India’s Bunker-Buster: ভাৰতে নিৰ্মাণ কৰিছে আমেৰিকাৰ আটাইতকৈ বিপজ্জনক ‘বাষ্টাৰ বাংকাৰ’ বোমা
India’s Bunker-Buster: আমেৰিকাতকৈ অধিক বিধ্বংসী ‘বাংকাৰ বাষ্টাৰ’ বোমা প্ৰস্তুত কৰি আছে ডি আৰ ডি অ’ই। ৰক্ষা নপৰিব মাটিৰ তলত লুকুৱাই থকা শত্ৰু। খৰচ কম, কিন্তু কাম বেছি হ’ব। অতি শীঘ্ৰে এই বোমা নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব ভাৰতে।

ইৰাণৰ ভূগৰ্ভস্থ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ বোমাৰু বিমানে ‘বাংকাৰ বাষ্টাৰ’ বোমা নিক্ষেপ কৰাৰ পিছতে ইজৰাইলৰ সৈতে খৰখেদাকৈ যুদ্ধবিৰতি স্বাক্ষৰ কৰিবলৈ বাধ্য হয় তেহৰান। আমেৰিকাৰ সেনাবাহিনীৰ আটাইতকৈ ধ্বংসাত্মক ৩০ হাজাৰ পাউণ্ড বা ১৪ হাজাৰ কিলোগ্ৰাম ওজনৰ ‘GBU-57’ বোমাটো মাটিৰ পৰা ৬০ মিটাৰ বা ২০০ ফুট তলত বিস্ফোৰণ ঘটি এটা বৃহৎ গাঁতৰ সৃষ্টি কৰে। সেই আক্ৰমণৰ পৰাই স্পষ্ট হৈ পৰিল যে ভূগৰ্ভত লুকাই থকা শত্ৰুৰ ঘাটি ধ্বংস নকৰাকৈ ভৱিষ্যতে কোনো যুদ্ধত জয়ী হোৱাটো অসম্ভৱ।
দুই পুৰণি শত্ৰু চীন আৰু পাকিস্তানো ডিঙিৰ কাঁইট হৈ পৰিছে ভাৰতৰ। ইয়াৰ সমান্তৰালকৈ আন্তৰ্জাতিক সমীকৰণটোও সলনি হৈছে দ্ৰুতগতিত। সেইবাবেই ভাৰতেও গতি তৎপৰতা বৃদ্ধি কৰিছে নিজাকৈ ‘বাংকাৰ বাষ্টাৰ’ বোমা নিৰ্মাণৰ । এই বোমাটো অতি সোনকালে নিৰ্মাণ কৰিব ডি আৰ ডি অ’ই, পূৰ্ণগতিত চলি আছে ইয়াৰ কাম। ভাৰতৰ নিজা প্ৰযুক্তিৰে নিৰ্মিত থলুৱা ‘বাংকাৰ বাষ্টাৰ’ বোমা লাভ কৰিব ভাৰতীয় বায়ুসেনাই। যুদ্ধৰ পৰিস্থিতিত এই বোমাটো আমেৰিকাৰ তুলনাত কম খৰচত, দ্ৰুত আৰু সহজে শত্ৰুৰ ঘাটিত নিক্ষেপ কৰিব পাৰি।
আচলতে এই বোমাটো পেলাবলৈ আমেৰিকাৰ ‘বি-২’ বোমাৰু বিমানৰ দৰে দামী বিমানৰ প্ৰয়োজন নহ’ব। বৰ্তমান ভাৰতীয় বায়ুসেনাৰ ওচৰত থকা বিমানসমূহৰ পৰা এই নতুন মিছাইল-বোমা নিক্ষেপ কৰিব পৰা যাব। খৰচো কম হ’ব, আৰু কোনো বিদেশী দেশৰ পৰা অনুমতিৰো প্ৰয়োজন নহ’ব। ইণ্টিগ্ৰেটেড কমাণ্ড আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে অনুমতি লাভ কৰাৰ পিছত ভাৰতীয় সেনা ঘাটিৰ পৰা এই বোমা লৈ উৰিব ভাৰতীয় বায়ুসেনাৰ বিমান। ভাৰতৰ এই বাংকাৰ বাষ্টাৰ বোমাই ‘নিখুঁত’ আক্ৰমণ চলাই ধ্বংস কৰিব ভূগৰ্ভস্থ শত্ৰুৰ ঘাটি।
