শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অৰুণাচল চীনৰ অংশ, গতিকে তেওঁৰ ভাৰতীয় পাছপ’ৰ্ট অবৈধ ! চাংহাই বিমানবন্দৰত ১৮ ঘণ্টা ধৰি আবদ্ধঅৰুণাচলৰ যুৱতী

তেওঁক ২১ নৱেম্বৰত ১৮ ঘণ্টা ধৰি আটক কৰি ৰাখিছিল, তেওঁৰ জন্মস্থান অৰুণাচল প্ৰদেশ “চীনৰ অংশ” বুলি দাবী কৰি তেওঁৰ পাছপ’ৰ্ট “অবৈধ” বুলি দাবী কৰিছিল।

অৰুণাচল চীনৰ অংশ, গতিকে তেওঁৰ ভাৰতীয় পাছপ’ৰ্ট অবৈধ ! চাংহাই বিমানবন্দৰত ১৮ ঘণ্টা ধৰি আবদ্ধঅৰুণাচলৰ যুৱতী
manas-borah
Manas Borah | Published: 24 Nov 2025 22:53 PM

ভাৰতীয় এগৰাকী যুৱতীক চীনৰ চাংহাই বিমানবন্দৰত হাৰাশাস্তি কৰা অভিযোগ উত্থাপন হৈছে। চীনৰ কৰ্তৃপক্ষই যুৱতীগৰাকীৰ পাছপ’ৰ্ট “অবৈধ” বুলি দাবী কৰাৰ লগতে ১৮ ঘণ্টা ধৰি আটক কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে। যুৱতগৰাকীয়ে নিজে সামাজিক মাধ্য়মৰ জৰিয়তে এই অভিযোগ উত্থাপন কৰিছে। যুৱতীগৰাকী অৰুণাচল প্ৰদেশৰ বুলি জানিব পৰা গৈছে।

অৰুণাচল প্ৰদেশৰ এগৰাকী যুৱতীগৰাকীয়ে অভিযোগ কৰিছে যে, চীনৰ বিষয়াসকলে চাংহাই বিমানবন্দৰত তেওঁক আটক কৰি হাৰাশাস্তি কৰিছিল, কাৰণ তেওঁলোকে তেওঁৰ ভাৰতীয় পাছপ’ৰ্টক বৈধ বুলি স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছিল। মাইক্ৰ’ব্লগিং চাইট এক্সত কেইবাটাও পোষ্টত পেমা ৱাং থংডক নামৰ যুৱতীগৰাকীয়ে কয় যে, চাংহাই পুডং বিমানবন্দৰৰ ইমিগ্ৰেচন বিষয়াসকলে তেওঁক ২১ নৱেম্বৰত “১৮ ঘণ্টা” ধৰি আটক কৰি ৰাখিছিল, তেওঁৰ জন্মস্থান অৰুণাচল প্ৰদেশ “চীনৰ অংশ” বুলি দাবী কৰি তেওঁৰ পাছপ’ৰ্ট “অবৈধ” বুলি দাবী কৰিছিল।

খবৰ অনুসৰি ২১ নৱেম্বৰত লণ্ডনৰ পৰা জাপানলৈ গৈ থকা অৱস্থাত থংডকে তিনি ঘণ্টীয়া লেঅভাৰৰ বাবে চাংহাইত অৱতৰণ কৰে। এক্সৰ এটা পোষ্টত তেওঁ লিখিছে, “চাইনা ইমিগ্ৰেচন আৰু চাইনা ইষ্টাৰ্ণ এয়াৰলাইন্স কৰ্প’ৰেশ্যন লিমিটেডৰ দাবীৰ ভিত্তিত ২০২৫ চনৰ ২১ নৱেম্বৰত চাংহাই বিমানবন্দৰত মোক ১৮ ঘণ্টাৰো অধিক সময় আবদ্ধ কৰি ৰখা হৈছিল। তেওঁলোকে মোৰ ভাৰতীয় পাছপ’ৰ্ট অবৈধ বুলি ঘোষণা কৰিছিল কাৰণ মোৰ জন্মস্থান অৰুণাচল প্ৰদেশ, যিটো তেওঁলোকে দাবী কৰে যে, চীনৰ ভূখণ্ড।”

