গীতাৰ দ্বাৰা অনুপ্ৰাণিত হৈ ভাৰতে চলাইছিল অপাৰেচন সেন্দূৰ, শ্ৰীকৃষ্ণৰ বাৰ্তাৰ আলমতে পাকিস্তানক দিছিল শিক্ষা
এই অভিযানত ভাৰতে কেৱল সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰাই নহয়, পাকিস্তানক উপযুক্ত উত্তৰো আগবঢ়াইছিল। ভাৰতৰ এই অপাৰেচন সেন্দূৰে বিশ্বৰ আগত উন্মোচন কৰিছিল পাকিস্তানৰ দুমুখীয়া নীতি। এই অপাৰেচন সেন্দূৰ গীতাৰ এক বিশেষ বাৰ্তাৰ পৰা অনুপ্ৰাণিত হৈছিল।
জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাই বিগত ৬-৭ মে’ৰ নিশা অপাৰেচন সেন্দূৰ আৰম্ভ কৰিছিল। এই অভিযানত ভাৰতে কেৱল সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰাই নহয়, পাকিস্তানক উপযুক্ত উত্তৰো আগবঢ়াইছিল। ভাৰতৰ এই অপাৰেচন সেন্দূৰে বিশ্বৰ আগত উন্মোচন কৰিছিল পাকিস্তানৰ দুমুখীয়া নীতি। এই অপাৰেচন সেন্দূৰ গীতাৰ এক বিশেষ বাৰ্তাৰ পৰা অনুপ্ৰাণিত হৈছিল। সোমবাৰে কুৰুক্ষেত্ৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গীতা সন্মিলনত এই কথা উল্লেখ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
অপাৰেচন সিন্দূৰৰ আঁৰৰ প্ৰেৰণা
আন্তঃৰাষ্ট্ৰীয় গীতা সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয়, “অপাৰেচন সেন্দূৰ ভাৰতৰ আত্মনিৰ্ভৰশীলতা আৰু ধৰ্ম-আধাৰিত কাৰ্যৰ প্ৰতীক আছিল। ভগৱান কৃষ্ণই পাণ্ডৱসকলক উপদেশ দিছিল যে যুদ্ধ প্ৰতিশোধ বা উচ্চাকাংক্ষাৰ বাবে নহয়, বৰঞ্চ সৎ শাসন প্ৰতিষ্ঠা আৰু নিজৰ ধৰ্ম আৰু গৃহভূমি ৰক্ষাৰ বাবেহে কৰা হয়।”
মহাভাৰতৰ যুদ্ধত ভগৱান কৃষ্ণই পাণ্ডৱসকলক দিয়া এই শিক্ষাৰ পৰা অনুপ্ৰাণিত হৈয়ে ভাৰতে অপাৰেচন সেন্দূৰ চলোৱা বুলি ৰাজনাথ সিঙে উল্লেখ কৰে। তেওঁৰ ভাষ্য মতে অপাৰেচন সেন্দূৰৰ সময়ত সেই কৃষ্ণ প্ৰেৰিত বাৰ্তাকে ভাৰতে অনুসৰণ কৰিছিল।
কি ক’লে ৰাজনাথ সিঙে?
ৰাজনাথ সিঙে নিজ ভাষণত লগতে কয়, “গীতাত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই কথাও শিকাইছিল যে সৎপন্থা অনুসৰণ কৰা ব্যক্তিয়ে কেতিয়াও ভয় নকৰে বা পৰাস্ত নহয়। দেশৰ এই অভিযানে সমগ্ৰ বিশ্বলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে নীৰৱ হৈ নাথাকিব, দুৰ্বলো নহ’ব।”
“ভগৱান শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰত অৰ্জুনক বুজাই দিছিল যে কেৱল শিক্ষাৰ দ্বাৰাই ধৰ্ম সুৰক্ষিত নহয়; ধৰ্ম কাৰ্যৰ দ্বাৰা সুৰক্ষিত আৰু অপাৰেচন সিন্দুৰ আছিল আমি গ্ৰহণ কৰা সৎ কাৰ্য।”- আন্তঃৰাষ্ট্ৰীয় গীতা সন্মিলনত ভাষণ প্ৰদান কৰি এইদৰে কয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
ভাৰত হৈছে ‘গীতা’ৰ ভূমি
পহলগামত নিৰীহ পৰ্যটকক ধৰ্মৰ বিষয়ে সুধি হত্যা কৰা হৈছিল বুলি ৰাজনাথ সিঙে দোহাৰে। তেওঁৰ মতে, সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ সমৰ্থকসকলে ভাৰতৰ ধাৰ্মিকতা দেশৰ দুৰ্বলতা বুলি বিশ্বাস কৰিছিল। কিন্তু তেওঁলোকে ভাৰত যে ‘গীতা’ৰ ভূমি সেয়া পাহৰি গৈছিল বুলি ৰাজনাথ সিঙে কয়।
“আমি তেওঁলোকক অপাৰেচন সেন্দূৰৰ জৰিয়তে এক উপযুক্ত উত্তৰ দিলো। আমি অপাৰেচন সেন্দূৰৰ সময়ত ভগৱান কৃষ্ণৰ বাৰ্তা সম্পূৰ্ণৰূপে অনুসৰণ কৰিলোঁ।”- নিজ ভাষণত লগতে ৰাজনাথ সিঙে এইদৰে দোহাৰে।