শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিশ্বত যুদ্ধৰ দাবানল! সামৰিক ক্ষেত্ৰত চতুৰ্থ স্থানত ভাৰত, স্থান অৱনমিত হৈছে পাকিস্তানৰ…

কোন দিশে গতি কৰিছে পৃথিৱীখন? এইদৰে যুদ্ধৰ মাজেৰেই আগবাঢ়িব লাগিব নেকি আমি? গ্ল’বেল ফায়াৰপাৱাৰে যি কৈছে সেয়া যথেষ্ট চিন্তনীয়। তেওঁলোকৰ শেহতীয়া ৰেংকিঙত সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ চতুৰ্থ স্থানত আছে।

বিশ্বত যুদ্ধৰ দাবানল! সামৰিক ক্ষেত্ৰত চতুৰ্থ স্থানত ভাৰত, স্থান অৱনমিত হৈছে পাকিস্তানৰ…
ভাৰতীয় সেনা
Trishna Kalita
Trishna Kalita | Published: 08 Jul 2025 13:21 PM

পাকিস্তানে হাতে-ভৰিয়ে ধৰাৰ পাছত যুদ্ধ বিৰতিত সহমত হৈছিল ভাৰত। ইয়াৰ পিছতে অন্ত পৰিছিল পাৰমাণৱিক আক্ৰমণৰ ভয়বহতা। কিন্তু চুবুৰীয়া দেশ চীনে কেতিয়া কি কৰে এই কথা হয়তো কোনেও নাজানে। ইফালে ম্যানমাৰত বৰ্তমানেও চলি আছে এক ৰক্তাক্ত সংঘাত।

পশ্চিম এছিয়াৰ বিষয়ে নতুনকৈ ক’ব লগা নাই। এতিয়া চীন সাগৰৰ পানীও উতলিছে। তেন্তে কোন দিশে গতি কৰিছে পৃথিৱীখন? এইদৰে যুদ্ধৰ মাজেৰেই আগবাঢ়িব লাগিব নেকি আমি? গ্ল’বেল ফায়াৰপাৱাৰে যি কৈছে সেয়া যথেষ্ট চিন্তনীয়। তেওঁলোকৰ শেহতীয়া ৰেংকিঙত সামৰিক শক্তিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ চতুৰ্থ স্থানত আছে।

এই তালিকাত আমেৰিকা প্ৰথম, ৰাছিয়া দ্বিতীয় আৰু চীন তৃতীয় স্থানত আছে। বিগত সময়ত নৱম স্থানত আছিল যদিও এইবাৰ শীৰ্ষ ১০ ৰ পৰা বাহিৰ হৈছে পাকিস্তান। পাকিস্তানৰ স্থান এতিয়া ১২। এই সংস্থাটোৱে কেৱল সামৰিক শক্তিৰ স্থান নিৰ্ধাৰণ কৰাই নহয়, ভৱিষ্যতে বিশ্ব কোন পৰ্যায়লৈ যাব পাৰে তাৰো ধাৰণা দিছে। আৰু এয়া এক অশুভ সংকেত।

গ্ল’বেল ফায়াৰপাৱাৰৰ সমীক্ষা অনুসৰি এই দশকটো যুদ্ধৰ দশক হিচাপে ইতিহাসত লিপিবদ্ধ হ’ব। বৰ্তমান চলি থকা বেছিভাগ যুদ্ধ আৰু সংঘাত অতি সোনকালে বন্ধ হোৱাৰ কোনো আশা নাই। বৰঞ্চ কেইবাখনো নতুন যুদ্ধ আৰম্ভ হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে এই দশকত বিশ্বত স্থায়ী ৰূপত কেইবাটাও বিবাদিত অঞ্চলৰ সৃষ্টি হ’ব। আগন্তুক কেইটামান দশকত কোনো চুক্তি হ’ব নে নাই সেয়াও সন্দেহজনক।