এয়াই শেষ নহয়, ‘অপাৰেশ্যন সেন্দূৰ ২.০’ৰ বাবে সাজু ভাৰত! বায়ুসেনালৈ নিৰ্দেশনা জাৰি কেন্দ্ৰৰ…
ভাৰতৰ প্ৰতিশোধ সন্দৰ্ভত পুৱা ১০:৩০ বজাৰ পৰা এখন সংবাদমেল অনুষ্ঠিত কৰিছে ভাৰতীয় বায়ুসেনাই । এই বৈঠকত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰী উপস্থিত থাকে। বৈঠকৰ পৰা পহলগাম স্মৰণ কৰি বৈদেশিক সচিবগৰাকীয়ে কয় যে মুম্বাই আক্ৰমণৰ পিছত দেশৰ ভিতৰতে এইটোৱেই আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ।

এয়া মাথোঁ আৰম্ভণিহে। পাকিস্তানে ‘মৌন’ হৈ নাথাকিব বুলি ভালদৰেই বুজি পাইছে ভাৰতে। কিন্তু ইয়াতে শেষ নহয় অপাৰেশ্যন সেন্দূৰ। বুধবাৰৰ প্ৰতিশোধৰ পিছত পাকিস্তানৰ চকুত ভাৰতৰ প্ৰতি থকা শত্ৰুতা বৃদ্ধি পাব বুলি দাবী কৰিছে এক সূত্ৰই । ইফালে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে বাৰ্তা প্ৰেৰণ কৰি কয় যে “পূৰ্ণ শক্তিৰে প্ৰত্যুত্তৰ দিয়া হ’ব”। ইয়াৰ মাজত যে শংকা লুকাই আছে তাত কোনো সন্দেহ নাই।
সূত্ৰ অনুসৰি এই পৰিস্থিতিত ভাৰতীয় বায়ুসেনাই আন এক বৃহৎ পৰিসৰৰ বিমান আক্ৰমণৰ বাবে সাজু হৈছে। ইতিমধ্যে কেন্দ্ৰৰ পৰা প্ৰদান কৰা হৈছে এই নিৰ্দেশনা। এতিয়া ভাৰত ‘অপাৰেশ্যন সেন্দূৰ ২.০’ৰ বাবে সাজু নেকি? যদি পাকিস্তানে কোনো ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে বায়ুসেনাৰ তিনি স্তৰৰ যুদ্ধ বিমানে তেওঁলোকৰ ওপৰত ‘প্লেন বি’ যোগেদি আঘাত কৰিব।
বায়ুসেনাৰ ভিতৰৰ পৰা পোৱা খবৰ অনুসৰি প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাগুয়াৰ আৰু মিগ যুদ্ধ বিমানক ২৯ নং ফৰৱাৰ্ড এৰিয়ালৈ যাবলৈ নিৰ্দেশ দিছে। তাৰ পিছত ৰাফেল আৰু সুখোই-৩০, আৰু শেষত থাকিব তেজস যুঁজাৰু বিমান। ই হৈছে বায়ুসেনাৰ তিনিটা স্তৰৰ ব্যৱস্থা। পাকিস্তানে উচ্চ স্তৰত কথা ক’লে নিজৰ ‘শক্তি’ প্ৰদৰ্শন কৰিব ভাৰতে ।
মন কৰিবলগীয়া যে ভাৰতৰ প্ৰতিশোধ সন্দৰ্ভত ভাৰতীয় বায়ুসেনাই পুৱা ১০:৩০ বজাত এখন সংবাদমেল অনুষ্ঠিত কৰে। এই বৈঠকত ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীও উপস্থিত থাকে। বৈঠকৰ পৰা পহলগামক স্মৰণ কৰি বৈদেশিক সচিবগৰাকীয়ে কয় , “মুম্বাই আক্ৰমণৰ পিছত দেশৰ ভিতৰতে এইটোৱেই আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী আক্ৰমণ। এয়া পাকিস্তানে সমৰ্থন কৰা সন্ত্ৰাসবাদ। নিজৰ ইচ্ছানুসৰিয়ে সন্ত্ৰাসবাদীৰ আশ্ৰয়স্থল হৈ পৰিছে পাকিস্তান। পহলগামৰ ঘটনাৰ পিছত দেশৰ চুকে-কোণে দেখা পোৱা গৈছিল ক্ষোভ। সেই ভিত্তিত ভাৰতে ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছিল।” তেওঁ লগতে কয়, ‘এই ঘটনাৰ পিছত পাকিস্তানে সন্ত্ৰাসবাদ বন্ধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আনকি অনাগত দিনত ভাৰতৰ বিৰুদ্ধে আক্রমণ হ’ব পাৰে৷ গতিকে এই প্ৰতিশোধ তাৰ আগতেই প্ৰয়োজনীয় আছিল।”
লগতে পঢ়ক: অপাৰেশ্যন সেন্দূৰক লৈ অসমৰ ৰাজনৈতিক নেতাৰ প্ৰতিক্ৰিয়া, কোনে কি ক’লে?