শোকাৱহ! হঠাতে খহি পৰিল বাসগৃ্হ, ধ্বংসস্তূপৰ তলত আৱদ্ধ বহুকেইজন লোক
উত্তৰ প্ৰদেশৰ মীৰাটত ধাৰাসাৰ বৰষুণৰ ফলত এটা বাসগৃ্হ ভাঙি বাগৰি পৰে। ঘৰটোৰ ভিতৰত উপস্থিত থকা আটাইকেইগৰাকী লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে। ঘটনাৰ পিছতে তাৎক্ষণিকভাৱে আৰম্ভ কৰা উদ্ধাৰ অভিযানত ইয়াৰে চাৰিজনক জীৱন্তে উদ্ধাৰ কৰা হৈছে। এইপৰ্যন্ত অব্যাহত আছে উদ্ধাৰ অভিযান।
উত্তৰ প্ৰদেশৰ মীৰাটত বিগত কিছুদিন ধৰি অব্যাহত আছে নেৰানেপেৰা বৰষুণ। ধাৰাসাৰ বৰষুণৰ ফলত চহৰখনত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। বৰষুণৰ প্ৰভাৱত ভাঙি খহি পৰিছে চহৰখনৰ এটা বাসগৃ্হ। এই ঘটনা সংঘটিত হোৱাৰ সময়ত ঘৰটোৰ ভিতৰতে বহু লোক উপস্থিত আছিল। হঠাতে বাসগৃ্হটো খহি পৰাৰ ফলত আটাইকেইজন লোক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে। এনে ভয়াৱহ দুৰ্ঘটনাৰ পিছতে স্থানীয় কিছু লোক লগে লগে সেই স্থানত উপস্থিত হয়। ঘটনাৰ বিষয়ে স্থানীয় লোকসকলে তাৎক্ষণিকভাৱে স্থানীয় আৰক্ষীকো খবৰ দিয়ে।
ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয় লোকসকলেও আৰক্ষীক এই উদ্ধাৰ অভিযানত সহায় আগবঢ়োৱা বুলি জানিব পৰা গৈছে। এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে ধ্বংসাৱশেষৰ তলৰ পৰা চাৰিজন ব্যক্তিক জীৱন্তে উদ্ধাৰ কৰা হৈছে।
আনহাতে আহত আনকেইজন ব্যক্তিৰ সন্ধানত উদ্ধাৰ অব্যাহত আছে বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে। আহত লোককেইজনক প্ৰাথমিক চিকিৎসাৰ বাবে স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী বিষয়াজনে লগতে জানিবলৈ দিয়ে। মীৰাটৰ লোহিয়া নগৰ থানা এলেকাৰ জাকিৰ কলনীত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ সময়ত ১০ জনতকৈ অধিক লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে বুলি সন্দেহ কৰা হৈছে।
ঘটনা সন্দৰ্ভত উপায়ুক্ত চেলভা কুমাৰী জেই উল্লেখ কৰা মতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত পৰিয়ালটোৰ এজন লোক ঘৰত উপস্থিত নাছিল। কোনো কামত তেওঁ ঘৰৰ বাহিৰত থকাৰ বাবে ৰক্ষা পৰে এই সদস্যজন। ইফালে ঘটনাস্থলীত উদ্ধাৰ অভিযানত সহায়ৰ বাবে এছডিআৰএফ আৰু এনডিআৰএফকো অৱগত কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
স্থানীয় আৰক্ষী তথা উদ্ধাৰকাৰী দলৰ লগতে এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীৰ দলো সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযানত জড়িত হৈ আছে বুলি তেওঁ লগতে সদৰী কৰে। আনহাতে এইপৰ্যন্ত উদ্ধাৰ হোৱা লোকসকলৰ স্বাস্থ্যৰ অৱস্থা সংকটমুক্ত বুলি জানিবলৈ দিছে উপায়ুক্তগৰাকীয়ে। সম্প্ৰতি ঘটনাস্থলীত উপায়ুক্তগৰাকীৰ লগতে এডিজি ডি কে ঠাকুৰ, আই জি এছ এছ পিকে ধৰি অন্যান্য প্ৰশাসনিক বিষয়াসকলো উপস্থিত আছে।