এয়া কি কাণ্ড! ফুলশয্যাৰ নিশা পত্নীক স্বামীয়ে দেখুৱালে প্ৰেমিকাৰ ফটো, কৰিলে এনে আজৱ দাবী….
ফুলশয্যাৰ নিশা বিচনাত উঠিয়ে কইনাক দৰাই কৰিলে চূড়ান্ত বৈষম্যমূলক আচৰণ আৰু অপমান। আনকি নিজৰ প্ৰেমিকাৰ ফটো দেখুৱাই দৰাই কইনাক বিবাহ ভঙাৰো হুংকাৰ দিয়ে। কইনাৰ অভিযোগ, দৰাই নিজ প্ৰেমিকাৰ ফটো দেখুৱাই তেওঁৰ চেহেৰা ভাল নাপায় বুলি কয় আৰু পৰিয়ালৰ সন্মানৰ বাবেহে এই বিয়া কৰোৱা বুলি জানিবলৈ দি বিয়া ভাঙিব বুলি ভাবুকি দিয়ে।
এক সুখৰ সংসাৰৰ আশাত পৰিয়ালৰ পছন্দ অনুসৰি এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল এগৰাকী যুৱতী। পিছে ভৱিষ্যতৰ এই সকলো আশা-আকাংক্ষাৰ অন্ত পৰিবলৈ নালাগিল অধিক সময়। যিগৰাকী পুৰুষৰ সৈতে যুৱতীগৰাকীয়ে দেখিছিল সোণালী ভৱিষ্যতৰ স্বপ্ন, সেই পুৰুষে ফুলশয্যাৰ নিশাই তেওঁৰ এই স্বপ্নৰ অৱসান ঘটালে। এক আশ্চৰ্যকৰ কাৰ্যৰ দ্বাৰা স্বামীয়ে ফুলশয্যাৰ নিশাই যুৱতীগৰাকীক সম্পৰ্ক ছিন্ন কৰিবলৈ বাধ্য কৰালে। ইতিমধ্যে এই বিষয়ত আৰক্ষীৰ কাষ চাপিছে যুৱতীগৰাকী।
এই ঘটনা উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰ জিলাৰ। ফুলশয্যাৰ নিশা বিচনাত উঠিয়ে কইনাক দৰাই কৰিলে চূড়ান্ত বৈষম্যমূলক আচৰণ আৰু অপমান। আনকি নিজৰ প্ৰেমিকাৰ ফটো দেখুৱাই দৰাই কইনাক বিবাহ ভঙাৰো হুংকাৰ দিয়ে। কইনাৰ অভিযোগ, দৰাই নিজ প্ৰেমিকাৰ ফটো দেখুৱাই তেওঁৰ চেহেৰা ভাল নাপায় বুলি উল্লেখ কৰে আৰু পৰিয়ালৰ সন্মানৰ বাবেহে এই বিয়া কৰোৱা বুলি জানিবলৈ দি বিয়া ভাঙিব বুলি ভাবুকি দিয়ে।
ইফালে এই সম্পৰ্ক অব্যাহত ৰাখিবলৈ হ’লে যুৱতীগৰাকীয়ে ঘৰৰ পৰা ২০ লাখ টকা আনিব লাগিব বুলি দৰাই দাবী কৰা বুলিও কইনাই অভিযোগ কৰিছে। এই দাবী অস্বীকাৰ কৰাৰ বাবে দৰাজনে তেওঁক মাৰপিট কৰি ঘৰৰ পৰা বাহিৰ কৰি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে কইনাই। এই সন্দৰ্ভত ইতিমধ্যে কইনাগৰাকীয়ে দৰা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বুলন্দশ্বাহৰ কোতৱালি ডেহাটত এজাহাৰ দাখিল কৰিছে।
হিনা মালিক নামৰ এই যুৱতীগৰাকীয়ে উল্লেখ কৰা মতে ২০২২ চনৰ ৫ ডিচেম্বৰত গাজিয়াবাদৰ ডেনিছ মালিকৰ সৈতে তেওঁৰ বিবাহ হৈছিল। বিবাহৰ পিছত ফুলশয্যাৰ নিশা স্বামীয়ে তেওঁৰ মুখৰ পৰা ওৰণিখন আঁতৰাই দি তেওঁৰ চেহেৰা ভাল নলগা বুলি কয় আৰু তাৰ পিছত ফোনত থকা এগৰাকী যুৱতীৰ ফটো দেখুৱাই নিজৰ প্ৰেমিকা বুলি জানিবলৈ দিয়ে। দুয়োৰে মাজত পাঁচ বছৰ ধৰি সম্পৰ্ক আছে বুলিও ডেনিছে উল্লেখ কৰে।
ভুক্তভোগী হিনা মালিকৰ মতে, ইয়াৰ পিছতো তেওঁ পিছলৈ সকলো ঠিক হোৱাৰ আশাত অত্যাচাৰ সহ্য কৰি আছিল। এই বিবাহৰ বাবে তেওঁৰ পৰিয়ালে প্ৰায় ৩০ লাখ টকা খৰচ কৰিছিল আৰু এনে পৰিস্থিতিত পৰিয়ালৰ পৰা পুনৰাই কিদৰে টকা বিচাৰিব পাৰে বুলিও মহিলাগৰাকীয়ে লগতে কয়। টকা দিব নোৱাৰাৰ বাবে দৰাই তেওঁক ধাৰাবাহিক অত্যাচাৰ কৰি পিছত ঘৰৰ পৰা বাহিৰ কৰি দিলে বুলি যুৱতীগৰাকীয়ে আৰক্ষীৰ আগত কয়।
তেতিয়াৰ পৰাই যুৱতীগৰাকীয়ে নিজৰ মাক-দেউতাকৰ সৈতে বাস কৰি আছে বুলি জানিবলৈ দিয়ে। তেওঁ লগতে কয়, “মই ভাবিছিলো ডেনিছে মোক ফোন কৰিব। কিন্তু তেওঁ এতিয়াও যৌতুক দাবীত অটল। ২০ লাখ টকা লাগে বুলি কৈছে।” হিনাই কয় যে যেতিয়া তেওঁৰ পৰিয়ালে ২০ লাখ টকাৰ ব্যৱস্থা কৰিব নোৱাৰিলে, তেতিয়া ডেনিছ আৰু তেওঁৰ পৰিয়ালৰ লোকে তেওঁক মাৰপিট কৰে। এই গোচৰত আৰক্ষীয়ে অভিযুক্ত স্বামী আৰু পৰিয়ালৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে।