পাকিস্তানৰ লগত যদি আলোচনা হয়, সেয়া হ’ব কেৱল PoKৰ ওপৰতঃ প্ৰধানমন্ত্ৰী মোদী
দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক স্পষ্ট ৰূপত ভাৰতৰ স্থিতিৰ কথা জনাই দিয়ে আৰু দেশখনৰ সৈতে যদি আলোচনা হ’ব, তেন্তে সেয়া সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ (PoK)ৰ ওপৰত হ’ব বুলি উল্লেখ কৰে। তেওঁ লগতে সন্ত্ৰাস আৰু আলোচনা একেলগে হ’ব নোৱাৰে বুলিও ভাৰতৰ স্থিতি স্পষ্ট কৰি দিয়ে।

যোৱা শনিবাৰে পাকিস্তানৰ সৈতে যুদ্ধবিৰতি ঘোষণাৰ পিছত আজি অপাৰেচন সেন্দূৰ সন্দৰ্ভত দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নিজ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তান চৰকাৰ তথা সেনা আৰু সন্ত্ৰাসবাদীক তীব্ৰ সকীয়নি প্ৰদান কৰে। পাকিস্তানক স্পষ্ট ৰূপত সকীয়নি দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে প্রতিশোধমূলক কার্যহে স্থগিত ৰাখিছে, ইয়াৰ পিছত ভাৰতে কি পদক্ষেপ ল’ব সেয়া সম্পূৰ্ণৰূপে পাকিস্তানৰ মনোভাৱ অনুসৰি সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে আন এক গুৰুত্বপূৰ্ণ মন্তব্যও কৰিছে।
দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে পাকিস্তানক স্পষ্ট ৰূপত ভাৰতৰ স্থিতিৰ কথা জনাই দিয়ে আৰু দেশখনৰ সৈতে যদি আলোচনা হ’ব, তেন্তে সেয়া সন্ত্ৰাসবাদ আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ (PoK)ৰ ওপৰত হ’ব বুলি উল্লেখ কৰে। তেওঁ লগতে সন্ত্ৰাস আৰু আলোচনা একেলগে হ’ব নোৱাৰে বুলিও ভাৰতৰ স্থিতি স্পষ্ট কৰি দিয়ে। একেদৰে সন্ত্ৰাস আৰু বাণিজ্য একেলগে হ’ব নোৱাৰে, আনকি পানী আৰু তেজ একেলগে বৈ যাব নোৱাৰে বুলি মন্তব্য কৰে।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে পাকিস্তানৰ সেনা আৰু চৰকাৰে সন্ত্ৰাসবাদক উৎসাহিত কৰিছে বুলিও স্পষ্ট ভাষাৰে উল্লেখ কৰে আৰু এই কাৰ্যই এদিন পাকিস্তানক ধ্বংস কৰিব বুলিও সকীয়াই দিয়ে। যদি পাকিস্তানে জীয়াই থাকিব বিচাৰে, তেতিয়া সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰিব লাগিব বুলি পাকিস্তানৰ প্ৰতি পৰামৰ্শ আগবঢ়ায় প্ৰধানমন্ত্ৰী মোদীয়ে। ইয়াৰ বাহিৰে শান্তিৰ আন কোনো উপায় নাই বুলিও তেওঁ লগতে কয়।
যোৱা ২২ এপ্ৰিলত পহলগামত সন্ত্ৰাসবাদীয়ে যি বৰ্বৰভাৱে নিৰ্দোষী লোকসকলক হত্যা কৰিলে, সেয়া আতংকৰ অত্যন্ত বীভৎস চেহেৰা আছিল বুলি উল্লেখ কৰে মোদীয়ে। এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সমগ্ৰ দেশে একজোঁট হৈ সন্ত্ৰাসবাদীৰ বিপক্ষে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে থিয় দিছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে সন্ত্ৰাসবাদীক ধ্বংসৰ বাবে ভাৰতীয় সেনাক পূৰ্ণ স্বাধীনতা দিয়া বুলি সদৰী কৰে।
এতিয়া প্ৰতিজন সন্ত্ৰাসবাদী আৰু প্ৰতিটো সন্ত্ৰাসবাদী সংগঠনে ভাৰতীয় মহিলাৰ সেন্দূৰ আঁতৰোৱাৰ মূল্য কি হ’ব সেয়া ভালদৰে জানিছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়। অপাৰেচন সেন্দূৰক ন্যায়ৰ অখণ্ড প্ৰতিজ্ঞা বুলি অভিহিত কৰি মোদীয়ে লগতে ভাৰতে যে একে এক কঠোৰ পদক্ষেপ ল’ব পাৰে সেয়া সন্ত্ৰাসবাদীয়ে সপোনতো ভবা নাছিল বুলি মন্তব্য কৰে। কিন্তু যেতিয়া দেশ প্ৰথম ধাৰণাৰে উদ্বুদ্ধ হৈ সমগ্ৰ দেশ একলগ হ’ব পাৰে, তেতিয়া এনে পদক্ষেপ ল’ব পাৰে তথা ফলাফল দেখুৱাব পাৰে বুলিও মন্তব্য কৰে মোদীয়ে।
ইফালে ভাৰত আৰু ভাৰতীয় সেনা সষ্টম হৈ আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে চাৰ্জিকেল ষ্ট্ৰাইক আৰু এয়াৰ ষ্ট্ৰাইকৰ পিছত অপাৰেচনক সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতি বুলি আখ্যা দিয়ে। ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হ’লে উপযুক্ত উত্তৰ দিয়া হ’ব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। সন্ত্ৰাসবাদৰ শিপা সৃষ্টি হোৱা প্ৰতিটো স্থানতে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি হুংকাৰ দি তেওঁ লগতে সন্ত্ৰাসবাদক পৃষ্ঠপোষকতা কৰা চৰকাৰ আৰু সন্ত্ৰাসবাদৰ মালিকসকলক ভাৰতে পৃথকে হিচাপে ধাৰণা নকৰিব বুলিও পাকিস্তানক স্পষ্টকৈ সকীয়াই দিয়ে প্ৰধানমন্ত্ৰীগৰাকীয়।