বেদখলত থকা বনাঞ্চলৰ ভূমি মুক্ত কৰাৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ
বেদখলত থকা কামৰূপ (মহানগৰ) জিলাৰ ৪,২৪০.৪০ হেক্টৰ বনাঞ্চলৰ ভূমি মুক্ত কৰাৰ বাবে ক্ষিপ্ৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে । এন জি টিয়ে ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ইয়াৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে ।

বেদখলত থকা কামৰূপ (মহানগৰ) জিলাৰ ৪,২৪০.৪০ হেক্টৰ বনাঞ্চলৰ ভূমি মুক্ত কৰাৰ বাবে ক্ষিপ্ৰ পদক্ষেপ ল’বলৈ মুখ্য সচিব, মুখ্য বন সংৰক্ষকক নিৰ্দেশ দিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে । এটা ছুঅ’ মট’ গোচৰৰ নিষ্পত্তি কৰি এই নিৰ্দেশ দিয়ে এন জি টিয়ে । এন জি টিয়ে ২০২৬ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ইয়াৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিছে ।
দ্য চেণ্টিনেলৰ এক প্ৰতিবেদন অনুসৰি, এই গোচৰৰ শুনানি গ্ৰহণ কৰে কলকাতাৰ এন জি টিৰ পূব মণ্ডলৰ ন্যায়িক সদস্য ন্যায়াধীশ বি অমিত স্থলেকাৰ আৰু বিশেষজ্ঞ সদস্য ড০ অৰুণ কুমাৰ ভাৰ্মাৰ বিচাৰপীঠে। উল্লেখ্য যে, “কামৰূপ (ম)ৰ বনাঞ্চলৰ বৃহৎ অংশ বেদখল: চৰকাৰ” শীৰ্ষক এটা বাতৰিৰ ভিত্তিত ছুঅ’ মট’ গোচৰ পঞ্জীয়ন কৰিছিল ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নতুন দিল্লী বিচাৰপীঠে । ইয়াৰ পিছত ২০২৪ চনৰ ১৯ নৱেম্বৰত ইয়াক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ, কলকাতাৰ ইষ্টাৰ্ণ জ’ন বেঞ্চলৈ হস্তান্তৰ কৰা হয় ।
মুখ্য বন সংৰক্ষকৰ ফালৰ পৰা ২০২৫ চনৰ ৬ মাৰ্চত তেওঁলোকৰ শপতনামা দাখিল কৰে, য’ত উল্লেখ কৰা হৈছে যে কামৰূপ (মহানগৰ) জিলাত ২৮,৩৮০.০৯ হেক্টৰ ভূমি সামৰি ১২খন সংৰক্ষিত বনাঞ্চল আছে, ইয়াৰে প্ৰায় ৪,২৪০.৪০ হেক্টৰ বেদখলৰ কৱলত আছে । ইয়াৰ উপৰিও কোৱা হৈছে যে, ২০২২-২৩ চনৰ ভিতৰত দহটা উচ্ছেদ অভিযান চলোৱা হৈছিল য’ত ১.৫১৬৩৭ হেক্টৰ বনভূমি বেদখল মুক্ত কৰা হৈছিল।
ইয়াৰ উপৰিও ২০২৩-২৪ চনৰ ভিতৰত ছটা উচ্ছেদ অভিযান চলোৱা হৈছিল য’ত ১.০২৪১ হেক্টৰ বনাঞ্চল ভূমি মুক্ত কৰা হৈছিল। ইয়াৰ উপৰিও কোৱা হৈছে যে ২০২৪-২৫ চনত পুনৰ পাঁচটা উচ্ছেদ অভিযান চলোৱা হৈছিল য’ত প্ৰায় ১.০১৬ হেক্টৰ বনাঞ্চল ভূমি মুক্ত কৰা হৈছিল।
শপতনামাত আৰু স্বীকাৰ কৰা হৈছে যে, বনাঞ্চলৰ ভূমি বেদখলৰ ভাবুকি সাধাৰণতে আছে, কিন্তু বন বিভাগে সজাগ হৈ আছে আৰু বনাঞ্চলৰ ভূমি অবৈধভাৱে দখল বা বেদখল কৰাত বাধা দিবলৈ নিয়মীয়াকৈ উচ্ছেদ অভিযান চলাই আছে।