হায়দৰাবাদ হাউচত মোদী-পুটিনৰ বৈঠক, ভাৰত আৰু ৰাছিয়াই যৌথভাৱে প্ৰস্তুত কৰিব ভেকচিন আৰু কেন্সাৰৰ ঔষধ
হায়দৰাবাদ হাউছত পুটিনে প্ৰধানমন্ত্ৰী মোদীক সৈতে সাক্ষাৎ কৰে, য’ত দুয়োগৰাকী নেতাই যৌথ সংবাদমেল অনুষ্ঠিত কৰে। ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
দুদিনীয়া ভাৰত ভ্ৰমণত আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত তেওঁক আদৰণি জনোৱা হয়। আজি হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন। ভাৰত-ৰাছিয়াৰ সম্পৰ্ক আলোচনা কৰে দুয়োগৰাকী শীৰ্ষ নেতাই। ভাৰতৰ সৈতে স্বাস্থ্য, শিক্ষা, খাদ্য সুৰক্ষা., শ্বিপিং, পৰিবহন, ডাক সেৱা আদি বিভিন্ন বিষয়ত বুজাবুজি চুক্তি কৰে নেতা দুগৰাকীয়ে। ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে,ভাৰত আৰু ৰাছিয়াই যৌথভাৱে প্ৰস্তুত কৰিব ভেকচিন আৰু কেন্সাৰ ঔষধ।
ভাৰত আৰু ৰাছিয়াই যৌথভাৱে প্ৰস্তুত কৰিব ভেকচিন আৰু কেন্সাৰ ঔষধ: প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি ভাৰতে সমগ্ৰ বিশ্বতে সুলভ মূল্যত উন্নতমানৰ ঔষধ যোগান ধৰে। সেইবাবেই ভাৰতক বিশ্বৰ ফাৰ্মাচী বুলিও কোৱা হয়। আমি যৌথভাৱে ভেকচিন প্ৰস্তুত, কেন্সাৰ থেৰাপী, ৰেডিঅ’ফাৰ্মাচিউটিকেল, আৰু এপিআই যোগান শৃংখলৰ ক্ষেত্ৰত একেলগে কাম কৰিব পাৰো। ইয়াৰ দ্বাৰা স্বাস্থ্যসেৱাৰ সুৰক্ষা বৃদ্ধি পাব আৰু নতুন উদ্যোগ গঢ়ি তুলিব।”
ৰাছিয়া আৰু ভাৰত দীৰ্ঘদিনীয়া বাণিজ্যিক অংশীদাৰ
ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয়, “ৰাছিয়া আৰু ভাৰত দীৰ্ঘদিনীয়া বাণিজ্যিক অংশীদাৰ। বাণিজ্যৰ পৰিমাণ অহৰহ বৃদ্ধি পাইছে। যোৱা তিনি বছৰত আমি ৮০% অভিলেখ বৃদ্ধি পোৱা দেখিছো। যোৱা বছৰ ৰাছিয়া-ভাৰতৰ বাণিজ্যৰ পৰিমাণ ৬৪ বিলিয়ন ডলাৰত উপনীত হৈছে। ৰাছিয়া আৰু ভাৰতৰ গ্ৰাহকৰ বজাৰ বৃহৎ।” মই আকৌ এবাৰ জোৰ দি ক’ব বিচাৰিছো যে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত ভাৰতে সম্পূৰ্ণ সাৰ্বভৌম নীতি গ্ৰহণ কৰি অৰ্থনৈতিক খণ্ডত অতি উত্তম ফলাফল লাভ কৰিছে।
দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্য ১০০ বিলিয়ন মাৰ্কিন ডলাৰ
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আস্থা প্ৰকাশ কৰে যে, ভাৰত আৰু ৰাছিয়াৰ মাজত ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ দ্বিপাক্ষিক বাণিজ্যৰ লক্ষ্য ২০৩০ চনৰ পূৰ্বে পূৰণ হ’ব। ভাৰত-ৰাছিয়া ব্যৱসায়িক মঞ্চত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ভাষণ দি মোদীয়ে ৰাছিয়াৰ ব্যৱসায়ীসকলক ‘আহা আৰু মেক ইন ইণ্ডিয়া…আৰু ভাৰতৰ সৈতে অংশীদাৰিত্ব’ কৰিবলৈ আমন্ত্ৰণ জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে, “যোৱা বছৰ ৰাষ্ট্ৰপতি পুটিন আৰু তেওঁ ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যত ১০০ বিলিয়ন মাৰ্কিন ডলাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু ৰাষ্ট্ৰপতি পুটিনৰ সৈতে অধিক আলোচনাৰ অন্তত আৰু আমাৰ অংশীদাৰিত্বৰ প্ৰচণ্ড সম্ভাৱনা বিবেচনা কৰি মই নিশ্চিত যে, আমি এই লক্ষ্য নিৰ্ধাৰিত সময়ৰ বহু আগতেই লাভ কৰিম। আমি এই লক্ষ্যৰ দিশত দ্ৰুত অগ্ৰগতি অৰ্জন কৰিছো।”
সম্পৰ্কৰ সৰ্বোচ্চ শক্তি হৈছে আস্থা
তেওঁ আৰু কয় যে, ভাৰত আৰু ইউৰেছিয়ান ইকনমিক ইউনিয়নৰ মাজত এফটিএৰ ওপৰত আলোচনা আৰম্ভ হৈছে। ব্যৱসায় হওক বা কূটনীতি, যিকোনো অংশীদাৰিত্বৰ ভেঁটি হ’ল পাৰস্পৰিক বিশ্বাস বুলি তেওঁ উল্লেখ কৰে। তেওঁ “ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ সৰ্বোচ্চ শক্তি হৈছে এই আস্থা। এই আস্থাই আমাৰ যৌথ প্ৰচেষ্টাক দিশ প্ৰদান কৰে আৰু লগতে গতি প্ৰদান কৰে।”