শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Operation Sindoor: অপাৰেশ্যন সেন্দূৰক লৈ অসমৰ ৰাজনৈতিক নেতাৰ প্ৰতিক্ৰিয়া, কোনে কি ক’লে?

বুধবাৰে মাজনিশা প্ৰায় ১.৩০ বজাত ভাৰতে ‘অপাৰেশ্যন সেন্দূৰ’ৰ অধীনত পাকিস্তানৰ বাহাৱালপুৰ, মুৰিদকে, বাগ, গুলপুৰ, ছাৱাই, বিলাল, বৰ্ণালা, মাহমুনা কোটলী আৰু মুজাফৰাবাদত ধাৰাবাহিক আক্ৰমণ চলায়। এই একেবোৰ স্থানৰ পৰাই ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰা হৈছিল। এই সফল অভিযানৰ বাবে ভাৰতীয় সেনাক অভিনন্দন জনায় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ ৰাজনৈতিক নেতাসকলে।

Operation Sindoor: অপাৰেশ্যন সেন্দূৰক লৈ অসমৰ ৰাজনৈতিক নেতাৰ প্ৰতিক্ৰিয়া, কোনে কি ক’লে?
অপাৰেশ্যন সেন্দূৰ
trishna-kalita
Trishna Kalita | Updated On: 07 May 2025 13:00 PM

অৱশেষত জম্মু-কাশ্মীৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ  প্ৰতিশোধ ল’লে ভাৰতে। ভাৰতীয় বায়ুসেনাই গভীৰ নিশা আৰম্ভ কৰিলে ‘অপাৰেশ্যন সেন্দূৰ’। ইয়াৰ অধীনত ভাৰতীয় সেনাই পাকিস্তান আৰু পাক অধীকৃত কাশ্মীৰৰ (POK)ৰ ৯টা সন্ত্ৰাসবাদীৰ গোপন ঘাটিত ষ্ট্ৰাইক চলায়। ভাৰতে ড্ৰ’ন আৰু অতি আধুনিক অস্ত্ৰ ব্যৱহাৰ কৰি ৯ টা লক্ষ্য নিৰ্ধাৰণ কৰি ২৪ বাৰকৈ আক্ৰমণ সংঘটিত কৰি পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰা স্থানসমূহ সম্পূৰ্ণৰূপে ধ্বংস কৰে।

বুধবাৰে মাজনিশা প্ৰায় ১.৩০ বজাত ভাৰতে ‘অপাৰেশ্যন সেন্দূৰ’ৰ অধীনত বাহাৱালপুৰ, মুৰিদকে, বাগ, গুলপুৰ, ছাৱাই, বিলাল, বৰ্ণালা, মাহমুনা কোটলী আৰু মুজাফৰাবাদত ধাৰাবাহিক আক্ৰমণ চলায়। এই একেবোৰ স্থানৰ পৰাই ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু কাৰ্যকৰী কৰা হৈছিল। ভাৰতীয় সেনাই পাকিস্তানত কেৱল সন্ত্ৰাসবাদী আত্মগোপন স্থানকহে লক্ষ্য কৰি লয়। ভাৰতে সন্ত্ৰাসবাদী আজহাৰ মাছুদ আৰু হাফিজ ছাইদক তীব্ৰ আঘাত কৰি তেওঁলোকৰ সন্ত্ৰাসবাদী শিবিৰ ধ্বংস কৰে।

ইফালে এই সফল অভিযানৰ বাবে ভাৰতীয় সেনাক অভিনন্দন জনায় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ ৰাজনৈতিক নেতাসকলে। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়,  “এয়া নৱ ভাৰত… শত্ৰুক প্ৰত্যুত্তৰ কিদৰে দিব লাগে ভাৰতবৰ্ষই জানে”। আন এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে,  “ভাৰতবৰ্ষৰ গৌৰৱ আৰু স্বাভিমান — ভাৰতীয় সেনা৷ জয় হিন্দ”

ভাৰতৰ এই আক্ৰমণৰ প্ৰশংসা কৰি সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ পোষ্টটোত লিখিছে,  “ভাৰত মাতা কী জয়”

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সামাজিক মাধ্যমত সাংসদ গৌৰৱ গগৈয়ে লিখিছে, “যোৱা নিশাৰ শাস্তিমূলক বিমান আক্ৰমণত আমাৰ সশস্ত্ৰ বাহিনী আৰু চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে মই তেওঁলোকৰ প্ৰশংসা কৰোঁ। এই সময়ত আমাৰ সশস্ত্ৰ বাহিনীৰ সৈতে জাতীয় ঐক্য আৰু সংহতিৰ প্ৰয়োজন। Proud of our Armed Forces. Jai Hind”

অপাৰেশ্যন সেন্দূৰক লৈ সামাজিক মাধ্যমত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লিখিছে, “পাকিস্তান আৰু পাক অধীকৃত কাশ্মীৰ (PoK)ত সন্ত্ৰাসবাদৰ সকলো উৎস সম্পূৰ্ণৰূপে নিৰ্মূল কৰাটো ভাৰতৰ অদম্য নীতি হ’ব লাগিব, আৰু এই নীতি সদায় সৰ্বোচ্চ জাতীয় স্বাৰ্থৰ দ্বাৰা পৰিচালিত হ’ব লাগিব। এয়া একতা আৰু সংহতিৰ সময়। ২২ এপ্ৰিলৰ নিশাৰ পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছে স্পষ্টকৈ কৈ আহিছে যে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ জনাই ৰাষ্ট্ৰীয় পদক্ষেপত আমি চৰকাৰক সম্পূৰ্ণৰূপে সমৰ্থন কৰিম। কংগ্ৰেছ দল আমাৰ সশস্ত্ৰ বাহিনীৰ সৈতে দৃঢ়তাৰে থিয় দিছে।”

 

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে অপাৰেশ্যন সেন্দূৰৰ অধীনত হোৱা আক্ৰমণৰ পিছত ভাৰতীয় সেনাক তীব্ৰ সমৰ্থন আগবঢ়ায়। তেওঁ পাকিস্তানৰ প্ৰতিজন সন্ত্ৰাসবাদীক নিৰ্মূল নোহোৱালৈকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা অব্যাহত ৰখাৰ আহ্বান জনায়। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত শিকদাৰে সন্ত্ৰাসবাদক শিপা সম্পূৰ্ণৰূপে উভালি পেলাব লাগিব বুলি জোৰ দি কয়। তেওঁ কয়, “সন্ত্ৰাসবাদীক দামন কৰিব লাগে। সন্ত্ৰাসবাদীক নিপাত কৰিব লাগে।” তেওঁ ভাৰতীয় সেনাবাহিনীক সাহসী আৰু নিখুঁত কাৰ্যৰ বাবে অভিনন্দন জনায়, তেওঁলোকৰ নিষ্ঠা আৰু ত্যাগৰ বাবে গৌৰৱ প্ৰকাশ কৰে। জোৱানসকলৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰি তেওঁ লগতে কয়, “মই ভাৰতীয় সেনা বাহিনীক শুভেচ্ছা জনাইছো।”