Top9: ধৰ্মেন্দ্ৰৰ শেষ নিশ্বাস ত্যাগৰ পৰা মোদীৰ বৈঠকলৈ, দিনটোৰ খবৰ…
Top9: ৮৯ বছৰ বয়সত জীৱন নাট সামৰে বলীউডৰ অভিনেতা ধৰ্মেন্দ্ৰই। তেওঁৰ মৃত্যুত অনুৰাগীসকলৰ মাজত শোকৰ ছাঁ পৰিছে। ইতিমধ্যে মুম্বাইত তেওঁৰ শেষকৃত অনুষ্ঠান সম্পন্ন হয়।
সকলো উকা কৰি অৱশেষত ইহলীলা সম্বৰণ কৰিলে বলীউডৰ জনপ্ৰিয় অভিনেতা ধৰ্মেন্দ্ৰই। ৮৯ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। কিছুদিন পূৰ্বেও তেওঁৰ মৃত্যুৰ খবৰ প্ৰকাশ পাইছিল। কিন্তু আজি সঁচাকৈয়ে সকলোকে এৰি বিদায় মাগে ধৰ্মেন্দ্ৰই। মুম্বাইত ধৰ্মেন্দ্ৰৰ শেষকৃত অনুষ্ঠান সম্পন্ন হয়। য’ত বলীউড জগতৰ বিভিন্ন লোক উপস্থিত থাকে।
জি-২০ বৈঠকত অংশগ্ৰহণ কৰি ভাৰতলৈ উভতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ পূৰ্বে তেওঁ ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয়। এই সময়চোৱাত দুয়ো বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।
গুৱাহাটীত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীয়ে অফিচৰ ভিতৰত জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। কিছুদিন পাছত আছিল যুৱতীগৰাকীৰ বিয়া। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
Latest Videos
