ৰাজস্থানৰ বাড়মেৰত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ মিগ-২৯ যুদ্ধ বিমান, কথমপি প্ৰাণৰক্ষা পাইলটৰ
ৰাজস্থানৰ বাড়মেৰত সোমবাৰে নিশা সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান মিগ-২৯ কাৱাছৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয়। যুঁজাৰু বিমান দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে নাগাণা থানাৰ আৰক্ষী সেই স্থানত উপস্থিত হয়। বায়ুসেনাই এক বিবৃতি জাৰি কৰি কয় যে, দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনা বিমানখনৰ পাইলট সুৰক্ষিত অৱস্থাত আছে।
ৰাজস্থানৰ বাড়মেৰত সোমবাৰে নিশা সংঘটিত হয় এক বৃহৎ দুৰ্ঘটনা। ভাৰতীয় বায়ুসেনাৰ যুদ্ধ বিমান মিগ-২৯ কাৱাছৰ সমীপত যান্ত্ৰিক বিজুতিৰ ফলত দুৰ্ঘটনাগ্ৰস্ত হয়। যুঁজাৰু বিমান দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে নাগাণা আৰক্ষী থানাই সেই স্থানত উপস্থিত হৈ সহায়ৰ কাম আৰম্ভ কৰে। যিহেতু যুঁজাৰু বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়, সেয়েহে আৰক্ষীয়ে থিতাতে অগ্নিনিৰ্বাপক বাহিনীক মাতে। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে যুঁজাৰু বিমানখনৰ জুই নিৰ্বাপন কৰে। বায়ুসেনাই এক বিবৃতি জাৰি কৰি কয় যে এই দুৰ্ঘটনাত বিমানখনৰ পাইলটৰ কথমপি প্ৰাণৰক্ষা পৰিছে।
ভাৰতীয় বায়ুসেনাই ‘এক্স’ত টুইট কৰি কয় যে, বাড়মেৰ ছেক্টৰত ৰুটিন নাইট ট্ৰেইনিং মিছনৰ সময়ত বায়ুসেনাৰ মিগ-২৯ যুঁজাৰু বিমানত গুৰুতৰ কাৰিকৰী বিজুতি সংঘটিত হৈছিল, যাৰ বাবে পাইলট জন বাহিৰলৈ ওলাই আহিবলগীয়া হৈছিল বিমানৰ পৰা। পাইলট জন সুৰক্ষিত অৱস্থাত আছে আৰু এই ঘটনাত কোনো লোকৰ মৃত্যুৰ খবৰ অহা নাই। তদন্ত নিৰ্দেশ দিয়া হৈছে।
During a routine night training mission in Barmer sector, an IAF MiG-29 encountered a critical technical snag, forcing the pilot to eject. The pilot is safe and no loss of life or property was reported. A Court of Inquiry has been ordered.
— Indian Air Force (@IAF_MCC) September 2, 2024
সেই স্থানত উপস্থিত গাঁৱৰ ৰাইজ
যিহেতু মিগ-২৯ যুঁজাৰু বিমানখন পথাৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল, সেয়েহে সেই স্থানতে গাঁৱবাসী গোট খাইছিল। গাঁৱৰ ৰাইজৰ ভিৰ দেখি আৰক্ষীয়ে যুদ্ধ বিমানখনক চাৰিওফালৰ পৰা ঘেৰাও কৰি ৰাখিলে আৰু সেই স্থানলৈ ৰাইজক যোৱাত বাধা প্ৰদান কৰিলে। এই স্থানলৈ ৰাওনা হয় জিলা উপায়ুক্ত নিশান্ত জৈন আৰু আৰক্ষী অধীক্ষক নৰেন্দ্ৰ সিং মীনা। যুদ্ধ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলিও তেওঁ নিশ্চিত কৰে।
মিগ-২৯ তীব্ৰ শব্দৰ সৈতে বাগৰি পৰিল, তাৰ পিছত লাগিল জুই
এই দুৰ্ঘটনা সংঘটিত হৈছে নাগাণা থানা এলেকাৰ বান্দ্ৰা পঞ্চায়তৰ আলনিঅ’ কি ঢানীৰ সমীপত। সোমবাৰে নিশা মিগ-২৯ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিল। ইয়াৰ পিছতে বিমানখনত জুই লাগিল আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি। তীব্ৰ শব্দৰে বিমানখন পৰি জুই লাগি থকা দেখি সেই স্থানত এক বৃহৎ জনসমাগম হয়। স্থানীয় ৰাইজেহে প্ৰথমে নগানা থানাক খবৰ দিছিল। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী আৰু বায়ুসেনাৰ বিষয়াসকলে সেই স্থানলৈ ৰাওনা হয়।
দুৰ্ঘটনাটোৰ বিষয়ে তথ্য দি স্থানীয় পঞ্চায়ত সমিতিৰ সদস্য হেমন্ত ৰাজপুৰোহিতে কয় যে ভাৰতীয় বায়ুসেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। সোমবাৰে নিশা যেতিয়া বিমানখন বান্দ্ৰা গাঁৱৰ নিকটৱৰ্তী অঞ্চলত হঠাৎ বাগৰি পৰে, তেতিয়া এক প্ৰচণ্ড শব্দ শুনা গ’ল যেতিয়া আমি সেই স্থানত উপস্থিত হওঁ, তেতিয়ালৈ বিমানখনত জুই জ্বলি উঠিল।