অপাৰেচন সেন্দূৰত কেইগৰাকী পাক সেনাই হেৰুৱালে প্ৰাণ? ভাৰতীয় সেনাই দিলে এই তথ্য…
ভাৰতীয় সেনাই ‘অপাৰেচন সেন্দূৰ’ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। সেনাই জনোৱা মতে, অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তানী সেনাৰ ৬৪ জন জোৱান আৰু বিষয়া নিহত হৈছিল। এই অভিযানত ৯০ জনৰো অধিক পাকিস্তানী জোৱান আহত হয় বুলিও সেনাই দাবী কৰিছে।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতৰ প্ৰতিশোধমূলক অভিযান আৰু তাৰ পিছতে দুয়ো চুবুৰীয়া দেশ পাকিস্তান-ভাৰতৰ আক্ৰমণ-প্ৰত্যাক্ৰমণে চলিত মাহত জোকাৰি যায় আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি। অৱশেষত অৱশ্যে কিছুদিনৰ সশস্ত্ৰ সংঘৰ্ষৰ পিছত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ ঘোষণাই এক পূৰ্ণকালীন যুদ্ধৰ সম্ভাৱনা ৰোধ কৰে। ইয়াৰ পিছতো অৱশ্যে দুয়ো দেশৰ পৰা ক্ষয়-ক্ষতিৰ পৰিমাণ সন্দৰ্ভত নিজস্ব দাবী উত্থাপন হোৱা পৰিলক্ষিত হৈছে। এতিয়া ভাৰতীয় সেনাই প্ৰকাশ কৰিছে এই সন্দৰ্ভত বিশদ তথ্য।
পাকিস্তানী মূলৰ সন্ত্ৰাসবাদীয়ে পহলগামত চলোৱা নাৰকীয় হত্যালীলাৰ পিছত ভাৰতীয় সেনাই ৭ মে’ত চলাইছিল অপাৰেচন সেন্দূৰ অভিযান। এই অভিযানৰ জৰিয়তে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ভাৰতে। কিন্তু ইয়াৰ পিছত পাকিস্তানে ভাৰতত আক্ৰমণৰ চেষ্টা চলোৱাত ভাৰতেও প্ৰত্যাক্ৰমণ চলায় আৰু দুয়ো দেশৰ মাজৰ সংঘাতে ক্ৰমাৎ তীব্ৰ ৰূপ ধাৰণ কৰে।
এতিয়া ভাৰতীয় সেনাই ‘অপাৰেচন সেন্দূৰ’ সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে। সেনাই জনোৱা মতে, অপাৰেচন সেন্দূৰৰ সময়ত পাকিস্তানী সেনাৰ ৬৪ জন জোৱান আৰু বিষয়া নিহত হৈছিল। জম্মু-কাশ্মীৰত নিয়োজিত ভাৰতীয় সেনাৰ সৈন্যই চলোৱা প্রত্যাক্ৰমণত নিহত হয় এই পাকিস্তানী জোৱান আৰু বিষয়াসকল৷ এই অভিযানত ৯০ জনৰো অধিক পাকিস্তানী জোৱান আহত হয় বুলিও সেনাই দাবী কৰিছে।
ভাৰতীয় সেনাৰ লগতে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে সোমবাৰে সংসদীয় সমিতিক এই গুৰুত্বপূৰ্ণ তথ্য প্ৰদান কৰে। তেওঁ কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘাত পৰম্পৰাগত সীমাৰ ভিতৰতে ৰৈ গৈছে। পাকিস্তানৰ পৰা পাৰমাণৱিক ভাবুকিৰ কোনো ইংগিত পোৱা নাছিল বুলিও তেওঁ উল্লেখ কৰে। সামৰিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে দ্বিপাক্ষিক চুক্তি হৈছিল বুলি বিক্ৰম মিশ্ৰীয়ে লগতে কয়।
বৈদেশিক মন্ত্ৰালয়ে কয় যে পাকিস্তানে তেওঁলোকৰ মাটিত একাংশ লোকক হত্যা কৰাৰ বাবে ভাৰতক দোষাৰোপ কৰিছে। কিন্তু তেওঁলোকৰ হাতত ইয়াৰ কোনো প্ৰমাণ নাই বুলি মন্ত্ৰালয়ে উল্লেখ কৰে। ৰাষ্ট্ৰসংঘৰ দ্বাৰা ঘোষিত সন্ত্ৰাসবাদীয়ে পাকিস্তানত মুক্তভাৱে বিচৰণ কৰি ভাৰতৰ বিৰুদ্ধে হিংসাত্মক উচটনি দিয়ে বুলিও মন্ত্ৰালয়ে স্পষ্ট কৰি দিয়ে।
সূত্ৰ মতে, কমিটীৰ একাংশ সাংসদে সামৰিক সংঘৰ্ষৰ সময়ত পাকিস্তানে চীনত নিৰ্মিত সঁজুলি ব্যৱহাৰ কৰিছিল নেকি, সেই সন্দৰ্ভত বৈদেশিক সচিবক প্ৰশ্ন কৰে। ইয়াৰ উত্তৰত বিক্ৰম মিশ্ৰীয়ে ইয়াৰ ফলত কোনো প্ৰভাৱ নপৰিল বুলি মন্তব্য কৰে আৰু ভাৰতে পাকিস্তানৰ বিমান ঘাটি ধ্বংস কৰিলে বুলি সদৰী কৰে। তেওঁ লগতে যুদ্ধবিৰতিৰ কৃতিত্ব লৈ ট্ৰাম্পে কৰা বক্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
বৈদেশিক সচিবগৰাকীয়ে ড’নাল্ড ট্ৰাম্পে এই বিষয়ত তেওঁৰ পৰা অনুমতি লোৱা নাছিল বুলি মন্তব্য কৰাৰ লগতে কোনো দেশৰ জম্মু-কাশ্মীৰৰ বিষয়ত মন্তব্য কৰাৰ কোনো অধিকাৰ নাই বুলি স্পষ্ট কৰি দিয়ে। ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক আলোচনাৰ অন্তত যুদ্ধবিৰতিৰ সমগ্ৰ সিদ্ধান্ত লোৱা বুলিও তেওঁ স্বীকাৰ কৰে।