শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

BHUৰ জঘন্য ছাত্ৰী আতিশয্য কাণ্ডৰ দুই অভিযুক্তক মুকলিঃ বিজেপিক আক্ৰমণ অখিলেশ যাদৱৰ

বিগত বৰ্ষৰ ২ নৱেম্বৰত সংঘটিত বেনাৰসৰ BHU IITৰ এগৰাকী ছাত্ৰীৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ দুই অভিযুক্ত আজি কাৰামুক্ত হয়। অভিযুক্ত দুগৰাকীৰ কাৰামুক্তিৰ পিছতে উত্তৰ প্ৰদেশৰ শাসকীয় বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে।

BHUৰ জঘন্য ছাত্ৰী আতিশয্য কাণ্ডৰ দুই অভিযুক্তক মুকলিঃ বিজেপিক আক্ৰমণ অখিলেশ যাদৱৰ
BHU কাণ্ডৰ অভিযুক্তৰ মুক্তি সন্দৰ্ভত অখিলেশ যাদৱৰ প্ৰতিক্ৰিয়া
Monjit Dutta
Monjit Dutta | Published: 01 Sep 2024 17:51 PM

বিগত বৰ্ষৰ নৱেম্বৰত উত্তৰ প্ৰদেশৰ বেনাৰসস্থিত BHU IITৰ এগৰাকী ছাত্ৰীৰ দলবদ্ধ ধৰ্ষণ কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। এই ঘটনাক লৈ দেশজুৰি হোৱা প্ৰতিবাদৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰায় দুমাহৰ পিছত গ্ৰেপ্তাৰ কৰিছিল তিনি অভিযুক্তক। এই তিনি অভিযুক্তৰে দুগৰাকীয়ে আজি কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিছে। দুই অভিযুক্তক চৰ্তসাপেক্ষ জামিন মঞ্জুৰ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে। অহা ১৬ ছেপ্টেম্বৰত এই গোচৰৰ তৃতীয় অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব।

অভিযুক্তৰ অধিবক্তাই তেওঁলোকক নিৰ্দোষী দাবী কৰি এই ঘটনাৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক নাছিল বুলি দাবী কৰে। অধিবক্তাগৰাকীয়ে লগতে প্ৰমাণ আইনৰ ৯ নং ধাৰাত অভিযুক্তৰ চিনাক্তকৰণ পেৰেডো অনুষ্ঠিত কৰা হোৱা নাছিল বুলি আদালতৰ সমুখত যুক্তি দৰ্শায়। গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে দোষী প্ৰমাণিত নোহোৱালৈকে কাৰাবাস খটাটো সঠিক নহয় বুলি উল্লেখ কৰে।

ইয়াৰ পিছত ভাৰতীয় সংবিধানৰ ২১ নং দফা অনুসৰি জীৱন আৰু স্বাধীনতাৰ অধিকাৰৰ উল্লেখ কৰি আদালতে দুই অভিযুক্ত ক্ৰমে কুনাল পাণ্ডে আৰু আনন্দ ওৰফে অভিষেক চৌহানক চৰ্তসাপেক্ষ জামিন প্ৰদান কৰে। ১৬ ছেপ্টেম্বৰত উচ্চ ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হ’ব তৃতীয় অভিযুক্ত সক্ষম পেটেলৰ আবেদন। ইতিপূৰ্বে উচ্চ ন্যায়ালয়ত সক্ষমৰ জামিন আবেদন এবাৰ নাকচ কৰা হৈছে।

ইফালে দুই অভিযুক্তক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ পিছতে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে ৰাজ্যখনৰ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে। বি এইচ ইউৰ এই দলবদ্ধ ধৰ্ষণ গোচৰৰ তিনি অভিযুক্ত বিজেপিৰ আই টি চেলৰ কৰ্মী আছিল বুলি সোঁৱৰাই দি দুই অভিযুক্তৰ জামিন গৰিহণাদায়ক আৰু চিন্তনীয় বুলি মন্তব্য কৰিছে অখিলেশ যাদৱে।

আদালতত অভিযুক্তৰ বিৰুদ্ধে দুৰ্বল যুক্তি-প্ৰমাণ দাখিলৰ ক্ষেত্ৰত কাৰ হেঁচা আছিল বুলিও প্ৰশ্ন উত্থাপন কৰিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ লগতে এনে কাৰ্যৰ দ্বাৰা দেশৰ কন্যা সন্তানৰ মনোবল হ্ৰাস কৰাটো অত্যন্ত লজ্জাজনক কথা বুলি ক্ষোভ প্ৰকাশ কৰে। বিজেপিয়ে দেশৰ ভগ্নী-কন্যাক এই বিষয়ে কিবা ক’ব বিচাৰিবনে বুলিও অখিলেশ যাদৱে প্ৰশ্ন কৰিছে।

তেওঁ লগতে প্ৰকৃত সাংবাদিকতা কৰা সকলো মহিলা এংকৰে এই বিষয়ে নিজৰ নিজৰ শ্ব’ নিশ্চয় অনুষ্ঠিত কৰিব বুলি আশা প্ৰকাশ কৰে আৰু দেশৰ ‘প্ৰধান সংসদীয়’ সমষ্টিত বিজেপি কৰ্মীসকলে ধৰ্ষণৰ বিশেষ ৰেহাই আৰু স্বাধীনতা লাভ কৰিছে নেকি সেই কথা স্পষ্ট কৰি দিব লাগে বুলিও মন্তব্য কৰে। এই দুই অভিযুক্তৰ জামিনক কেন্দ্ৰ কৰি সামাজিক মাধ্যমতো ব্যাপক প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈছে।

উল্লেখ্য যে আজি কাৰামুক্ত হোৱা অভিযুক্ত দুজনৰ ভিতৰত এজনে ২ জুলাইত উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল আৰু আনজনে ৪ জুলাইত জামিন লাভ কৰিছিল। অভিযুক্তক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ পিছতে উত্তৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি অজয় ​​ৰায়েও ৰাজ্য চৰকাৰে আদালতত গোচৰটোৰ ক্ষেত্ৰত সঠিকভাৱে যুঁজ দিয়া নাছিল তথা অভিযুক্তৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ দাখিল কৰা হোৱা নাছিল বুলি অভিযোগ কৰিছে।

স্মৰ্তব্য যে বিগত বৰ্ষৰ ২ নৱেম্বৰত গভীৰ নিশা সংঘটিত হোৱা এই ঘটনাক লৈ বেনাৰসত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছিল। কেইবাদিনো ধৰি ভুক্তভোগী ছাত্ৰীগৰাকীৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাই আহিছিল বহু লোক। ইয়াৰ পিছতে বেনাৰস আৰক্ষীয়ে নিৰ্যাতনৰ ধাৰাত এই গোচৰ ৰুজু কৰিছিল। পিছত দণ্ডাধীশৰ সন্মুখত দিয়া বক্তব্যৰ আধাৰত গণধৰ্ষণৰ ধাৰা সংযোজন কৰা হৈছিল।

ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল যদিও বহুদিনলৈ গ্ৰেপ্তাৰ কৰা নাছিল কোনো অভিযুক্তক। এনে পৰিস্থিতিত ছাত্ৰীগৰাকীৰ ন্যায় আৰু অভিযুক্তৰ গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছিল। ইয়াৰ পিছতহে আৰক্ষীয়ে ৩০ ডিচেম্বৰৰ নিশা তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰে। এই তিনিও অভিযুক্ত বিজেপিৰ আই টি চেলৰ সদস্য আছে বুলি খবৰ প্ৰকাশ পাইছিল।