শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানৰ বন্ধুক নিঃশেষ কৰিবলৈ সাজু ভাৰত! স্বাক্ষৰিত হৈছে ২ বিলিয়ন ডলাৰৰ চুক্তি….

Sukhoi 30 MKI: অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানৰ কাষত থিয় দিছিল আজাৰবাইজান। এতিয়া ভাৰতে আৰ্মেনিয়া শত্ৰু দেশলৈ ছুখৈ যুদ্ধ বিমান ৰপ্তানি কৰিছে।

পাকিস্তানৰ বন্ধুক নিঃশেষ কৰিবলৈ সাজু ভাৰত! স্বাক্ষৰিত হৈছে ২ বিলিয়ন ডলাৰৰ চুক্তি….
Sukhoi 30 MKI Fighter Jet Image Credit source: PTI
trishna-kalita
Trishna Kalita | Updated On: 11 Jun 2025 14:27 PM

ভাৰতৰ হাতত থকা আটাইতকৈ উন্নত যুদ্ধ বিমান কোনখন ? বেছিভাগ লোকেই হয়তো ক’ব ফ্ৰান্সত নিৰ্মিত ৰাফেল বুলি। কিন্তু সেয়া সঁচা নে? আচলতে ফ্ৰান্সত নিৰ্মিত ৰাফেল আৰু ভাৰতত নিৰ্মিত ছুখৈ ৪.৫ জেনেৰেশ্যনৰ যুদ্ধ বিমান। শক্তিলৈ চালে কোনো কাৰো তুলনাত কম বা বেছি নহয়। দুয়োখনেই সমান

অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তানক পাঠ শিকাইছিল ভাৰতীয় বায়ুসেনাই । আৰু সেই অভিযানত ভাৰতীয় বায়ুসেনাৰ ‘মেৰুদণ্ড’ এই ছুখৈয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ইফালে অপাৰেশ্যন সেন্দূৰৰ সময়ত পাকিস্তানৰ কাষত থিয় দিছিল আজাৰবাইজান। এতিয়া ভাৰতে আৰ্মেনিয়া শত্ৰু দেশলৈ ছুখৈ যুদ্ধ বিমান ৰপ্তানি কৰিছে।

আৰ্মেনিয়াৰ সৈতে চলিছে আজাৰবাইজানৰ সীমা বিবাদ। খবৰ অনুসৰি আজাৰবাইজানে পাকিস্তানৰ পৰা 40 JF-17 যুদ্ধ বিমান ক্ৰয় কৰি দক্ষিণ ককেছাছ অঞ্চলত সামৰিক উত্তেজনা বৃদ্ধি কৰিছে। আৰু ইফালে আৰ্মেনিয়াই ভাৰতত নিৰ্মিত ছুখৈ 30 MKI ক্ৰয় কৰাৰ প্ৰস্তুতি চলাইছে।

কিন্তু আৰ্মেনিয়াৰ বায়ুসেনাই কি কিনিব, ৰাফেল নে ছুখৈ? ইয়াত বাবে ছুখৈ হয়তো আটাইতকৈ ডাঙৰ বিকল্প কাৰণ ই ৰাফেলতকৈ কম খৰচী। ইয়াৰ বাহিৰেও ভাৰতে আৰ্মেনিয়াৰ প্ৰয়োজন অনুযায়ী ছুখৈ বিমান উন্নীতকৰণ কৰিব পাৰে। এই ছুখৈ ভাৰতত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ এম কে ১ আৰু ব্ৰাহ্মছ ক্ৰুজ মিছাইল কঢ়িয়াই নিয়া আৰু আক্ৰমণ কৰিবলৈ সক্ষম। ইয়াৰ উপৰিও আৰ্মেনিয়াৰ বায়ুসেনাৰ হাতত বৰ্তমান ৪খন Sukhoi 30 MS আৰু ১৬খন Sukhoi 25 যুদ্ধ বিমান আছে। ফলত নতুন Sukhoi 30 MKIৰ লগত খাপ খুৱাই লোৱাত তেওঁলোকৰ বাবে বিশেষ সমস্যা নহ’ব।

২০২০ চনৰ পৰা ভাৰত আৰু আৰ্মেনিয়াৰ মাজত কেইবাখনো প্ৰতিৰক্ষা চুক্তি স্বাক্ষৰিত হৈছে। ইতিমধ্যে আৰ্মেনিয়াৰ সৈতে ২ বিলিয়ন ডলাৰৰ চুক্তি স্বাক্ষৰ কৰিছে ভাৰতে । এই চুক্তি অনুসৰি ভাৰতে আৰ্মেনিয়াক আকাশ ১এছ এয়াৰ ডিফেন্স, পিনাক মাল্টি বেৰেল ৰকেট লঞ্চাৰ আৰু আন বহুতো অস্ত্ৰ যোগান ধৰাৰ কথা আছে।