ইউটিউবত চাই আম পকোৱা কাৰ্বাইডেৰে বন্দুক নিৰ্মাণ, তাৰ পিছতে দীপাৱলীত…
এই ঘটনা সন্দৰ্ভত চকুৰ চিকিৎসকৰ সংগঠন ‘অল ইণ্ডিয়া অফথালম’লজিকেল ছ’চাইটি’ৰ হৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ আৰু জিলা কৰ্তৃপক্ষলৈ জাৰি কৰা হৈছে এক জৰুৰী আবেদন । যাৰ দ্বাৰা কাৰ্বাইড ভিত্তিক আৰু ইম্প্ৰভাইজড বিস্ফোৰক আতচবাজী শীঘ্ৰে নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰা হৈছে।
এইবাৰ দীপাৱলীৰ সময়ত কাৰ্বাইড গানে (Gun) সৃষ্টি কৰিছে বিপদৰ। ট্ৰেণ্ডিঙত থকা এই গানত ব্যৱহৃত ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱৰ বাবে ক্ষতি হৈছে চকুৰ। দেশৰ কেইবাটাও প্ৰান্তৰ পৰা পোহৰলৈ আহিছে এনে খবৰ। কাৰ্বাইড গানৰ বাবে দৃষ্টিশক্তি হেৰুৱাইছে মালদাৰ ৯ জন কিশোৰ-যুৱতীয়ে।
ঘৰতে বনোৱা এইকাৰ্বাইড গানে উৎসৱৰ বতৰত সমগ্ৰ দেশতে বিপদৰ সৃষ্টি কৰিছে। কিশোৰ-কিশোৰীসকলে চকুৰ দৃষ্টিশক্তি হেৰুওৱা ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে চকুৰ চিকিৎসকসকলৰ মাজত । এনে পাঁচজন লোকক চিকিৎসা কৰি আছে মালদাৰ চকুৰ চিকিৎসক দেৱদাস মুখোপাধ্যায়ে। আন এজন চিকিৎসক মলয় সৰকাৰে এজনৰ চিকিৎসা কৰি আছে আৰু আৰু দুজনৰ চিকিৎসা কৰি আছে ডাঃ সৌৰভ পোদ্দাৰে। এজন চিকিৎসকে দাবী কৰা মতে, মালদাৰ মাণিকচাকৰ মহানন্দতোলাৰ এটি শিশুক পৰিয়ালে চিকিৎসাৰ বাবে নেপাললৈ লৈ যায়।
এই ঘটনা সন্দৰ্ভত চকুৰ চিকিৎসকৰ সংগঠন ‘অল ইণ্ডিয়া অফথালম’লজিকেল ছ’চাইটি’ৰ হৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ আৰু জিলা কৰ্তৃপক্ষলৈ জাৰি কৰা হৈছে এক জৰুৰী আবেদন । যাৰ দ্বাৰা কাৰ্বাইড ভিত্তিক আৰু ইম্প্ৰভাইজড বিস্ফোৰক আতচবাজী শীঘ্ৰে নিষিদ্ধ কৰিবলৈ দাবী উত্থাপন কৰা হৈছে।
মালদা চহৰৰ প্ৰখ্যাত চকুৰ চিকিৎসক দেৱদাস মুখোপাধ্যায়ৰ ওচৰলৈ চকুৰ পৰীক্ষা কৰিবলৈ গৈছিল ১৩ বছৰীয়া কিশোৰ আকাশ বিশ্বাসে। তেওঁৰ ঘৰ গাজোলৰ এখন দুৰ্গম গাঁৱত। চকুত কেনেকৈ আঘাত পালে বুলি সোধাত কিশোৰজনে কয়,”‘ইউটিউব চোৱাৰ পিছত ঘৰতে থকা খালী পানীৰ বটল আৰু কাৰ্বাইডৰ পৰা বন্দুকটো বনাইছোঁ। তাৰ পিছত ৰন্ধনত গেছত ব্যৱহাৰ কৰা লাইটাৰেৰে জুই জ্বলাই দিওঁতে হাতত বিস্ফোৰণ ঘটে।” কিশোৰজনে লগতে কয়, ” মোৰ চকু দুটা বিষাইছিল। ঘৰলৈ অহাৰ পিছত পানীৰে চকু ধুই পেলালোঁ। কিন্তু এতিয়াও ভালকৈ একো দেখা নাই।” সৰু ল’ৰাটোৰ পৰা এই কথা শুনি ডাক্তৰজন আচৰিত হৈ পৰিল।
একেদৰে হাবিবপুৰৰ ২০ বছৰীয়া যুৱক কিশোৰ বিশ্বাস কয় যে তেওঁলোকৰ গাঁৱৰ এজন ল’ৰাই সেই কাৰ্বাইড গান চলাইছিল। তাৰ পিছত জুই লাগিছিল। জুই নুমুৱাই থাকোঁতে তেওঁৰ হাতখন প্ৰথমে কাৰ্বাইডত আৰু তাৰ পিছত ভুলবশতঃ চকুত লাগিল।। তেতিয়াৰ পৰাই তেওঁ কমকৈ দেখা পাইছে। ডাক্তৰ সৌৰভ পোদ্দাৰে কয় যে গজোলৰ ভৈৰৱ ৰায় নামৰ শিশুটিৰ ৰেটিনাৰ ৮০ শতাংশ এনেদৰে ক্ষতিগ্ৰস্ত হৈছে। আচলতে মালদাত কাৰ্বাইড অতি সহজে পোৱা যায়। এই কাৰ্বাইডৰ সহায়ত তাত আম পকোৱা হয়। সেয়ে গাঁৱৰ প্ৰতিখন ঘৰতে এই কাৰ্বাইড উপলব্ধ।