শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰথমে ল’লে ছেলফি, লিখিলে চিঠি, তাৰ পাছতেই জঁপিয়ালে গংগাত… কি লিখি থৈ গ’ল দম্পতীহালে?

জানিব পৰা মতে সৌৰভৰ কোটি কোটি টকাৰ ঋণ আছিল। যাৰ বাবে যথেষ্ঠ চিন্তিত আছিল তেওঁ। এনেবোৰ কাৰণতে তেওঁ পত্নীৰ সৈতে মিলি গংগাত জঁপিয়াই চৰম পন্থা গ্ৰহণ কৰে।

প্ৰথমে ল’লে ছেলফি, লিখিলে চিঠি, তাৰ পাছতেই জঁপিয়ালে গংগাত… কি লিখি থৈ গ’ল দম্পতীহালে?
পতি-পত্নী
barasha-sarma
Barasha Sarma | Published: 13 Aug 2024 15:28 PM

দেশত বিভিন্ন ধৰণৰ ঘটনাৰ লগতে আত্মহত্যাৰ দৰে ঘটনাও বৃদ্ধি পাবলৈ লৈছে। ইয়াৰ মাজতে এনে খবৰ পোহৰলৈ আহিছে য’ত এহাল দম্পতীয়ে প্ৰথমে ছেলফি লয়, চুইচাইড নোট লিখে আৰু পাছত গংগাত জাঁপ দি আত্মহত্যা কৰে। উত্তৰ প্ৰদেশৰ পৰা পোহৰলৈ আহিছে এই ঘটনা। জানিব পৰা মতে ছাহৰনপুৰৰ বাসিন্দা দম্পতীহাল আত্মহত্যা কৰাৰ বাবে হৰিদ্বাৰলৈ আহে। তাতে তেওঁলোকে ছেলিফি লয় আৰু সেই ফটো, চুইচাইড নোটৰ সৈতে বন্ধুলৈ প্ৰেৰণ কৰে। ইয়াৰ পাছতে দুয়ো আত্মহত্যা কৰে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে স্বামীৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও মহিলাগৰাকীৰ মৃতদেহ এতিয়াও উদ্ধাৰ হোৱা নাই।  দম্পতীহালে চুইচাইড নোটত উল্লেখ কৰা অনুসৰি তেওঁলোকে বহুলোকৰ পৰা ঋণ লৈ থৈছিল আৰু এয়া তেওঁলোকে পৰিশোধ কৰিব পৰা নাছিল। যাৰ বাবে তেওঁলোকে এই সিদ্ধান্ত গ্ৰহণ কৰে।  লগতে চুইচাইড নোটত লিখে যে, তেওঁলোকৰ ওচৰত যি সম্পত্তি আছে সেয়া তেওঁলোকে দুই সন্তানৰ নামত কৰিব বিচাৰে। লগতে সন্তান দুটি ককাক- আইতাকৰ লগত থাকিব বুলিও উল্লেখ কৰে।

তথ্য অনুসৰি মৃত ব্যৱসায়ীজনৰ নাম সৌৰভ বব্বৰ। তেওঁৰ পত্নীৰ নাম আছিল মোনা বব্বৰ। ঘটনাৰ দিনা অৰ্থাৎ ১০ আগষ্টত দুয়োজনে বাইকেৰে ঘৰৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্ব আহি হৰিদ্বাৰ পায়। তাৰ পিছত শেষবাৰৰ বাবে একেলগে চেলফি তুলি বন্ধুৰ হোৱাটছএপত চুইচাইড নোটৰ সৈতে পঠিয়াই দিয়ে । ইয়াৰ পিছত দুয়ো গংগাত জপিয়াই আত্মহত্যা কৰে।

ছুইচাইড নোট আৰু ফটোখন হোৱাটছএপত দেখাৰ লগতে বন্ধুজনো সৌৰভৰ পৰিয়ালক অৱগত কৰে। লগে লগে পৰিয়ালৰলোক আৰক্ষীৰ লগত উক্ত স্থানলৈ যায়। কিন্তু তেতিয়ালৈকে দুয়োৰে মৃত্যু হৈছিল। বহু প্ৰচেষ্টাৰ অন্তত আৰক্ষীয়ে সৌৰভৰ মৃতদেহ হৰিদ্বাৰৰ ৰাণীপুৰ কোতৱালি অঞ্চলৰ গংগাৰ পৰা উদ্ধাৰ কৰে। সৌৰভৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে সমগ্ৰ পৰিয়ালত শোকৰ সৃষ্টি হয়। এতিয়াও উদ্ধাৰ হোৱা নাই মহিলাগৰাকীৰ মৃতদেহ।

চিঠিখন

জানিব পৰা মতে সৌৰভৰ কোটি কোটি টকাৰ ঋণ আছিল। যাৰ বাবে যথেষ্ঠ চিন্তিত আছিল তেওঁ। এনেবোৰ কাৰণতে তেওঁ পত্নীৰ সৈতে মিলি গংগাত জঁপিয়াই আত্মহত্যা কৰে।

১০ আগষ্টত দুয়ো আত্মহত্যা কৰিছিল যদিও ১২ আগষ্টত সৌৰভৰ মৃতদেহ উদ্ধাৰ হয়। পৰিয়ালৰলোকে সৌৰভৰ মৃতদেহটো ঘৰলৈ আনি শেষ কৃত্য কৰে। আনহাতে সৌৰভৰ পত্নীক বিচাৰি এতিয়াও আৰক্ষী আৰু উদ্ধাৰকাৰী দলে অভিযান চলাই আছে।  জানিব পৰা মতে প্ৰায় ১৮ বছৰ পূৰ্বে সৌৰভৰ বিয়া হৈছিল। দুয়োৰে ১২ আৰু ৭ বছৰীয়া দুই সন্তানো আছে।