প্ৰতিৰক্ষা বিশেষজ্ঞৰ দাবী অনুসৰি ভাৰতৰ নিজৰ বোমাটো আৰু অধিক বিপদজনক হ’ব! ভাৰতৰ নিজা ‘বাংকাৰ বাষ্টাৰ’ বোমা মাটিৰ তলত কমেও ৮০-১০০ মিটাৰ গভীৰতাত বিস্ফোৰণ কৰিব পাৰিব। নতুন বোমাটো আমেৰিকাৰ সেনাবাহিনীৰ দৰে বিশেষ বিমানেৰে কঢ়িয়াই ওপৰৰ পৰা নিক্ষেপ কৰা হ’ব। অৱশ্যে ভাৰতৰ ক্ষেত্ৰত ই কেৱল বিস্ফোৰকেৰে ভৰা তীখাৰে মেৰিয়াই ৰখা বোমা নহয়, মিছাইলৰ ভিতৰত বিপুল পৰিমাণৰ বিস্ফোৰক থাকিব। ইয়াৰ ফলত আক্ৰমণৰ তীব্ৰতা বৃদ্ধি পাব।
ডি আৰ ডি অ’ই প্ৰায় ৭,৫০০ ৰ পৰা ৮,০০০ কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াব পৰাকৈ প্ৰস্তুত কৰি আছে নতুন আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল। এই ক্ষেপণাস্ত্ৰই বোমাৰ দৰে লক্ষ্যত খুন্দা মাৰিব। কেৱল দূৰৈৰ শত্ৰুৰ ঘাটি উৰুৱাই দিয়াই নহয়, ভূ-গৰ্ভৰ ঘাটিও বোমা বিস্ফোৰণ আৰু উৰুৱাই দিয়াই নতুন ক্ষেপণাস্ত্ৰৰ লক্ষ্য। কেৱল নতুন ICBMত বিস্ফোৰক ভৰ্তি কৰাই নহয়, ই হাইপাৰছ’নিক স্পীডতো চলিব।
শব্দতকৈ ৮-২০ গুণ বেছি বেগেৰে উৰা মাৰি শত্ৰুৰ গোপন ঘাটি ধ্বংস কৰিব এই বোমাই। ভাৰতৰ এই দেশীয় বাংকাৰ বাষ্টাৰে ৮ টনতকৈ অধিক বিস্ফোৰক লৈ লক্ষ্যত খুন্দা মাৰিলে ধূলি আৰু ধোঁৱাৰ বাহিৰে একো নাথাকিব।
সেই উদ্দেশ্যে ডি আৰ ডি অ’ই এই নতুন ধৰণৰ বোমা দ্ৰুতভাৱে নিৰ্মাণৰ কাম কৰি আছে। তাৰ বাবে ভাৰতৰ নিজা আই চি বি এম ‘অগ্নি-৫’ৰ ওপৰত গৱেষণা চলাই আছে ডি আৰ ডি অ’ই। ‘অগ্নি-৫’ এ প্ৰায় ৫০০০ কিলোমিটাৰ দূৰত্বত লক্ষ্যত আঘাত কৰিব পাৰে। ইয়াত পাৰমাণৱিক বোমাও কঢ়িয়াই নিব পাৰে। ‘বাংকাৰ বাষ্টাৰ’ বোমাটোৰ বাবে নতুন আইচিবিএমৰ উৰণৰ পৰিসৰ কিছু পৰিমাণে হ্ৰাস কৰি ২৫০০ কিলোমিটাৰলৈ হ্ৰাস কৰা হৈছে। কিন্তু ইয়াৰ ভিতৰত প্ৰায় ৮ টন বিস্ফোৰক ভৰাই থোৱা হ’ব। পৃথিৱীৰ মাত্ৰ মুষ্টিমেয় দেশৰ হাততহে আছে এনে ভয়ংকৰ অস্ত্ৰ।
ভাৰতীয় সেনাৰ সূত্ৰ অনুসৰি এই নতুন বাংকাৰ বাষ্টাৰ বোমাটোৱে শত্ৰুৰ কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ, মিছাইল ডিপো আৰু ভূগৰ্ভস্থ ষ্ট্ৰেটেজিক পষ্ট ধ্বংস কৰাত ফলপ্ৰসূ হ’ব। এতিয়া অগ্নি-৫ ক্ষেপণাস্ত্ৰৰ দুটা ভিন্নতাৰ ওপৰত গৱেষণা চলাই আছে ডি আৰ ডি অ’ই। ইয়াৰে এটা মাটিৰ ওপৰৰ লক্ষ্যৰ বাবে, আনটো মাটিৰ তলৰ শত্ৰুৰ ঘাটিৰ বাবে।
প্ৰাৰম্ভিক বোমাটো সাজু হ’লে পৰৱৰ্তী উন্নীত সংস্কৰণে ক্ষেপণাস্ত্ৰৰ ভিতৰত বিস্ফোৰক পদাৰ্থৰ পৰিমাণ বৃদ্ধি কৰিব। ভৱিষ্যতে আমেৰিকাতকৈ অধিক শক্তিশালী বাংকাৰ বাষ্টাৰ বোমা নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে ভাৰতে। যিটো হ’ব পৃথিৱীৰ আটাইতকৈ শক্তিশালী বোমা যিয়ে গভীৰভাৱে আঘাত কৰিব পাৰে।