শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ধৰ্ম পৰিৱৰ্তন কৰি দ্বিতীয় বিবাহ! পুনৰ অবৈধ প্ৰেম, পাছত স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড মহিলাৰ…

এগৰাকী হিন্দু মহিলাই প্ৰথমে নিজৰ ধৰ্ম সলনি কৰি এজন যুৱকৰ সৈতে বিয়াত বহে। তেওঁ আছিল সেই যুৱকজনৰ দ্বিতীয় পত্নী। ইয়াৰ মাজতে তেওঁৰ স্বামী জেললৈ যায়। কিন্তু যেতিয়া জেলৰ পৰা উভতি আহে তেতিয়া মহিলাগৰাকীয়ে ভয়ংকৰ কাণ্ড কৰে।

ধৰ্ম পৰিৱৰ্তন কৰি দ্বিতীয় বিবাহ! পুনৰ অবৈধ প্ৰেম, পাছত স্বামীৰ সৈতে ভয়ংকৰ কাণ্ড মহিলাৰ…
গ্ৰেপ্তাৰ দুয়ো
barasha-sarma
Barasha Sarma | Published: 10 Oct 2025 08:22 AM

এক ভয়ংকৰ কাণ্ডই জোকাৰি গৈছে এটা অঞ্চল। আজিৰ পৰা প্ৰায় ৩ দিন পূৰ্বে আছিফ নামৰ লোকজনক গুলীয়াই হত্যা কৰা হৈছিল। এজন যুৱকক হত্যা কৰাৰ অভিযোগত এতিয়া গ্ৰেপ্তাৰ হয় পত্নী, তেওঁৰ প্ৰেমিক ৰিহান আৰু আন ৩ জন। ৯ অক্টোবৰত এই কথা জনাই আৰক্ষীয়ে। এই কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাত।

জানিব পৰা মতে, আছিফে পত্নী প্ৰাছি ওৰফে আশীৰ সৈতে প্ৰেম বিবাহ কৰিছিল। প্ৰাছি আছিল হিন্দু, ইফালে আছিফ আছিল মুছলমান আৰু বিবাহিত। তেওঁ আছিফৰ দ্বিতীয় পত্নী আছিল, প্ৰাছিৰো আছিল এয়া দ্বিতীয় বিবাহ। ইয়াৰ বাবে মহিলাগৰাকীয়ে নিজৰ ধৰ্ম পৰিৱৰ্তন কৰিছিল। কিন্তু বিয়াৰ কেইটামান দিন পাছতে তেওঁৰ আছিফৰ বন্ধুৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।

জানিব পৰা মতে, ড্ৰাগছৰ গোচৰত আছিফ জেললৈ যাবলগীয়া হোৱাৰ সময়তে পত্নীয়ে অবৈধ সম্পৰ্ক গঢ়ি তোলে। এই অবৈধ প্ৰেমৰ পৰিণতিত মহিলাগৰাকী গৰ্ভৱতী হয় আৰু এই কথা গম পাই আছিফে। এই কথাক লৈ জেলৰ পৰা ওলাই অহাৰ পাছতে আছিফৰ পত্নীৰ সৈতে সদায় কাজিয়া লাগিবলৈ আৰম্ভ কৰে।

ইফালে এই সমগ্ৰ কথা মহিলাগৰাকীয়ে জনাই তেওঁৰ প্ৰেমিকক। পাছত দুয়ো স্বামীক হত্যা কৰাৰ পৰিকল্পন ৰচনা কৰে। সেই পৰিকল্পনা অনুসৰি পত্নীয়ে প্ৰথমে আছিফক নিচাযুক্ত দ্ৰব্য খুৱাই, কিন্তু হত্যা কৰিব নোৱাৰিলে। এই প্ৰচেষ্টা ব্যৰ্থ হোৱাত পত্নীয়ে আন এক পৰিকল্পনা কৰে। সেই অনুসৰি, মহিলাগৰাকীৰ প্ৰেমিকে আছিফক গুলীয়াই হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে। এই ঘটনা সন্দৰ্ভত আছিফ, মহিলাগৰাকী আৰু আন ৩ জন অভিযুক্ত গ্ৰেপ্তাৰ হয়।

তথ্য অনুসৰি আছিফে লিণ্টেল নেটিং ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছিল। ঘটনাৰ দিনা আছিফ স্কুটিৰে ঘৰলৈ উভতি আহি থকা অৱস্থাত তেওঁক গুলীয়াই হত্য়া কৰে। ঘটনাস্থলীৰ চিচিটিভি ফুটেজ অনুসৰি, প্ৰথমে অভিযুক্ত কেইজনৰ সৈতে আছিফৰ কাজিয়া লাগে আৰু পাছত এজনে গুলীয়াই হত্যা কৰে। প্ৰথমে মুখৰ ভিতৰত আৰু পাছত শৰীৰত দুটা গুলী চলায়।

এই ঘটনা সন্দৰ্ভত মৃতকৰ পৰিয়ালে ৰিহান, বিলাল, ফাৰ্মান আৰু দুজন অচিনাক্ত লোকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰে। অভিযুক্ত ৰিহানৰ সৈতে আছিল মহিলাগৰাকীৰ অবৈধ প্ৰেমৰ সম্পৰ্ক। যাৰ বাবে এই সমগ্ৰ ঘটনা সংঘটিত হয়। এই কাণ্ডই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

 

অন্য খবৰ পঢ়কঃ ADRE ৰ ফলাফলৰ পৰা শান্তিৰ নোবেল বঁটালৈ, পুৱাৰ খবৰসমূহ…