আন এটা পোষ্টত থংডকে কয় যে, ইমিগ্ৰেচন ডেস্কৰ বিষয়াসকলে তেওঁক কয় যে, তেওঁৰ “ভাৰতীয় পাছপ’ৰ্ট অবৈধ, কাৰণ তেওঁৰ জন্ম অৰুণাচল প্ৰদেশত।” থংডকৰ বক্তব্য অনুসৰি, চীনৰ ইমিগ্ৰেচন বিষয়াসকলে তেওঁৰ জন্মস্থান অৰুণাচল প্ৰদেশ বুলি দেখাৰ পিছত তেওঁৰ ভাৰতীয় পাছপ’ৰ্টক “অবৈধ” বুলি গণ্য কৰে।

খবৰ অনুসৰি বিষয়াসকলে তেওঁক “অৰুণাচল প্ৰদেশ চীনৰ অংশ” বুলি কোৱাৰ লগতে তেওঁৰ ভাৰতীয় নাগৰিকত্বক স্বীকৃতি দিবলৈ অস্বীকাৰ কৰে। তেওঁ পাছপ’ৰ্ট জব্দ কৰা হয় আৰু বৈধ জাপানী ভিছা থকাৰ পিছতো তেওঁক বিমান যাত্ৰাত বাধা দিয়া হয়। থংডকে কয় যে, কেইবাজনো ইমিগ্ৰেচন বিষয়া আৰু চাইনা ইষ্টাৰ্ণ এয়াৰলাইন্সৰ কৰ্মচাৰীয়ে তেওঁক উপহাস কৰিছিল। আনকি তেওঁক কৈছিল যে, তেওঁ “চীনা পাছপ’ৰ্টৰ বাবে আবেদন কৰিব লাগে”।

অভিযোগ অনুসৰি তেওঁক খাদ্য, বিমানবন্দৰৰ সুবিধা বা তেওঁক ষ্টেটাছৰ বিষয়ে কোনো চৰকাৰী আপডেটৰ লাভ কৰাত বাধা দিয়া হৈছিল। কোৱা হৈছে যে, জাপানলৈ যোৱাৰ নিৰ্ধাৰিত বিমানত উঠিবলৈ বাধা দিয়া হৈছিল আৰু চাইনা ইষ্টাৰ্ণ এয়াৰলাইন্সত নতুন টিকট ক্ৰয় কৰিবলৈ সন্মত হোৱাৰ পিছতহে পাছপ’ৰ্ট ঘূৰাই দিছিল, যাৰ ফলত বিমান মিছ কৰা আৰু হোটেল বুকিঙৰ ফলত আৰ্থিক লোকচান সন্মুখীন হয় যুৱতীগৰাকী।

আন কোনো বিকল্প নোপোৱাত তেওঁ ব্ৰিটেইনত থকা বন্ধু এজনৰ জৰিয়তে চাংহাইত থকা ভাৰতীয় কনছুলেটৰ সৈতে যোগাযোগ কৰে। কনছুলেটৰ হস্তক্ষেপত অৱশেষত গভীৰ নিশা বিমানবন্দৰৰ পৰা ওলাই আহি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ সক্ষম হয়।

এই ঘটনাক ‘ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যক্ষ অপমান’ বুলি অভিহিত কৰি থংডকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতীয় কৰ্তৃপক্ষক বেইজিঙৰ সৈতে বিষয়টো আলোচনা কৰিবলৈ আহ্বান জনাইছে। জবাবদিহি কৰিবলৈ, ক্ষতিপূৰণ বিচাৰিবলৈ আৰু অৰুণাচল প্ৰদেশৰ সকলো ভাৰতীয়ই বহিঃৰাজ্য ভ্ৰমণৰ সময়ত একেধৰণৰ বৈষম্যৰ পৰা সুৰক্ষিত হোৱাৰ নিশ্চয়তা দিবলৈ ভাৰত চৰকাৰক আহ্বান জনাইছে যুৱতীগৰাকীয়ে।