আকৌ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰিলে উচিত শিক্ষা দিম… পাকিস্তানক সকীয়নি এছ জয়শংকৰৰ
বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানক সকীয়াই দিয়ে যে, যদি পহলগামৰ দৰে সন্ত্ৰাসবাদী আক্ৰমণ পুনৰ সংঘটিত হয়, তেন্তে ভাৰতে উপযুক্ত উত্তৰ দিবলৈ সাজু। ইউৰোপ ভ্ৰমণৰ সময়তে তেওঁ এই মন্তব্য কৰে।

ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে পাকিস্তানক কঠোৰ ভাষাৰে সকীয়নি দিয়ে। তেওঁ কয়, ‘যদি পুনৰ পহলগামৰ দৰে সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয়, তেন্তে পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ নেতাসকলৰ বিৰুদ্ধে ভাৰতে এইবাৰ পূৰ্বতকৈও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁলোক য’তেই নাথাকক কিয়, বিচাৰি পাকিস্তানৰ ভিতৰত সোমাই হত্যা কৰিম।’
‘ইউৰোপ ভ্ৰমণৰ সময়ত বেলজিয়ামত পলিটিকোৰ সৈতে হোৱা কথা-বতৰাত জয়শংকৰে কয় যে ‘পাকিস্তানে মুকলিকৈ হাজাৰ হাজাৰ সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়ে আৰু ভাৰতৰ বিৰুদ্ধে মুকলি কৰি দিয়ে। আমি কোনো মূল্যৰ বিনিময়ত এই কথা সহ্য নকৰো।’ জয়শংকৰে কয়, ‘পাকিস্তানে সন্ত্ৰাসবাদক নিজৰ নীতিৰ অংশ হিচাপে গণ্য কৰে। এইটোৱেই উত্তেজনাৰ আটাইতকৈ ডাঙৰ শিপা।’
বায়ুসেনাই পাকিস্তানক যুদ্ধবিৰতি কৰিবলৈ বাধ্য কৰালেঃ জয়শংকৰ
ভাৰতীয় বায়ুসেনাৰ ৰাফেল বিমান আৰু মিছাইলৰ প্ৰশংসা কৰি বৈদেশিক মন্ত্ৰী জয়শংকৰে কয় যে, তেওঁলোকৰ আক্ৰমণে পাকিস্তানৰ বিমানবন্দৰ ধ্বংস কৰে। ইয়াৰ পিছত পাকিস্তানে সেও মানিলে। এই কাৰণেই পাকিস্তানৰ ডি জি এম অ’ই শান্তিৰ বাবে আবেদন কৰিব লগা হৈছিল। গুগলত উপলব্ধ ছবিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, আমি পাকিস্তানৰ আঠটা ডাঙৰ বিমানবন্দৰৰ ৰাণৱে আৰু হেংগাৰ (শ্বেড) ধ্বংস কৰিলোঁ। যিটো পাকিস্তান চৰকাৰেও মানি লৈছে।
ইউৰোপ ভ্ৰমণৰ সময়ত দ্বিপাক্ষিক সম্পৰ্কত গুৰুত্ব
সপ্তাহজোৰা ইউৰোপ ভ্ৰমণত জয়শংকৰে ইউৰোপীয় সংঘ, বেলজিয়াম আৰু ফ্ৰান্সৰ নেতাসকলক সাক্ষাৎ কৰিব। ইয়াৰ মাজতে তেওঁ ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি পুনৰবাৰ উল্লেখ কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰিব। তেওঁ স্পষ্টকৈ কয় যে ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কোনো ক্ৰুটি নাৰাখিব।
Great to interact with members of Indian community of Belgium and Luxembourg.
Discussed with them the steady progress of India – Belgium ties and engagement with the EU.
Also apprised them of our efforts at countering terrorism and ensuring progress & prosperity of India.
🇮🇳… pic.twitter.com/rQQNp5jwJn
— Dr. S. Jaishankar (@DrSJaishankar) June 9, 2025
আমি কেতিয়াও পাৰমাণৱিক ব্লেকমেইলিঙৰ সন্মুখীন হ’ব নালাগে: জয়শংকৰ
ইউৰোপীয় সংঘৰ বৈদেশিক পৰিক্ৰমা আৰু নিৰাপত্তা নীতিৰ উচ্চ প্ৰতিনিধি কাজা কল্লাছৰ সৈতে এক সংবাদমেলৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে ‘আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আমাৰ সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি থাকিব লাগে। ইয়াৰ বাবেও আমি কেতিয়াও পাৰমাণৱিক ব্লেকমেইলিঙৰ সন্মুখীন হ’ব নালাগিব। বৈশ্বিক সমুদায়ৰ বাবে এয়া এক সাধাৰণ আৰু পৰস্পৰৰ প্ৰত্যাহ্বান। কিন্তু আমি ইয়াৰ বাবে সাজু।’