TV9 ASSAM
আই পি এল ২০২৫ত শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখি প্লে’ অফত প্ৰৱেশ কৰিছে পঞ্জাৱ কিংছে। কালি দলটোৱে এক লীগ মেচত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক।
দলৰ এই প্ৰদৰ্শনত সন্তুষ্ট স্বত্বাধিকাৰী প্ৰীতি জিণ্টা। প্ৰতিখন মেচতে দলৰ খেলুৱৈসকলৰ সৈতে প্ৰীতি জিণ্টাক সংগ দিয়া দেখা যায়।
পঞ্জাৱৰ এই সফলতাৰ ক্ষেত্ৰত স্বত্বাধিকাৰী প্ৰীতিৰ এটা ভুল আশীৰ্বাদ হৈ পৰিছে। পিছে কি এই ভুল চাওঁ আহক।
আই পি এল ২০২৪ৰ বাবে খেলুৱৈৰ নিলামত প্ৰীতিয়ে ভুলৱশতঃ শশাংক সিং নামৰ ১৯ বছৰীয়া খেলুৱৈ এজনৰ সলনি ৩২ বছৰীয়া খেলুৱৈ শশাংক সিঙক ক্ৰয় কৰিছিল।
নিলামত ক্ৰয়ৰ পিছতে নিজৰ ভুল স্বীকাৰ কৰিছিল প্ৰীতিয়ে। কিন্তু ইয়াৰ পিছতো শশাংকই দলৰ হৈ উক্ত ছিজনত চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰে।
IPL 2024ত শশাংকই ৪৪.২৫ গড়ে আৰু ১৬৪.৬৫ ষ্ট্ৰাইক ৰেটেৰে ৩৫৪ ৰান সংগ্ৰহ কৰে। এনে প্ৰদৰ্শনৰ সুবাদত পঞ্জাৱে তেওঁক এই ছিজনৰ বাবে ৰিটেইন কৰে।
চলিত ছিজনতো তেওঁ ৬৮.২৫ গড়ে আৰু ১৫১.৬৭ ষ্ট্ৰাইক ৰেটেৰে ২৭৩ ৰান সংগ্ৰহ কৰিছে। কালিৰ মেচতো তেওঁ ৫৯ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে।
কালিৰ মেচখনত পঞ্জাৱৰ অধিনায়ক হিচাপে দেখা যায় শশাংক সিঙক। আঘাতৰ বাবে আয়াৰ খেলপথাৰৰ বাহিৰত থকাত শশাংকই এই দায়িত্ব পালন কৰে।
পঢ়িবলৈ ক্লিক কৰক
IPLত আন এক কৃতিত্বৰ দিশে কোহলী