শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Independence Day 2025: গণতন্ত্ৰ আৰু সংবিধান আমাৰ বাবে সৰ্বোচ্চঃ দেশবাসীক সম্বোধন কৰি ক’লে ৰাষ্ট্ৰপতি মুৰ্মুৱে

President Droupadi Murmu Speech: ৰাষ্ট্ৰপতি মুৰ্মুৰ ভাষণ সমগ্ৰ দেশতে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। নিজ ভাষণত তেওঁ ভাৰত এখন স্বাৱলম্বী ৰাষ্ট্ৰ হোৱাৰ পথত আগবাঢ়িছে আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে আগবাঢ়িছে বুলি মন্তব্য কৰে।

Independence Day 2025: গণতন্ত্ৰ আৰু সংবিধান আমাৰ বাবে সৰ্বোচ্চঃ দেশবাসীক সম্বোধন কৰি ক’লে ৰাষ্ট্ৰপতি মুৰ্মুৱে
দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 14 Aug 2025 20:04 PM

সমগ্ৰ দেশ কাইলৈ উদযাপন কৰিব ৭৯ সংখ্যক স্বাধীনতা দিৱস এই মহান দিনটোৰ প্ৰাকক্ষণত আজি সন্ধিয়া ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক সম্বোধন কৰে। নিজ ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে দেশৰ গণতন্ত্ৰ আৰু সংবিধান সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়, স্বাধীনতা লাভ কৰাৰ পিছত আমি এনে গণতন্ত্ৰৰ পথত আগবাঢ়িলো। তাৰ সুবাদতে দেশৰ সকলো প্ৰাপ্তবয়স্ক লোককে ভোটাধিকাৰ দিয়া হৈছিল বুলি তেওঁ ভাষণত দোহাৰে। প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ জনসাধাৰণে গণতন্ত্ৰক সফলতাৰে গ্ৰহণ কৰিছে আৰু ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি কোৱাটো একেবাৰে সঠিক বুলি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়।

ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে ভাষণত গণতন্ত্ৰ আৰু সংবিধান আমাৰ বাবে সৰ্বোচ্চ বুলি মন্তব্য কৰে। ৰাষ্ট্ৰপতি মুৰ্মুৰ ভাষণ সমগ্ৰ দেশতে পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়। নিজ ভাষণত তেওঁ ভাৰত এখন স্বাৱলম্বী ৰাষ্ট্ৰ হোৱাৰ পথত আগবাঢ়িছে আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে আগবাঢ়িছে বুলি মন্তব্য কৰে।

তেওঁ কয়, অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত দ্ৰুতগতিত আগবাঢ়িছে। সুশাসনৰ জৰিয়তে বৃহৎ সংখ্যক লোকক দৰিদ্ৰতাৰ পৰা মুক্ত কৰা হৈছে। দৰিদ্ৰ সীমাৰেখাৰ পৰা ওলাই অহাৰ পিছত যিসকল লোকে এইপৰ্যন্ত শক্তিশালী অৱস্থা লাভ কৰিব পৰা নাই, তেওঁলোকৰ বাবে কল্যাণমূলক প্ৰচেষ্টা চলোৱা হৈছে বুলিও তেওঁ ভাষণত কয়।

দেশত সম্প্ৰতি আয়ৰ বৈষম্য আৰু আঞ্চলিক বৈষম্য হ্ৰাস পাইছে বুলিও ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে কয়। ৰাজ্য আৰু অঞ্চলসমূহে এতিয়া নিজা সামৰ্থ প্ৰদৰ্শন কৰি আগশাৰীৰ ৰাজ্যৰ দিশত খোজ মিলাই আগবাঢ়িছে বুলি তেওঁ মন্তব্য কৰে। যোৱা এটা দশকৰ ভিতৰত আন্তঃগাঁথনিৰ উন্নয়ন ত্বৰান্বিত হৈছে বুলিও তেওঁ লগতে কয়।

নিজ ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলৱেৰ ক্ষেত্ৰতো যথেষ্ট কাম কৰা হৈছে বুলি কয়। কাশ্মীৰ অঞ্চলত ৰেলপথ আৰম্ভ কৰাটো এক বৃহৎ সাফল্য বুলি তেওঁ অভিহিত কৰে। কাশ্মীৰৰ অভিযান্ত্ৰিক ক্ষেত্ৰত যি কৃতিত্ব লাভ কৰিছে সেয়া এক মাইলষ্ট বুলিও মন্তব্য কৰে ৰাষ্ট্ৰপতি মুৰ্মুৱে।

চৰকাৰে চহৰৰ ক্ষেত্ৰত উন্নয়নৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়। যোৱা দশকত মেট্ৰ’ সেৱাৰে সজ্জিত চহৰৰ সংখ্যা বৃদ্ধি পাইছে বুলি তেওঁ দোহাৰে। আয়ুষ্মান ভাৰতৰ অধীনত বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ কয়।

ইফালে ২০৪৭ চনৰ ভিতৰত ভাৰত AIৰ হাব হৈ পৰিব বুলিও আশা প্ৰকাশ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে। আমি প্ৰতিটো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিছোবুলি মন্তব্য কৰে দ্ৰৌপদী মুৰ্মুৱে। স্বদেশীৰ ধাৰণা মেক ইন ইণ্ডিয়াৰ দৰে প্ৰকল্পৰ বাবে প্ৰেৰণাদায়ক বুলি তেওঁ লগতে উল্লেখ কৰে।

ৰাষ্ট্ৰপতি মুৰ্মুৱে লগতে সমাজৰ তিনিটা শ্ৰেণী ক্ৰমে যুৱক-যুৱতী, মহিলা আৰু প্ৰান্তীয়কৃত লোকসকলে দেশক প্ৰগতিৰ পথত আগুৱাই নিব বুলি আশা প্ৰকাশ কৰে। ইফালে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে বহু পৰিৱৰ্তন কৰা হৈছে আৰু কৰ্মসংস্থাপনৰ সুযোগ বাঢ়িছে বুলি মন্তব্য কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ক্ৰীড়াৰ ক্ষেত্ৰত নতুন আত্মবিশ্বাসী যুৱক-যুৱতীসকলে নিজৰ স্থান দখল কৰিছে বুলিও আঙুলিয়াই দিয়ে। ৰাষ্ট্ৰীয় ক্ৰীড়া নীতিৰ লগত সংগতি ৰাখি এনে পৰিৱৰ্তনৰ কথা কল্পনা কৰা হৈছে, যাৰ ভিত্তিত ভাৰতে বিশ্বব্যাপী ক্ৰীড়া শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব’- এইদৰে কয় ৰাষ্ট্ৰপতি মুৰ্মুৱে।