Divorce Case: পত্নীয়ে স্বামীগৃহত থাকিব নিবিচাৰিলে স্বামীয়ে বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিব পাৰে নে? আইনে কি কয়?
Divorce Case: বিবাহ বিচ্ছেদ হ’লে স্বামীয়ে নিবিচাৰিলেও প্ৰায়ে পত্নীক ভৰণ-পোষণ দিবলগীয়া হয়। কিন্তু পত্নীয়ে যদি কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ শহুৰৰ ঘৰৰ পৰা ওলাই যায়? তেতিয়াও একে পৰিস্থিতি হ'বনে?

সময়ৰ লগে লগে আমাৰ সমাজখন সলনি হ’বলৈ ধৰিছে । সলনি হৈছে কেতবোৰ নীতি-নিয়ম, পৰম্পৰাও । পূৰ্বে মহিলাসকলে বিয়াৰ পিছত পিতৃগৃহ এৰি স্বামীগৃহলৈ গৈছিল । সেইটোৱেই আছিল সাধাৰণ নিয়ম । বৰ্তমান সেই ধাৰাত বহু পৰিৱৰ্তন হৈছে । বহু লোকে বিয়াৰ পিছত পিতৃ-মাতৃৰ ঘৰ এৰি নিজাববীয়াকৈ পৃথকে থাকে । বহু ক্ষেত্ৰত পাৰিবাৰিক বিবাদৰ বাবে ঘৰৰ পৰা ওলাই যাব বিচাৰে। ইয়াৰ বাবেই কেতিয়াবা বহু সম্পৰ্ক ভাঙি যায় ।
বিবাহ বিচ্ছেদ হ’লে স্বামীয়ে প্ৰায়ে ইচ্ছা নকৰিলেও পত্নীক পোহপাল দিবলগীয়া হয় । কিন্তু পত্নীয়ে যদি কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ স্বামী গৃহৰ পৰা ওলাই যায়, তেতিয়া? তেতিয়াও স্বামীয়ে বিবাহ বিচ্ছেদ বিচাৰিব পাৰেনে? এই ক্ষেত্ৰত আইনে কি কয়?
হিন্দু বিবাহ আইন, ১৯৫৫ৰ ১৩(১)(ib) ধাৰা অনুসৰি যদি স্বামী-পত্নীৰ ভিতৰত কোনোবা এজনে কোনো যুক্তিসংগত কাৰণ উত্থাপন নকৰাকৈ আনজনক এৰি যায় আৰু কমেও দুবছৰ ধৰি অবিৰতভাৱে অনুপস্থিত থাকে, তেন্তে সেয়া বিবাহ বিচ্ছেদৰ ভিত্তি হ’ব পাৰে ।
উচ্চতম ন্যায়ালয়ৰ লগতে বিভিন্ন উচ্চ ন্যায়ালয়ে নিজৰ ৰায়দানত এই বিষয়ত গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ দিছে । উদাহৰণস্বৰূপে, দিল্লী উচ্চ ন্যায়ালয়ে এটা গোচৰৰ সিদ্ধান্ত দিয়াৰ সময়ত ঘটনাটোৰ পৰ্যবেক্ষণ কৰিছিল । যদি এগৰাকী পত্নীয়ে কোনো বৈধ কাৰণ নোহোৱাকৈ বাৰে বাৰে স্বামীগৃহ এৰি থৈ যায়, এই গোচৰত আদালতে বিবাহ বিচ্ছেদৰ আবেদন মানি লয় ।
এলাহাবাদ উচ্চ ন্যায়ালয়ে এই গোচৰৰ সিদ্ধান্ত লোৱাৰ সময়ত স্পষ্ট কৰি দিছিল যে যদি কোনো পত্নীয়ে উপযুক্ত কাৰণ নোহোৱাকৈ স্বামীৰ সৈতে থাকিব নিবিচাৰে, তেন্তে তেওঁ ভৰণ-পোষণৰ অধিকাৰী নহয় । এই ৰায়দানৰ পৰা এইটো স্পষ্ট হৈ পৰে যে, যদি পত্নীয়ে যুক্তিসংগত কাৰণ নোহোৱাকৈ স্বামীগৃহত থাকিব নিবিচাৰে তেন্তে স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিব পাৰে ।
কিন্তু মনত ৰাখিব, প্ৰতিটো গোচৰৰ তথ্য আৰু পৰিস্থিতি বেলেগ বেলেগ হ’ব পাৰে । গতিকে বিশেষ গোচৰটোৰ বাবে উপযুক্ত পৰামৰ্শ ল’বলৈ আইনী ব্যৱস্থা লোৱাৰ আগতে এজন অধিবক্তাৰ পৰামৰ্শ লওক । এই প্ৰতিবেদন কেৱল প্ৰাপ্ত তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে ।