ছিৰিয়াত কেনে আছে ভাৰতীয়সকল ? ৭৫ জন প্ৰবাসীক উদ্ধাৰ কৰিছে ভাৰতে…
ছিৰিয়াত আৱদ্ধ হৈ থকা ৭৫ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে ভাৰতে । সূত্ৰৰ খবৰ অনুসৰি, ডামাস্কাছ আৰু বেইৰুটত থকা ভাৰতৰ দূতাবাসৰ সহযোগত বিপদজনক নিৰাপত্তা পৰিস্থিতি মূল্যায়নৰ পাছতে এই ভাৰতীয় লোকসকলক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
বিদ্ৰোহী বাহিনীয়ে ছিৰিয়া ৰাষ্ট্ৰপতি বাছাৰ আছাদৰ চৰকাৰক উৎখাত কৰাৰ দুদিন পাছত আৱদ্ধ হৈ থকা ৭৫ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিছে ভাৰতে । সূত্ৰৰ খবৰ অনুসৰি, ডামাস্কাছ আৰু বেইৰুটত থকা ভাৰতৰ দূতাবাসৰ সহযোগত বিপদজনক নিৰাপত্তা পৰিস্থিতি মূল্যায়নৰ পাছতে এই ভাৰতীয় লোকসকলক উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে । এই তথ্য প্ৰকাশ কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ।
ছিৰিয়া শেহতীয়া পৰিস্থিতিক লৈ কেইদিনমান পূৰ্বে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সেই দেশখনত থকা ভাৰতীয় সকলক উদ্দেশ্যি সতৰ্কবাণীও জাৰি কৰিছিল । ভাৰত চৰকাৰে গভীৰ নিশা প্ৰকাশ কৰা এক বিবৃতি কোৱা হৈছে যে, দেশখনৰ শেহতীয়া বিপদজনক পৰিস্থিতিৰ পৰা ৭৫ জন ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে ।
বিবৃতিটোত কোৱা হৈছে যে, বিপদজনক পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাৰ লোকসকলৰ ভিতৰত আছে জম্মু-কাশ্মীৰৰ ৪৪ জন ‘জাইৰিন’। এই লোকসকল ছাইদা জয়নাবত আবদ্ধ হৈ আছিল বুলি বিবৃতিত উল্লেখ কৰা হৈছে । লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে যে, ‘উদ্ধাৰ কৰা ভাৰতীয় নাগৰিকসকলে নিৰাপদে লেবানন পাৰ হৈ গৈছে আৰু উপলব্ধ বাণিজ্যিক বিমানেৰে ভাৰতলৈ উভতি আহিব।’
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, বিদেশত থকা ভাৰতীয় নাগৰিকৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে ভাৰত চৰকাৰে । লগতে বিবৃতি উল্লেখ কৰা হৈছে যে, ছিৰিয়াত থকা ভাৰতীয় নাগৰিকসকলক ডামাস্কাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। একেসময়তে এই কথাও উল্লেখ কৰিছে যে, ভাৰত চৰকাৰে পৰিস্থিতি অবিৰতভাৱে নিৰীক্ষণ কৰি আছে আৰু লগতে ছিৰিয়াত শান্তিপূৰ্ণ পৰিস্থিতিৰ পোষকতা কৰিছে।
যোৱা দেওবাৰে বিদ্ৰোহীয়ে ছিৰিয়াৰ আন কেইবাখনো বিশেষ চহৰ আৰু নগৰ দখল কৰাৰ পিছত ৰাজধানী ডামাস্কাছৰ নিয়ন্ত্ৰণ কৰাৰ লগে লগে ছিৰিয়াৰ আছাদ চৰকাৰৰ পতন ঘটে। বিদ্ৰোহী সংগঠন হায়াত তাহৰিৰ আল-শ্বাম (এইচ টি এছ)-এ ডামাস্কাছক নিয়ন্ত্ৰণত লোৱাৰ পিছত ৰাষ্ট্ৰপতি বাছাৰ আছাদে দেশ এৰি পলায়ন কৰিবলৈ বাধ্য় হয় । ইয়াৰ লগে লগে আছাদৰ পৰিয়ালৰ ৫০ বছৰীয়া শাসনৰ অন্ত পৰে ।
ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, আছাদে বৰ্তমান মস্কোত আশ্ৰয় গ্ৰহণ কৰিছে । আছাদৰ প্ৰায় ১৪ বছৰীয়া কাৰ্যকালত গৃহযুদ্ধ, হিংসাৰ সাক্ষী হোৱাৰ লগতে ৰাজনৈতিক বিৰোধীসকলৰ ওপৰত নৃশংস দমন চলোৱা অভিযোগ উত্থাপন হৈছিল ।