শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভাৰতৰ প্ৰতিৰক্ষা শক্তিত নতুন ইন্ধন এফ-৩৫: আছে এনে অনন্য ক্ষমতা, চিন্তিত ভাৰতৰ শত্ৰু…

শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পিছতে কৰা হ’ল এক বৃ্হৎ ঘোষণা। দুই ৰাষ্ট্ৰনেতাৰ সাক্ষাতৰ পিছতে আমেৰিকাই ভাৰতক শক্তিশালী যুঁজাৰু বিমান এফ-৩৫ প্ৰদান কৰিবলৈ সাজু হৈছে। ইফালে এই খবৰ প্ৰকাশৰ পিছতে এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ।

ভাৰতৰ প্ৰতিৰক্ষা শক্তিত নতুন ইন্ধন এফ-৩৫: আছে এনে অনন্য ক্ষমতা, চিন্তিত ভাৰতৰ শত্ৰু…
ভাৰতৰ প্ৰতিৰক্ষা শক্তিত নতুন ইন্ধন
Monjit Dutta
Monjit Dutta | Published: 17 Feb 2025 14:32 PM

বিগত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত নিৰ্বাচনত জয়েৰে দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছে ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পৰ দায়িত্ব গ্ৰহণৰ পিছত শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হোৱাইট হাউছত মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ পিছতে কৰা হ’ল এক বৃ্হৎ ঘোষণা। দুই ৰাষ্ট্ৰনেতাৰ সাক্ষাতৰ পিছতে আমেৰিকাই ভাৰতক শক্তিশালী যুঁজাৰু বিমান এফ-৩৫ প্ৰদান কৰিবলৈ সাজু হৈছে। ইফালে এই খবৰ প্ৰকাশৰ পিছতে এতিয়া বিশ্বজুৰি সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ।

বিশেষকৈ ভাৰতৰ দুই চুবুৰীয়া ৰাষ্ট্ৰ চীন আৰু পাকিস্তানে এই খবৰক লৈ উদ্বিগ্ন হৈ পৰিছে। পিছে এই এফ-৩৫ যুঁজাৰু বিমানক কেন্দ্ৰ কৰি এই চৰ্চা কিয়? এই বিশেষ যুঁজাৰু বিমানখনৰ এনে কি ক্ষমতা আছে যে এতিয়া শত্ৰু ৰাষ্ট্ৰও উদ্বিগ্ন হ’বলগা হৈছে। বিশেষজ্ঞসকলৰ মতে, এই যুদ্ধ বিমানখন ভৱিষ্যতে ভাৰতৰ বাবে এক অনন্য শক্তি হৈ উঠিব পাৰে।

আমেৰিকাৰ F-35 Lightning II যুদ্ধ বিমানখনেই হৈছে আটাইতকৈ বেছি ব্যৱহৃত পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান। এই বিমানখনত উন্নত ষ্টীল্থ প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে। এফ-৩৫ যুঁজাৰু বিমানখনৰ নিৰ্মাতা হৈছে লকহিড মাৰ্টিন। লঘু আৰু মধ্যম দূৰত্বৰ ক্ষেপণাস্ত্ৰৰে সজ্জিত এই যুদ্ধ বিমানখনৰ এনে ক্ষমতা আছে যে শত্ৰুৰ ৰাডাৰেও ধৰা পেলাব নোৱাৰে।

এই বিমানখনে পিছফালৰ পৰা চকুৰ পলকতে শত্ৰুৰ ঘাটি ধ্বংস কৰিব পাৰে। শত্ৰুৰ আটাইতকৈ নিৰাপদ অঞ্চলতো প্ৰৱেশ কৰাটো এফ-৩৫ৰ বাবে তেনেই সহজ। এই বিশ্বৰ আটাইতকৈ শক্তিশালী যুঁজাৰু বিমানখনৰ তিনিটা অংশ আছে। এই তালিকাত প্ৰথম শ্ৰেণীৰ বিমান এফ-৩৫এ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ক্ষমতা অৱশ্যে সাধাৰণ যুঁজাৰু বিমানৰ দৰেই।

আনহাতে দ্বিতীয় শ্ৰেণীৰ এফ-৩৫ বি বিমানখনৰ উৰণৰ সময়ত হঠাতে দিশ সলনি কৰি পোনে পোনে অৱতৰণ কৰাৰ অভিনৱ কৌশল ক্ষমতা আছে। এই বিমানখনে চকুৰ পলকতে চৰাইৰ দৰে ই কেইছেকেণ্ডমানৰ ভিতৰতে উৰি যাব পাৰে। একেদৰে তৃতীয় শ্ৰেণীৰ এফ-৩৫ চি বিমানখনৰ বিমানবাহী জাহাজৰ পৰা উৰণৰ ক্ষমতা আছে।

শেহতীয়াকৈ চীনে পঞ্চম প্ৰজন্মৰ দুখন যুদ্ধ বিমান নিৰ্মাণ কৰিছে। বৰ্তমান বিশ্বৰ মাত্ৰ তিনিখন দেশতহে এই শক্তিধৰ যুঁজাৰু বিমান আছে। আমেৰিকা, চীন, আৰু ৰাছিয়াৰ হাতত আছে এই যঁজাৰু শক্তি। এতিয়া ভাৰতৰ নামো এই তালিকাত সংযোজিত হোৱাৰ দিশে।