শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অৱশেষত স্বীকাৰ! অপাৰেশ্যন সেন্দূৰৰ সময়ত টুকুৰা-টুকুৰ হৈ গৈছিল মাছুদৰ পৰিয়ালৰ আটাইকেইজন সদস্য…

অপাৰেশ্যন সেন্দূৰত সন্ত্ৰাসবাদী মাছুদৰ পৰিয়াৰ ধ্বংস হৈ গৈছিল। পৰিয়ালৰ আটাইকেইজনৰে মৃত্যু হৈছিল। অপাৰেশ্যন সেন্দূৰৰ প্ৰায় ৪ মাহ পাছত এই কথা স্বীকাৰ কৰিলে মাছুদৰ ঘনিষ্ঠই।

অৱশেষত স্বীকাৰ! অপাৰেশ্যন সেন্দূৰৰ সময়ত টুকুৰা-টুকুৰ হৈ গৈছিল মাছুদৰ পৰিয়ালৰ আটাইকেইজন সদস্য…
মাছুদ আজহৰImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 Sep 2025 14:32 PM

অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদী মাছুদ আজহৰ সমগ্ৰ পৰিয়ালটো নিশ্চিহ্ন হৈ গৈছিল। অপাৰেশ্যন সেন্দূৰৰ প্ৰায় ৪মাহ পাছত এই কথা স্বীকাৰ কৰিছে মাছুদৰ সহযোগী তথা অতি ঘনিষ্ঠ মাছুদ ইলিয়াছ কাশ্মীৰিয়ে। তেওঁ কয় যে, “৭ মে’ৰ নিশা মাছুদ আজহৰৰ পৰিয়ালৰ সদস্যসকল বাহাৱালপুৰৰ ঘৰত শুই আছিল। সেই সময়তে ভাৰতে কৰা আক্ৰমণত আটাইকেইজন সদস্যই মৃত্যুক সাৱতি লয়। আমি কিয় এই ত্যাগ কৰিলো সেয়া বুজিব লাগিব”।

এক বিশাল জনসভাত ভাষণ প্ৰদান কৰি এই মন্তব্য কৰে ইলিয়াছে। তেওঁ কাশ্মীৰী জৈছৰ প্ৰচাৰ শাখাৰ মুৰব্বী। ইলিয়াছক মাছুদৰ অতি ঘনিষ্ঠ বুলি গণ্য কৰা হয়। মাছুদৰ লগতে ইলিয়াছেও যুৱক-যুৱতীসকলক সন্ত্ৰাসবাদত অন্তৰ্ভুক্ত হোৱাৰ বাবে উৎসাহ যোগায়। তেওঁ NIAৰ সন্ত্ৰাসবাদীৰ তালিকাৰ শীৰ্ষত আছে।

উল্লেখ্য যে, পহলগাম আক্ৰমণৰ পাছতেই ৭ মে’ত ভাৰতে অপাৰেশ্যন সেন্দূৰ চলায়। এই সময়চোৱাত বহালপুৰ মাদ্ৰাছাত আক্ৰমণ কৰা হয়। এই মাদ্ৰাছাখন আছিল জৈছৰ প্ৰধান মাছুদ আজহৰৰ। ঘটনাৰ দিনা মাছুদৰ পৰিয়ালটো এই মাদ্ৰাছৰ ভিতৰতে শুই আছিল। কিন্তু অপাৰেশ্যন সেন্দূৰৰ সময়ত এই মাদ্ৰাছাত আক্ৰমণ কৰা হয় য’ত মাছুদৰ পৰিয়ালৰ ১৪ জন সদস্যৰ মৃত্যু হয়। সেই সময়ত মাছুদ ঘৰত নাছিল, যাৰ বাবে তেওঁৰ প্ৰাণ ৰক্ষা পৰে।

এই আক্ৰমণৰ পাছতে মাছুদে এখন পত্ৰ লিখিছিল। য’ত তেওঁ কৈছিল যে, মই এতিয়া জীয়াই থাকিব নিবিচাৰো। পাকিস্তানী সংবাদ মাধ্যমৰ মতে অপাৰেশ্যন সেন্দূৰত মাছুদৰ জ্যোষ্ঠ ভগ্নী, ভায়েকৰ লগতো ১৪ জনৰ মৃত্যু হৈছিল।

তেতিয়াৰ পৰা আণ্ডাৰ গ্ৰাউণ্ড হৈ আছে মাছুদ। এতিয়ালৈকে মাছুদৰ কোনো খবৰ নাই। ইয়াৰ মাজতে শেহতীয়াকৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে দাবী কৰিছিল যে পাকিস্তানৰ মাটিত কোনো সন্ত্ৰাসবাদী নাই। পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী বিলোৱাল ভুট্টোৰ মতে মাছুদৰ দৰে সন্ত্ৰাসবাদীয়ে হয়তো আফগানিস্তানত আত্মগোপন কৰি আছে। কিন্তু আফগানিস্তানে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, যোৱা এপ্ৰিল মাহত লস্কৰ-ই-তৈবাৰ অন্তৰ্গত পাকিস্তানী সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পহলগামত ২৬ জন নিৰীহ লোকক হত্যা কৰিছিল। ধৰ্ম সুধি সুধি এই হত্যালীলা চলাইছিল সন্ত্ৰাসবাদীয়ে। তাৰ পাছতে ভাৰতে চলাইছিল অপাৰেশ্যন সেন্দূৰ। পি অ’ কে আৰু পাকিস্তানৰ মাটিত থকা ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল ভাৰতীয় সেনাই। য’ত প্ৰায় ১০০ জনৰো অধিক সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। ভাৰত চৰকাৰৰ মতে, এতিয়াও অপাৰেশ্যন সেন্দূৰ অব্যাহত আছে।

 

অন্য খবৰ পঢ়কঃ পিচ্ছে দেখো পিচ্ছে’ ভিডিঅ’টি মনত আছেনে? ভাইৰেল আহমদ শ্বাহৰ ভাতৃৰ হাৰ্ট এটেকত মৃত্যু…