শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

প্ৰথমে বান্ধি ল’লে! পাছত ষ্টেপলাৰ, জলকীয়াৰ গুড়ি আৰু…স্বামী-স্ত্ৰীৰ ভয়ংকৰ কাণ্ড…

আপুনি হয়তো স্বামী বা পত্নীৰ বিৰুদ্ধে সংঘটিত হোৱা বিভিন্ন ঘটনাৰ বিষয়ে শুনিছে। কিন্তু এইবাৰ এহাল দম্পতীয়ে এনে এক ঘটনা সংঘটিত কৰিলে যিয়ে আচৰিত কৰি তুলিব আপোনাক।

প্ৰথমে বান্ধি ল’লে! পাছত ষ্টেপলাৰ, জলকীয়াৰ গুড়ি আৰু…স্বামী-স্ত্ৰীৰ ভয়ংকৰ কাণ্ড…
ভয়ংকৰ কাণ্ড
barasha-sarma
Barasha Sarma | Published: 15 Sep 2025 15:37 PM

আপুনি হয়তো বিভিন্ন অপৰাধজনিত ঘটনাৰ বিষয়ে শুনিছে। কিন্তু শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। আৰক্ষীয়ে এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিছে যিয়ে নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি দুজন যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে।

জানিব পৰা মতে, দুয়ো প্ৰথমে যুৱকক বিভিন্ন চলেৰে জালত পেলাই আৰু পাছত লগ কৰিবলৈ মাতি পঠিয়ায়। অভিযোগ অনুসৰি স্বামী-স্ত্ৰীহালে প্ৰথমে যুৱকজনৰ লুটপাত কৰে আৰক্ষী পাছত ষ্টেপলাৰৰ পিনেৰে যৌনাংগত আঘাত কৰে। ইমানেই নহয়, যুৱকজনৰ নখ কেইটা উলিয়াই সেইবোৰত জলকীয়াৰ গুড়ি সানি দিয়ে। এই ঘটনা সংঘটিত হৈছে কেৰালাৰ পাথানমথিট্টাত।

বহুতে সন্দেহ কৰিছে যে এই দম্পতীহাল মানসিকভাৱে বিকাৰগ্ৰস্ত। কিন্তু ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত এয়া ক’লা যাদু বুলি একাংশই সন্দেহ কৰিছে। ভুক্তভোগীয়ে কৈছে যে, দম্পতীহালে প্ৰথমে যুৱকজনৰ পৰা আইফোন, নগদ টকা কাঢ়ি নিয়ে আৰু পাছত তেওঁক অত্যাচাৰ কৰে।

যুৱকজনৰ অভিযোগৰ পাছতে আৰক্ষীয়ে দম্পতীহালক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে, প্ৰথমে মহিলাগৰাকীয়ে দুজন যুৱকক প্ৰেমত জালত পেলায়। পাছত বেলেগ বেলেগ সময়ত ঘৰলৈ মাতি নিৰ্যাতন কৰে। এই ভয়ংকৰ কাণ্ড পোহৰলৈ অহাৰ পাছতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এয়া হানিট্ৰেপৰ ঘটনা, অন্ধবিশ্বাস নে ডাইনীৰ ঘটনা এই সন্দৰ্ভত এতিয়া তদন্ত চলি আছে।

জানিব পৰা মতে, প্ৰথম ঘটনাটো সংঘটিত হৈছিল ১ ছেপ্টেম্বৰত। অভিযোগ অনুসৰি মহিলাগৰাকীয়ে যুৱকজনক প্ৰথমে নিজৰ ঘৰলৈ লৈ আনে। পাছত স্বামীয়ে যুৱকজনক পত্নীৰ সৈতে প্ৰেমৰ নাটক কৰিবলৈ কয়। মহিলাগৰাকীৰ স্বামীৰ কথামতে যুৱকজনে সকলো কৰে। কিন্তু এই সমগ্ৰ কাণ্ড লোকজনে কেমেৰাত আৱদ্ধ কৰি ৰাখে।

ইমানতেই ক্ষান্ত নাথাকে দুই স্বামী-স্ত্ৰী। দুয়ো যুৱকজনক বান্ধি জলকীয়াৰ গুড়ি ছটিয়াই দিয়ে। নৃশংসতাৰ সকলো সীমা অতিক্ৰম কৰি গুপ্তাংগত প্ৰায় ২৬ টা ষ্টেপলাৰ পিনেৰে আঘাত কৰে। ইমানেই নহয় যুৱকজনৰ নখবোৰ টানি টানি উলিয়াই আৰু পাছত সেই ঘাঁত জলকীয়াৰ গুড়ি সানি দিয়ে। নিৰ্যাতন সহিব নোৱাৰি যুৱকজন অচেতন হৈ  পৰে। পাছত দুই স্বামী-স্ত্ৰীয়ে যুৱকজনক ৰাস্তাত পেলাই থৈ যায়।

পৰৱৰ্তী সময়ত স্থানীয় লোকে প্ৰত্যক্ষ কৰি যুৱকজনক চিকিৎসালয়লৈ লৈ যায়। পাছত ঘটনাৰ বিষয়ে আৰক্ষীৰ আগত অৱগত কৰা হয়। আৰক্ষীক যুৱকজনে জনাই যে, মহিলাগৰাকীয়ে সবাতোকৈ বেছি যন্ত্ৰণা দিছিল। মহিলাগৰাকীয়ে গুপ্তাংগত পিন মাৰি দিয়াৰ লগতে নখবোৰ উলিয়াই পেলাইছিল।

ইফালে আন এজন যুৱকৰ সৈতেও একেই ঘটনা সংঘটিত হৈছিল। মহিলাগৰাকীয়ে এজন যুৱকক লগ কৰিবলৈ মাতে আৰু পনবন্দী কৰি ৰাখে। পাছত মহিলাগৰাকীয়ে যুৱকজনক মাৰপিট কৰি বহু অত্যাচাৰ কৰে। জানিব পৰা মতে, এই অত্যাচাৰত যুৱকজনে দৃষ্টিশক্তি হেৰুৱাই পেলায়। পাছত শৰীৰত ষ্টেপলাৰেৰে আঘাত কৰে। ইমানেই নহয়, যুৱকজনৰ পৰা আইফোন আৰু টকা কাঢ়ি নিয়ে। বৰ্তমান আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

 

অন্য খবৰ পঢ়কঃ ইছলামত মহিলাৰ অৱস্থাত দুৰ্বিষহ! ২৫টাকৈ সন্তান জন্ম দিয়াৰ পাছত তিনি তালাক দিয়েঃ স্বামী ৰামভদ্ৰাচাৰ্য