শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পথৰ কাষত শুই থকা ব্যক্তিৰ ওপৰতে উঠিল এক সিংহ, তাৰ পিছতে হ’ল এনে কাণ্ড….

শুই থকা অৱস্থাত যদি আপোনাৰ বিচনাৰ সন্মুখত হঠাতে এটা সিংহ উপস্থিত হয়, কি কৰিব আপুনি? হয়তো এই কথা আপুনি কল্পনাও কৰিব নোৱাৰিব! পিছে শেহতীয়াকৈ দেখা গৈছে তেনে এক দৃশ্যই। এই দৃশ্য সম্প্ৰতি সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।

পথৰ কাষত শুই থকা ব্যক্তিৰ ওপৰতে উঠিল এক সিংহ, তাৰ পিছতে হ’ল এনে কাণ্ড….
ভাইৰেল ভিডিঅ’ক লৈ ব্যাপক চৰ্চাImage Credit source: X
Monjit Dutta
Monjit Dutta | Updated On: 09 Jun 2025 14:31 PM

সাধাৰণতে মুকলি ঠাইত সিংহ ওলোৱাৰ সম্ভাৱনা প্ৰায় কম। পিছে কেতিয়াবা যদি আকস্মিকভাৱে আপুনি পথত গৈ থাকোঁতে সিংহৰ দৰে কোনো জন্তুৰ মুখামুখি হয়, কি কৰিব? এই কথা ভাবিলেই হয়তো গাৰ নোম শিঁয়ৰি উঠিব আপোনাৰ। তেতিয়াহ’লে ভাৱকচোন, শুই থকা অৱস্থাত যদি আপোনাৰ বিচনাৰ সন্মুখত হঠাতে এটা সিংহ উপস্থিত হয়? হয়তো এই কথা আপুনি কল্পনাও কৰিব নোৱাৰিব! পিছে শেহতীয়াকৈ দেখা গৈছে তেনে এক দৃশ্যই। এই দৃশ্য সম্প্ৰতি সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে।

ভাইৰেল এই ভিডিঅ’টোত পথৰ কাষতে শুই থকা এগৰাকী ব্যক্তিৰ কাষতে এটা সিংহ আকস্মিকভাৱে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। পিছে শুই থকা মানুহজনৰ ওপৰত আক্ৰমণ কৰা বাদেই, সিংহটোৱে এক হুমুনিয়াহ কঢ়াৰ দৰে আচৰণ কৰি সেই স্থানৰ পৰা আঁতৰি যোৱাহে পৰিলক্ষিত হয়। সামাজিক মাধ্যম প্লেটফৰ্ম এক্সত ব্যাপক ৰূপত ভাইৰেল হৈছে এই ভিডিঅ’।

ভিডিঅ’টোত সিংহটোৱে পথত ঘূৰি ফুৰা দেখা গৈছে। এই পথটোৰ এটা চুকতে দোকান এখনৰ সমুখতে শুই আছে এজন ব্যক্তি। শুই থকা মানুহজনৰ সন্মুখত হঠাতে সিংহটো উপস্থিত হয়। এইদৰে এবাৰ মানুহজনৰ ওচৰৰ পৰা পাৰ হৈ যোৱাৰ পিছত পুনৰ তেওঁৰ কাষ চাপি আহে সিংহটো। এইবাৰ শুই থকা মানুহজনৰ ওপৰলৈও সিংহটো উঠি যায় আৰু তাৰ পিছত সিংহই এক হুমুনিয়াহ কাঢ়ি তাৰ পৰা আঁতৰি যায়।

 

এই ভাইৰেল ভিডিঅ’টোত আশে-পাশে থকা দোকানবোৰৰ নাম হিন্দীত লিখা আছে। গতিকে এই দৃশ্যটো ভাৰতৰে কোনো স্থানৰ বুলি অনুমান কৰিছে একাংশই। পিছে আন একাংশই আকৌ ভাইৰেল এই ভিডিঅ’টোৰ সত্যতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে। একাংশই দাবী কৰিছে যে এই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ সহায়ত নিৰ্মাণ কৰা হৈছে। কোনো চৰকাৰী প্ৰতিবেদনে অৱশ্যে ভিডিঅ’টোৰ সত্যতা সন্দৰ্ভত তথ্য প্ৰকাশ কৰা নাই।

অৱশ্যে সত্য বা ভুৱা যিয়েই নহওক কিয়, এই ভিডিঅ’টোৱে নেটিজেনৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে। এই পোষ্টটোত কেইবা হাজাৰ লোকে ৰিয়েক্ট কৰাৰ লগতে বহুলোকে পোষ্টটোৰ ওপৰত মন্তব্যও প্ৰকাশ কৰিছে। ভাইৰেল এই ভিডিঅ’টোৱে এইপৰ্যন্ত ১০ লাখৰো অধিক ভিউজ লাভ কৰিছে।