৬০ বছৰীয়া খুড়াকৰ প্ৰেমত ২৭ বছৰীয়া যুৱতী! বিয়াৰ ৪৫ দিন পাছত প্ৰাণ ল’লে স্বামীৰ…
এক ভয়ংকৰ ঘটনা। বিয়াৰ ৪৫ দিন পাছতেই পত্নীয়ে হত্যা কৰিলে স্বামীক। এই ঘটনাই জোকাৰি গৈছে এটা অঞ্চল। ইতিমধ্যে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ হৈছে মহিলাগৰাকী আৰু আন ৩জন।

ৰাজা ৰঘুবংশী কাণ্ডই সমগ্ৰ দেশ জোকাৰি গৈছে। কেৱল ৰাজাই নহয়, দেশত প্ৰতিদিনে বহু অপৰাধজনিত ঘটনা সংঘটিত হয়। ৰাজাৰ পত্নী সোণমৰ কাণ্ডৰ চৰ্চা মাৰ নৌযাওতেই পুনৰ এক অনুৰূপ খবৰ পোহৰলৈ আহিছে। এইবাৰ এগৰাকী মহিলাই বিয়াৰ মাত্ৰ ৪৫ দিন পাছতেই স্বামীক হত্যা কৰে। এইগৰাকী মহিলাৰ খুড়াকৰ সৈতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে। এইবাৰ এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিহাৰত। জানিব পৰা মতে,মহিলাগৰাকীয়ে নিজেই স্বামীক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল।
এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। ইতিমধ্যে এই গোচৰত মৃত প্ৰিয়ংশুৰ পত্নী গুঞ্জা সিঙকে ধৰি তিনিজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি, ২৭ বছৰীয়া মহিলাগৰাকীৰ ৬০ বছৰীয়া খুড়াকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। যাৰ বাবে তেওঁ ষড়যন্ত্ৰ ৰচে আৰু নৃশংসভাৱে স্বামীক হত্যা কৰে। বিহাৰৰ নবীন নগৰ থানাৰ অন্তৰ্গত লেম্বোখাপ গাঁৱৰ সমীপত ২৭ বছৰীয়া প্ৰিয়ংশুক গুলীয়াই হত্যা কৰা হৈছিল।যোৱা ২১ মে’ত গুঞ্জা সিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ। আৰক্ষীৰ তদন্তত এই ঘটনাৰ সমগ্ৰ তথ্য পোহৰলৈ আহে।
আৰক্ষীৰ মতে, বিয়াৰ দিনাই মহিলাগৰাকীয়ে স্বামীক হত্যা কৰাৰ পৰিকল্পনা তৈয়াৰ কৰিছিল। পৰিকল্পনা অনুসৰি, বিয়াৰ প্ৰায় এমাহ পাছত তেওঁ স্বামীক হত্যা কৰিবলৈ শ্বুটাৰ নিয়োগ কৰিছিল। সেই শ্বুটাৰেই হত্যা কৰে প্ৰিয়াংশুক। জানিব পৰা মতে, সৰুৰে পৰা গুঞ্জা সিং খুড়াকৰ ঘৰত বাস কৰিছিল। মহিলাগৰাকীয়ে কয় যে, তেওঁ অধ্যয়ন কৰি থকাৰ সময়তে খুড়াকৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাইছিল। তেওঁ জানিছিল যে খুড়াক বয়সত তেওঁতকৈ দুগুণ ডাঙৰ। কিন্তু তাৰ পাছতো তেওঁ খুড়াকৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল।
আৰক্ষীয়ে জনাই যে, ২৪ জুনৰ নিশা প্ৰিয়ংশু বাইকেৰে নিজৰ গাঁও বদৱানলৈ উভতি আহি আছিল। সেই সময়তে দুৰ্বৃত্তই তেওঁক গুলীয়াই হত্যা কৰে। এই ঘটনাত থিতাতে মৃত্যু হয় প্ৰিয়াংশুৰ। তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ইয়াৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু গ্ৰেপ্তাৰ কৰে ৩ জনক। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত আছে গুঞ্জা সিং, জয়শংকৰ আৰু মুকেশ শৰ্মা। আৰক্ষীৰ মতে, ঘটনাৰ সময়ত গুঞ্জাই খুড়াক জীৱন সিঙৰ সৈতে অহৰহ যোগাযোগত আছিল। দুয়ো মিলিয়ে শ্বুটাৰ নিয়োগ কৰিছিল। গুঞ্জাৰ উপৰিও এই গোচৰত আৰক্ষীয়ে জীৱন সিঙকো জিম্মাত লৈছে। আনহাতে আন এজন অভিযুক্ত বৰ্তমান পলাতক অৱস্থাত আছে। এই সমগ্ৰ ঘটনাত বৰ্তমান অব্যাহত আছে তদন্ত।
অন্য খবৰ পঢ়কঃ কোল্ড ড্ৰিংক খোৱাৰ পাছতেই অচেতন! ৫ দিন পাছত নোহোৱা হ’ল ব্যক্তিগত অংগ, যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড…