শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

সাতভনীক বিচ্ছিন্ন কৰাৰ হুংকাৰক সহজভাৱে ল’ব খোজা নাই ভাৰতীয় সেনাই, কি পদক্ষেপ লৈছে জানি লওক

সূত্ৰ অনুসৰি সীমান্তৰ প্ৰতিটো চুক-কোণত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে এই বৈঠকত। কেৱল বিএছএফক চোৰাংচোৱাৰ দায়িত্ব দিয়াই নহয়, ভাৰত-বাংলাদেশ সীমান্তত সেনা আৰু বিশেষ বাহিনীকো অহৰহ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

সাতভনীক বিচ্ছিন্ন কৰাৰ হুংকাৰক সহজভাৱে ল’ব খোজা নাই ভাৰতীয় সেনাই, কি পদক্ষেপ লৈছে জানি লওক
ভাৰতীয় সেনাImage Credit source: Facebook Indian Army Eastern Command
raj-saikia
Raj Saikia | Published: 20 Dec 2025 13:26 PM

বিক্ষোভৰ জুইত জ্বলি আছে বাংলাদেশ। উত্তৰ-পূব ভাৰতক বাৰে বাৰে ভাবুকি দিছে বাংলাদেশৰ ছাত্ৰ নেতাই। এনে পৰিস্থিতিত বি এছ এফ, ভাৰতীয় সেনা আৰু আছাম ৰাইফলছৰ বিষয়াৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল ৰামচন্দৰ তিৱাৰী। ভাৰত-বাংলাদেশ সীমান্তৰ সমীপৰ আছাম ৰাইফলছৰ অপাৰেটিং বেছত তেওঁ অনুষ্ঠিত কৰে এই বৈঠক। বিএছএফ, ভাৰতীয় সেনা আৰু আছাম ৰাইফলছৰ বিষয়াৰ উপৰিও বিশেষ বাহিনীৰ সেনাৰ বিষয়াও এই বৈঠকত উপস্থিত থাকে।

সূত্ৰ অনুসৰি সীমান্তৰ প্ৰতিটো চুক-কোণত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে এই বৈঠকত। কেৱল বিএছএফক চোৰাংচোৱাৰ দায়িত্ব দিয়াই নহয়, ভাৰত-বাংলাদেশ সীমান্তত সেনা আৰু বিশেষ বাহিনীকো অহৰহ সতৰ্কতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তদুপৰি ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ কাৰ্যকলাপ বৃদ্ধিৰো নিৰ্দেশ দিয়ে সেনা বিষয়াগৰাকীয়ে।

যিহেতু মৌলবাদী সংগঠনসমূহে উত্তৰ-পূব ভাৰতক লক্ষ্য কৰি লোৱাৰ কথা বাৰে বাৰে কৈছে, এনে পৰিস্থিতিত নগালেণ্ড-মণিপুৰ-মিজোৰামৰ এই তিনিওটা প্ৰান্তত যাতে কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নহয় তাৰ বাবে বৈঠকত কঠোৰ চোৰাংচোৱাগিৰিৰ নিৰ্দেশ দিয়া হয়। যাতে কোনো কাৰণতে মৌলবাদীয়ে ভাৰতত প্ৰৱেশৰ সুবিধা গ্ৰহণ কৰিব নোৱাৰে।

ইফালে ভাৰত-বাংলাদেশ সীমান্তৰ মুঠ ৪০৯৬ কিলোমিটাৰ। সীমান্তৰ প্ৰতিটো অংশ স্পৰ্শকাতৰ বুলি বিবেচনা কৰি চোৰাংচোৱাগিৰি কৰাৰ নিৰ্দেশ আহিছে। মূলতঃ ভাৰত-বাংলাদেশ সীমান্ত চোৱাচিতাৰ দায়িত্ব বিএছএফৰ। কিন্তু বাংলাদেশৰ ভিতৰত আই এছ আই আৰু কেইবাটাও ভাৰত বিৰোধী বাহিনীৰ যিদৰে উত্থান ঘটিছে, এইবাৰ ভাৰতীয় সেনাই সেই স্থানত প্ৰৱেশ কৰিবলগীয়া হৈছে বুলি জ্ঞাত সূত্ৰই প্ৰকাশ কৰে।