শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি! ভুক্তভোগী মহিলাৰ মৰণোত্তৰ পৰীক্ষা কৰি চিকিৎসকে ক’লে-এনে বৰ্বৰতা আগতে দেখা নাই…

এগৰাকী জনজাতীয় মহিলাক দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডই সমগ্ৰ দেশক স্তম্ভিত কৰি তুলিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পোৱা নৃশংসতাই যেন পুনৰ এবাৰ সজীৱ কৰিছে নিৰ্ভয়া কাণ্ডৰ স্মৃতি। চৰম নিষ্ঠুৰতাৰ বলি হোৱাৰ ফলত মৃত্যু হয় মহিলাগৰাকীৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন অভিযুক্তক।

নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি! ভুক্তভোগী মহিলাৰ মৰণোত্তৰ পৰীক্ষা কৰি চিকিৎসকে ক’লে-এনে বৰ্বৰতা আগতে দেখা নাই…
খাণ্ডৱাত মহিলাৰ সৈতে জঘন্য কাণ্ড
trishna-kalita
Trishna Kalita | Updated On: 27 May 2025 14:04 PM

মধ্য প্ৰদেশৰ খাণ্ডৱাত আদিবাসী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে । ঠিক নিৰ্ভয়াৰ দৰে এই মহিলাগৰাকীও বলি হৈছে দানৱৰূপী মানৱৰ বৰ্বৰতাৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি এই ঘটনাত মহিলাগৰাকীৰ ব্যক্তিগত অংগ বাহিৰলৈ ওলাই আহিছে। ঘটনাৰ সময়ত মহিলাগৰাকীৰ ব্যক্তিগত অংগক আঘাত কৰাৰ চেষ্টা চলাইছিল পশু সদৃশ মানৱে। পৰিস্থিতি দেখি মৰণোত্তৰ পৰীক্ষা কৰা ফৰেনছিক বিশেষজ্ঞজনেও কয় যে, তেওঁ প্ৰথমবাৰৰ বাবে এনে বৰ্বৰতা দেখিছে।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি মহিলাগৰাকীৰ ব্যক্তিগত অংগৰ পৰা ছয় ফুটতকৈও অধিক অন্ত্ৰ বাহিৰলৈ ওলাই আহিছিল। কোনো গধুৰ বস্তুৰ আঘাতত তেওঁৰ ব্যক্তিগত অংগটো চিন আৰু ঘাঁ পোৱা গৈছে। এই ঘাঁবোৰ লথিওৱাৰ বাবেও হ’ব পাৰে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ তেওঁৰ ব্যক্তিগত অংগৰ পৰা অত্যধিক ৰক্তক্ষৰণ আৰু শ্বকৰ ফলত হোৱা বুলি উল্লেখ কৰা হৈছে। জানিব পৰা মতে, মহিলাগৰাকীৰ জৰায়ু আৰু মলদ্বাৰো আঘাতপ্ৰাপ্ত হৈছে। মহিলাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰা ফৰেনছিক বিশেষজ্ঞ ডাঃ সীমা ছুটেৰ মতে, তেওঁ জীৱনত এনে বৰ্বৰতা কেতিয়াও দেখা নাছিল।

বৰ্বৰতাৰ প্ৰশ্নত আৰক্ষীৰ মৌনতা

কোৱা হৈছিল যে মহিলাগৰাকীৰ ব্যক্তিগত অংগৰ বাহিৰত ১৭৬ চে.মি. লৈকে অন্ত্ৰ ওলাই আহিছিল। তেওঁৰ ব্যক্তিগত অংগত গুৰুতৰ আঘাতৰ চিন পোৱা গৈছে। আনহাতে খাণ্ডৱা আৰক্ষীয়ে এই ঘটনাক কেৱল দলবদ্ধ ধৰ্ষণ বুলি অভিহিত কৰিছে। অৱশ্যে সংবাদমেলত আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে নৃশংসতাৰ প্ৰশ্নক লৈ মৌনতা অৱলম্বন কৰে। খাণ্ডৱাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজেশ ৰঘুবংশীয়ে কয় যে দলবদ্ধ ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা দুয়োজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

তথ্য অনুসৰি শুকুৰবাৰ-শনিবাৰে নিশা সংঘটিত হৈছে এই ঘটনা। সেই নিশা মহিলাগৰাকী বিবাহ অনুষ্ঠানলৈ গৈছিল, তাৰ পৰা ঘূৰি আহোঁতে কিছু পলম হৈছিল। ঘৰলৈ উভতি আহোঁতে মহিলাগৰাকীৰ সৈতে সংঘটিত হয় জঘন্য অপৰাধ । আৰক্ষীৰ সূত্ৰ অনুসৰি ঘটনাৰ সময়ত দুয়োজন অভিযুক্তই মদ্যপান কৰিছিল। মহিলাগৰাকীয়ে নিজৰ সকলো শক্তি প্ৰয়োগ কৰিও শেষত পৰাজিত হ’ল। ইয়াৰ পিছত অভিযুক্তই মহিলাগৰাকীৰ ওপৰত নিজৰ সম্পূৰ্ণ শক্তি দেখুৱায়।

আৰক্ষীৰ মতে, যোৱা ২৩ মে’ত খালৱা থানাৰ ৰোশনী চৌকী অঞ্চলত বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। মহিলাগৰাকীয়ে নিজৰ গাঁৱৰ হৰি নামৰ এজন যুৱকৰ সৈতে সেই অনুষ্ঠানলৈ গৈছিল। বিবাহ অনুষ্ঠানৰ উভতি আহি থাকোঁতে মহিলাগৰাকীয়ে আন এগৰাকী মহিলাৰ ঘৰত তেওঁক নমাই থৈ আৰু তাৰ পৰাই হৰিৰ সৈতে ঘৰলৈ আহিছিল। সেই সময়তে দ্বিতীয় অভিযুক্ত সুনীলো আহি পাইছিল। জানিব পৰা মতে দুয়োজনে হৰিৰ ঘৰত মদ্যপান কৰি এই অপৰাধ সংঘটিত কৰিছিল। পিছদিনা পুৱা হৰিৰ মাতৃয়ে মহিলাগৰাকীক দেখি তেওঁৰ পৰিয়ালৰ লোকক খবৰ দিছিল।