শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১৪x১৪ ফুটৰ এটা কোঠা, ২৪ ঘণ্টাই নিৰীক্ষণ ! ২৬/১১ ৰ খলনায়ক তাহাউৰ ৰাণাক কেনেদৰে ৰখা হৈছে ?

২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাক কেনেধৰণে ৰখা হৈছে ? তেওঁক কেনেধৰণৰ কোঠাত শুবলৈ দিয়া হৈছে ? নিৰাপত্তা ব্য়ৱস্থা কেনেকুৱা ? এই ধৰণৰ প্ৰশ্ন হয়তো আপোনাৰো মনত উত্থাপন হৈছে ।

১৪x১৪ ফুটৰ এটা কোঠা, ২৪ ঘণ্টাই নিৰীক্ষণ ! ২৬/১১ ৰ খলনায়ক তাহাউৰ ৰাণাক কেনেদৰে ৰখা হৈছে ?
তাহাউৰ ৰাণা
Manas Borah
Manas Borah | Updated On: 11 Apr 2025 17:31 PM

২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাক অৱশেষত আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ল । এখন বিশেষ বিমানেৰে আমেৰিকাৰ পৰা ভাৰতলৈ লৈ অহা হ’ল মুম্বাই আক্ৰমণৰ খলনায়ক তাহাউৰ ৰাণাক । চৰ্চা হৈছিল যে, ভাৰতলৈ অনাৰ পাছতে তাহাউৰক তিহাৰ জেলত ৰখা ৰখা হ’ব। কিন্তু এতিয়ালৈ তাহাউৰক তিহাৰ জেললৈ প্ৰেৰণ কৰা হোৱা নাই । পাকিস্তানী মূলৰ কানাডাৰ তাহাউৰ ৰাণা বৰ্তমান ১৮ দিনৰ বাবে NIAৰ জিম্মাত আছে।

২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ডক বৃহস্পতিবাৰে বিয়লি আমেৰিকাৰ পৰা পোনপটীয়া বিমানেৰে ভাৰতলৈ অনা হৈছিল। তাহাউৰে ভাৰতত ভৰি দিয়াৰ কিছু সময়ৰ পাছতে এন আই এয়ে তেওঁৰ এখন ছবি দেখুৱাই এক বিবৃতি প্ৰকাশ কৰে। তাত তেওঁৰ মুখখন দেখা নাযায় যদিও বয়সৰ লক্ষণবোৰ স্পষ্ট। চুলি আৰু দাড়ি পকী গৈছে । ঢিলা পোছাক পৰিধান কৰি থকাৰ লগতে চকুত চশমা পিন্ধি থকা দেখা গৈছিল।

পিছে প্ৰশ্ন হৈছে ২৬/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাক কেনেধৰণে ৰখা হৈছে ? তেওঁক কেনেধৰণৰ কোঠাত শুবলৈ দিয়া হৈছে ? নিৰাপত্তা ব্য়ৱস্থা কেনেকুৱা ? এই ধৰণৰ প্ৰশ্ন হয়তো আপোনাৰো মনত উত্থাপন হৈছে ।

সূত্ৰৰ খবৰ অনুসৰি, তাহাউৰক এতিয়া এন আই এৰ মুখ্য কাৰ্যালয়ৰ তলৰ মহলাৰ ১৯৬ বৰ্গফুটৰ এটা কোঠাত ৰখা হৈছে। কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । ২৪ ঘণ্টাই কটকটীয়া নিৰীক্ষণত আছে তাহাউৰ । প্ৰতি ৪৮ ঘণ্টাৰ মূৰে মূৰে চিকিৎসা পৰীক্ষা কৰা হ’ব। তাহাউৰক ৰখা ১৪X১৪ ফুট জোখৰ এই কোঠাটো চিচিটিভিৰ অধীনত আছে ।

বাহিৰত অতিৰিক্ত দিল্লী আৰক্ষী আৰু অৰ্ধসামৰিক জোৱান মোতায়েন কৰা হৈছে। নিৰাপত্তাজনিত কাৰণত ক্লিয়াৰেন্স অবিহনে কাকো প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। ৰাণা থকা সেই স্থানত বহু স্তৰৰ ডিজিটেল ছিকিউৰিটি চিষ্টেম লগোৱা হৈছে। মাত্ৰ ১২ জন নিৰ্দিষ্ট এনআইএ বিষয়াকহে প্ৰৱেশৰ অনুমতি দিয়া হৈছে। মাটিত বিচনা এখন ৰখা হৈছে আৰু কোঠাটোৰ ভিতৰতে আছে এটা বাথৰুম । সকলো মৌলিক প্ৰয়োজনীয়তা – খাদ্য, খোৱাপানী, চিকিৎসাৰ সামগ্ৰী তেওঁক যোগান ধৰা হ’ব।

ইফালে, আইনী অধিবক্তা অবিহনে হাজিৰ হোৱা ৰাণাক ন্যায়াধীশে জনাইছিল যে, তেওঁক দিল্লী আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে আইনী সাহায্য প্ৰদান কৰা হ’ব। পৰৱৰ্তী সময়ত তেওঁক প্ৰতিনিধিত্ব কৰিবলৈ অধিবক্তা পীযুষ সচদেৱক নিযুক্তি দিয়া হয়। আজিৰে পৰা ৰাণাক সোধা-পোছা কৰা হৈছে । কেমেৰাৰ অধীনত তেওঁৰ জেৰা কৰা হৈছে, চলি আছে ভিডিঅ’ ৰেকৰ্ডিং। তেওঁ যি কয় সেয়াও লিপিবদ্ধ কৰা হৈছে ।