Independence Day 2024: আজি দেশবাসীক সম্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে, কেতিয়া আৰু ক’ত চাব পাৰিব ?
President Droupadi Murmu Speech: আজি ১৪ আগষ্ট তাৰিখে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰি বাৰ্ষিক ভাষণ দিব। সমগ্ৰ আঞ্চলিক দূৰদৰ্শন চেনেলৰ লগতে সৰ্বভাৰতীয় ৰেডিঅ’ (AIR)ত ৰাষ্ট্ৰপতি গৰাকীৰ ভাষণ প্ৰচাৰ কৰা হ’ব। বিগত বছৰৰ দৰেই ৰাষ্ট্ৰপতি গৰাকীৰ ভাষণ সন্ধিয়া ৭ বজাৰ পৰা দূৰদৰ্শন চেনেলত হিন্দী আৰু ইংৰাজী ভাষাত সম্প্ৰচাৰ কৰা হ’ব।
১৫ আগষ্ট বৃহস্পতিবাৰে দেশবাসীয়ে গৌৰৱেৰে পালন কৰিব ৭৮ সংখ্যক স্বাধীনতা দিৱস । এইবাৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ থিম হৈছে ‘বিকশিত ভাৰত’। ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এইবাৰৰ স্বাধীনতা দিৱসৰ থিম ৰখা হৈছে ‘বিকশিত ভাৰত’। এই উপলক্ষে আজি ১৪ আগষ্ট তাৰিখে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰি বাৰ্ষিক ভাষণ দিব।
সমগ্ৰ আঞ্চলিক দূৰদৰ্শন চেনেলৰ লগতে সৰ্বভাৰতীয় ৰেডিঅ’ (AIR)ত ৰাষ্ট্ৰপতি গৰাকীৰ ভাষণ প্ৰচাৰ কৰা হ’ব। বিগত বছৰৰ দৰেই ৰাষ্ট্ৰপতি গৰাকীৰ ভাষণ সন্ধিয়া ৭ বজাৰ পৰা দূৰদৰ্শন চেনেলত হিন্দী আৰু ইংৰাজী ভাষাত সম্প্ৰচাৰ কৰা হ’ব। যিসকল লোকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণ নিজৰ মাতৃভাষাত শুনিব বিচাৰে তেওঁলোকে নিশা ৯:৩০ বজাত AIR আঞ্চলিকত শুনিব পাৰিব। দূৰদৰ্শনৰ ইউটিউব চেনেলতো ৰাষ্ট্ৰপতি গৰাকীৰ বাৰ্ষিক ভাষণ লাইভ ষ্ট্ৰীম কৰা হ’ব।
উল্লেখ্য যে, প্ৰতি বছৰে সমগ্ৰ দেশতে ১৫ আগষ্টৰ দিনটোত পুৱা পতাকা উত্তোলন কৰি গৌৰৱেৰে স্বাধীনতা দিৱস পালন কৰা হয়। সকলোৱে একত্ৰিত হৈ ভাৰতৰ জাতীয় সংগীত গায় আৰু অন্যান্য সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰণি দিল্লীৰ লালকিল্লাত পতাকা উত্তোলন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ কৰাৰ পাছত আৰক্ষী জোৱান আৰু সেনাবাহিনীৰ অংশগ্ৰহণেৰে পেৰেডৰ আয়োজন কৰা হয়।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ সন্মুখত ভাষণ প্ৰদান কৰে য’ত তেওঁ যোৱা এটা বছৰত ভাৰতৰ প্ৰগতিৰ ক্ষেত্ৰত কি কি সাফল্য লাভ কৰিলে তাৰ ওপৰত আলোকপাত কৰে । ইয়াৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ ওপৰতো আলোকপাত কৰে আৰু উন্নত ভৱিষ্যতৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰে। সেই অনুসৰি, ২০২৪ চনৰ ১৫ আগষ্টৰ বৃহস্পতিবাৰে পুৱা দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব।