শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মোমায়েকৰ প্ৰেমিকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক! কৰিলে অপহৰণ, তাৰ পিছত ভয়ংকৰ ঘটনা…

আৰক্ষীয়ে প্ৰথমে অভিষেকৰ তিনি বন্ধু ৰাধে, আয়ুষ আৰু হৃতিকক আটক কৰে। তাৰ পিছত জেৰাত পোহৰলৈ আহে এক চাঞ্চল্যকৰ ঘটনা। তিনিওজনে স্বীকাৰ কৰে যে এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড অভিষেকৰ মোমায়েক সন্তোষ। তেওঁ দুই লাখ টকাৰ চুপাৰী দিছিল।

মোমায়েকৰ প্ৰেমিকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক! কৰিলে অপহৰণ, তাৰ পিছত ভয়ংকৰ ঘটনা…
বিহাৰৰ ভাগলপুৰত হত্যাকাণ্ড
trishna-kalita
Trishna Kalita | Updated On: 29 Dec 2025 14:21 PM

বিহাৰৰ ভাগলপুৰত সংঘটিত হৈছে এক ৰক্তাক্ত ঘটনা।  নিজৰ মোমায়েকে ভাগিনীয়েকক নিৰ্মমভাৱে হত্যা কৰি মৃতদেহটো তিনিটা টুকুৰা কৰে। তিনিদিনৰ ভিতৰতে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ গোচৰ সমাধান কৰি মাষ্টাৰমাইণ্ডকে ধৰি চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

নাথনগৰ আৰক্ষী থানা এলেকাত অভিষেক নামৰ এজন যুৱকৰ নৃশংসভাৱে হত্যা কৰি মৃতদেহটো তিনিটা টুকুৰা কৰি কাটি পেলোৱাৰ এটা গোচৰ পোহৰলৈ আহে। প্ৰথম অৱস্থাত এই ঘটনাটো মোবাইল ফোনৰ কিস্তি আৰু বন্ধু-বান্ধৱীৰ মাজত হোৱা বিবাদ বুলি জানিব পৰা গৈছিল। সংবাদ মাধ্যমৰ আগত মক্তব্য দিয়া লগতে আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা চলাই আছিল মৃতকৰ মোমায়েক সন্তোষে। কিন্তু আৰক্ষীৰ কঠোৰ জেৰা আৰু কাৰিকৰী তদন্তত তেওঁৰ ষড়যন্ত্ৰৰ গোপনীয়তা পোহৰলৈ আহে।

আৰক্ষীয়ে প্ৰথমে অভিষেকৰ তিনি বন্ধু ৰাধে, আয়ুষ আৰু হৃতিকক আটক কৰে। তাৰ পিছত জেৰাত পোহৰলৈ আহে এক চাঞ্চল্যকৰ ঘটনা। তিনিওজনে স্বীকাৰ কৰে যে এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড অভিষেকৰ মোমায়েক সন্তোষ। তেওঁ দুই লাখ টকাৰ চুপাৰী দিছিল। হত্যাকাণ্ডৰ পিছত সন্তোষ নিজকে ৰক্ষা কৰিবলৈ আৰক্ষীক তথ্য প্ৰদান কৰিছিল।

আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে  মোমায়েক সন্তোষৰ প্ৰেমিকাৰ অভিষেকৰ লগত ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছিল। যিটো সন্তোষৰ বাবে অসন্তুষ্টিৰ কাৰণ আছিল। অভিষেকে সঘনাই মোমায়েকৰ প্ৰেমিকাৰ কথা মামীয়েকক কোৱাৰ ভাবুকি দিছিল। এই ভয় আৰু সন্দেহৰ বাবে মোমায়েক নিজৰ ভাগিনক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছিল।

তাৰ পিছত ২৩ ডিচেম্বৰত অপহৰণ হৈছিল অভিষেকৰ। ২৪ ডিচেম্বৰৰ নিশা তেওঁক গুলীয়াই হত্যা কৰা হয় আৰু তাৰ পিছত তেওঁৰ শৰীৰটো হেক্স’ ব্লেডেৰে তিনিটা টুকুৰা কৰি কাটি পেলোৱা হয়। শৰীৰটো নাথনগৰৰ শ্বাহপুৰ অঞ্চলৰ গংগা নদীৰ পাৰত পেলাই দিয়াৰ বিপৰীতে মূৰ আৰু ভৰিৰ অংশ উটুৱাই দিয়ে। ২৬ ডিচেম্বৰত শৰীৰটো উদ্ধাৰ কৰা হয় আৰু দুদিন পিছত আৰক্ষীয়ে মূৰ আৰু ভৰিও উদ্ধাৰ কৰে।

এছ এছ পি হৃদয়কান্তৰ নিৰ্দেশনাত চিটিৰ এছ পি শুভংক মিশ্ৰ আৰু এফ এছ এলৰ নেতৃত্বত গঠিত বিশেষ দলৰ সহায়ত ক্ষীপ্ৰতাৰে তদন্ত চলোৱা হয়। কাৰিকৰী প্ৰমাণ, জেৰা আৰু কালক্ৰমিক ক্ৰমৰ সংমিশ্ৰণেৰে আৰক্ষীয়ে সমগ্ৰ হত্যাকাণ্ডৰ গোচৰটো এটা পিছত এটাকৈ ৰহস্য উন্মোচন কৰিলে। ইতিমধ্যে এই গোচৰত ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এই হত্যাকাণ্ডৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল মোমায়েকে। হত্যাকাণ্ড সন্দৰ্ভত সকলো প্ৰমাণ সংগ্ৰহ কৰা হৈছে। অব্যাহত আছে আইনী প্ৰক্ৰিয়া।