ পিছত যিকোনো সময়তে তেওঁৰ উভতি অহা হ’ব পাৰে।

কেতিয়া পৃথিৱীলৈ উভতিব মহাকাশচাৰী শুভাংশু শুক্লা? ISSত কি কি খেতি কৰিছে শুভাংশুৱে?
শুভাংশ শুক্লা
Trishna Kalita
Trishna Kalita | Published: 10 Jul 2025 09:26 AM

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভৰি দি ইতিহাস ৰচনা কৰিছে ভাৰতীয় বায়ুসেনা গোটৰ কেপ্তেইন শুভাংশু শুক্লাই। তেওঁ কেৱল তাত উপস্থিত হোৱা প্ৰথম ভাৰতীয়ই নহয়, ভাৰতৰ দ্বিতীয় মহাকাশচাৰী হিচাপে পৰিগণিত হৈছে। যোৱা ১২ দিন ধৰি মহাকাশ কেন্দ্ৰত  আছে তেওঁ। য’ত তেওঁ বহু ধৰণৰ গৱেষণা কৰি আছে। ১২ দিন থকাৰ পাছত শুভাংশু শুক্লা আৰু তেওঁৰ সঙ্গীসকলে ১০ জুলাইৰ পিছত যিকোনো দিনাই পৃথিৱীলৈ উভতি আহিব পাৰে।তেওঁলোকৰ উভতি অহা যাত্ৰা নিৰ্ভৰ কৰিব ফ্ল’ৰিডাৰ উপকূলৰ বতৰৰ পৰিস্থিতিৰ ওপৰত।

১৪ দিনলৈ চলিব Axiom-4 মিছন। এই কাৰণেই এতিয়ালৈকে নাছাই মহাকাশ কেন্দ্ৰৰ পৰা এক্সিয়াম-৪ পৃথক কৰাৰ তাৰিখ ঘোষণা কৰা নাই। যদিহে ফ্ল’ৰিডাৰ বতৰ ভাল হৈ থাকে, তেন্তে নাছাই অতি সোনকালে মহাকাশ মিছনটো আনডক কৰাৰ তাৰিখ ঘোষণা কৰিব।

ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই বুধবাৰে এক্সিয়াম স্পেচৰ মুখ্য বিজ্ঞানী লুচি ল’ৰ সৈতে বাৰ্তালাপ কৰে। এই বাৰ্তালাপত শুভাংশুৱে কয়, ‘ইছৰোৱে সমগ্ৰ দেশৰ জাতীয় প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা কৰি কিছু ডাঙৰ গৱেষণা কৰিবলৈ সক্ষম হোৱাত মই অতি গৌৰৱান্বিত। সকলো বিজ্ঞানী আৰু গৱেষকৰ বাবে ষ্টেচনত এই কাম কৰি আছো। ই ৰোমাঞ্চকৰ আৰু আনন্দৰ বিষয়।’

মহাকাশত খেতিয়ক হৈ পৰিল শুভাংশু

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত নিজৰ অভিযানৰ শেষ সপ্তাহত উপনীত হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা। তেওঁ এক অধ্যয়নৰ অংশ হিচাপে মহাকাশত খেতি কৰাৰ চেষ্টা কৰিছে। মহাকাশ কেন্দ্ৰত মুগু আৰু মেথিৰ গুটি খেতি কৰিছে শুভাংশুৱে । পেট্ৰি ডিচত বীজবোৰ অংকুৰিত হৈ ষ্ট’ৰেজ ফ্ৰীজত ৰখাৰ ফটোও তুলিছে তেওঁ।

জিঅ’ম স্পেছে এক বিবৃতিত কয় যে এই বীজসমূহ পৃথিৱীলৈ ঘূৰি অহাৰ পিছত কেইবাটাও প্ৰজন্মৰ বাবে খেতি কৰা হ’ব, আৰু গৱেষকসকলে ইয়াৰ জেনেটিক্স, মাইক্ৰ’বায়’লজিকেল ইক’চিষ্টেম আৰু পুষ্টিৰ প্ৰফাইলৰ পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰিব। ভৱিষ্যতৰ চন্দ্ৰ বা মংগল অভিযানৰ বাবে বহনক্ষম কৃষিৰ দিশত এয়া এক ডাঙৰ পদক্ষেপ। এই সমগ্ৰ অভিযানত শুভাংশ শুক্লাই কেৱল মহাকাশচাৰী হিচাপেই নহয়, এজন বিজ্ঞানী আৰু এজন কৃষক হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। আৰম্ভণিৰে পৰা তেওঁ বহু ধৰণৰ পৰীক্ষা-নিৰীক্ষাত নিয়োজিত হৈ আহিছে।