অত্যধিক এন্টিবায়টিকৰ ব্যৱহাৰে আনিছে বিপদ! কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ উদ্বেগ প্ৰকাশ…
দ্য লেন্সেটত প্ৰকাশিত এক অধ্যয়নত সকীয়াই দিয়া হৈছে যে ভাৰতত এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স (এএমআৰ)ৰ বিৰুদ্ধে যুঁজখন “জটিল সন্ধিক্ষণ”ত আছে। চিকিৎসকসকলে কয় যে এন্টিবায়টিকৰ সহজলভ্য, ফাৰ্মাচিত প্ৰেছক্ৰিপচন অবিহনে ঔষধৰ অবাধ বিক্ৰী আৰু দুগ্ধজাত সামগ্ৰী তথা, হাঁহ-কুকুৰা পালন, কৃষিক্ষেত্ৰত এন্টিবায়টিকৰ অবাধ ব্যৱহাৰে এই সংকট আৰু অধিক ভয়াৱহ কৰি তুলিছে।
ভাৰতত বৃদ্ধি পাইছে এন্টিবায়টিকৰ ব্যৱহাৰ। যিটো এক চিন্তনীয় বিষয়। এই বৃদ্ধিৰ ধাৰাক লৈ উদ্বেগ প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীয়ে। হায়দৰাবাদৰ এ আই জি হাস্পতালে কৰা এক বিশ্বব্যাপী অধ্যয়নত প্ৰকাশ পাইছে যে ভাৰত এক “ছুপাৰবাগ বিস্ফোৰণ”ৰ সন্মুখীন হৈছে। ইতিমধ্যে ঔষধ প্ৰতিৰোধী বেক্টেৰিয়া কঢ়িয়াই লৈ ফুৰিছে চিকিৎসালয়লৈ যোৱা ৮৩% ৰোগীয়ে।
ইয়াৰ মাজতে এন্টিমাইক্ৰ’বিয়াল সজাগতা সপ্তাহ (Antimicrobial Awareness Week) ৰ সময়ত দ্য লেন্সেটত প্ৰকাশিত এই অধ্যয়নত সকীয়াই দিয়া হৈছে যে ভাৰতত এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স (Antimicrobial Resistance, AMR)ৰ বিৰুদ্ধে যুঁজখনে “জটিল সন্ধিক্ষণ”ত উপনীত হৈছে। চিকিৎসকসকলে কয় যে এন্টিবায়টিকৰ সহজলভ্য, ফাৰ্মাচিত প্ৰেছক্ৰিপচন অবিহনে ঔষধৰ অবাধ বিক্ৰী আৰু দুগ্ধজাত সামগ্ৰী তথা, হাঁহ-কুকুৰা পালন, কৃষিক্ষেত্ৰত এন্টিবায়টিকৰ অবাধ ব্যৱহাৰে এই সংকট আৰু অধিক ভয়াৱহ কৰি তুলিছে।
ভাৰতীয় ৰোগী অধিক দুৰ্বল: অধ্যয়ন
এ এম আৰ তেতিয়া তৈয়াৰ হয় যেতিয়া বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ বা পৰজীৱীয়ে সিহঁতক হত্যা কৰিবলৈ নিৰ্ধাৰিত ঔষধৰ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে। যাৰ ফলত সংক্ৰমণৰ চিকিৎসা কঠিন আৰু কেতিয়াবা অসম্ভৱ হৈ পৰে। বিশ্বব্যাপী অধ্যয়নত দেখা গৈছে যে ভাৰতীয় ৰোগীসকল অধিক দুৰ্বল। বিশেষকৈ হাওঁফাওঁৰ দীৰ্ঘদিনীয়া ৰোগ, হৃদযন্ত্ৰৰ বিকলতা, আৰু সঘনাই এন্টিবায়টিক ব্যৱহাৰ কৰা ৰোগীসকল।
বিশ্বব্যাপী অধ্যয়নৰ সময়ত চিকিৎসকে ভাৰত, ইটালী, আমেৰিকা, নেদাৰলেণ্ডৰ চিকিৎসালয়ত ১২০০ ৰোগীক পৰীক্ষা কৰিছিল। ইয়াৰে ভাৰতীয় ৰোগীৰ মাজত প্ৰতিৰোধী বেক্টেৰিয়াৰ প্ৰাদুৰ্ভাৱ ব্যতিক্ৰমীভাৱে বেছি আছিল (৮৩%)। চিকিৎসকে কয় যে চিনাক্ত কৰা বেছিভাগ বেক্টেৰিয়াই শেষ উপায় হিচাপে লোৱা এন্টিবায়টিকৰ প্ৰতি সঁহাৰি নিদিয়ে। ইয়াৰ তুলনাত ইটালীত ৩১.৫%, আমেৰিকাত ২০% আৰু নেদাৰলেণ্ডত মাত্ৰ ১০.৮% ৰোগীৰ এই বেক্টেৰিয়া পোৱা গৈছিল।
এ এম আৰ এটা ডাঙৰ স্বাস্থ্য চিন্তা: জে পি নাড্ডা
দেশত এন্টিবায়টিকৰ ব্যৱহাৰ বৃদ্ধি পোৱাত কেন্দ্ৰীয় চৰকাৰো উদ্বিগ্ন হৈ পৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই মঙলবাৰে কয় যে, দেশত এন্টিবায়টিকৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰ দুৰ্ভাগ্যজনকভাৱে সাধাৰণ হৈ পৰিছে। যাৰ ফলত এন্টিমাইক্ৰ’বিয়াল প্ৰতিৰোধ ক্ষমতা বা এ এম আৰ স্বাস্থ্যৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয়। তেওঁ সংশোধনী ব্যৱস্থাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দিল্লীত এন্টিমাইক্ৰ’বিয়াল ৰেজিষ্টেন্স (২০২৫-২৯)ৰ ৰাষ্ট্ৰীয় একচন প্লেন (এনএপি)ৰ দ্বিতীয় সংস্কৰণ উন্মোচন কৰি নাড্ডাই কয় যে, এই বিষয়টো সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে সমাধান কৰিব পৰা যাব। তেওঁ কয়, “এন্টিমাইক্ৰ’বিয়াল প্ৰতিৰোধ ক্ষমতা জনস্বাস্থ্যৰ এক ডাঙৰ চিন্তা যিটো সামূহিক কাৰ্যৰ জৰিয়তেহে সমাধান কৰিব পৰা যাব।”
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে যে ২০১০ চনত প্ৰাৰম্ভিক আলোচনাৰ জৰিয়তে এই পদক্ষেপ আৰম্ভ হৈছিল, তাৰ পিছত ২০১৭ চনত প্ৰথমটো এন এ পি-এ এম আৰ মুকলি কৰা হৈছিল। তেওঁ উল্লেখ কৰে যে, এন্টিবায়টিকৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰ দুৰ্ভাগ্যজনকভাৱে দেশত সাধাৰণ হৈ পৰিছে আৰু ইয়াৰ সমাধান কৰিব লাগিব। তেওঁ ব্যাখ্যা কৰে যে এই সন্দৰ্ভত বিভিন্ন মন্ত্ৰালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।
বিশ্বজুৰি এই পদক্ষেপৰ নেতৃত্ব দিয়া দেশসমূহৰ ভিতৰত ভাৰত অন্যতম বুলি উল্লেখ কৰি তেওঁ কয় যে, এ এম আৰ বহু দেশ বিশেষকৈ এছিয়া আৰু আফ্ৰিকাৰ উন্নয়নশীল দেশসমূহক মহামাৰীৰ দৰে প্ৰভাৱিত কৰিছে।