গুৱাহাটী যুৱতীৰ মৃতদেহ উদ্ধাৰৰ পৰা ভাৰতৰ জয়লৈ….দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ পঢ়ক
গুৱাহাটীৰ হাতীগাঁৱত লোমহৰ্ষক ঘটনা। এটা কোঠাত উদ্ধাৰ হয় যুৱতীৰ মৃতদেহ। কাছাৰৰ লক্ষীপুৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ হিমন্ত বিশ্ব শৰ্মাৰ। পঢ়ক দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ...
কোকৰাঝাৰত আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ। নাদাংগুৰী পাহাৰত সংঘটিত এই সংঘৰ্ষত নিহত হয় কোকৰাঝাৰৰ ৰেলপথত আই ই ডি বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড এপিল মুৰ্মুৰ। গুৱাহাটীৰ হাতীগাঁৱত লোমহৰ্ষক ঘটনা। এটা কোঠাত উদ্ধাৰ হয় যুৱতীৰ মৃতদেহ। কাছাৰৰ লক্ষীপুৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ হিমন্ত বিশ্ব শৰ্মাৰ। পঢ়ক দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…
১. কোকৰাঝাৰত আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ। নাদাংগুৰী পাহাৰত সংঘটিত এই সংঘৰ্ষত নিহত হয় কোকৰাঝাৰৰ ৰেলপথত আই ই ডি বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড এপিল মুৰ্মুৰ। তেওঁৰ বিৰুদ্ধে অসম আৰু ঝাৰখণ্ডত ৰুজু হৈ আছিল কমেও ১৪ টা গোচৰ।
২. যোৰাবাটৰ আনিয়া এডিশ্যনত অগপৰ দুদিনীয়া দিকদৰ্শন বৈঠক। আজি এই বৈঠকৰ অন্তিম দিন। ২০২৬ ৰ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুতৰ লগতে মিত্ৰতা সন্দৰ্ভতো আলোচনা হয় বৈঠকত। আগন্তুক নিৰ্বাচনক লৈ অগপ অত্যন্ত ছিৰিয়াছ বুলি মন্তব্য কৰে দলৰ সভাপতি অতুল বৰাই।
৩. গুৱাহাটীৰ হাতীগাঁৱত লোমহৰ্ষক ঘটনা। এটা কোঠাত উদ্ধাৰ হয় যুৱতীৰ মৃতদেহ। বিচনাত কম্বলেৰে মেৰিয়াই থোৱা আছিল যুৱতীগৰাকীৰ মৃতদেহটো। ঘটনা সন্দৰ্ভত এজন যুৱকৰ ওপৰত সন্দেহ। যুৱকজনে আন এগৰাকী যুৱতীৰ সৈতে লিভ ইনত আছিল। কিন্তু প্ৰেয়সী নথকাৰ অৱস্থাত কোঠালৈ আনিছিল ইতিমধ্যে মৃত্যু হোৱা যুৱতীগৰাকীক। বৰ্তমান যুৱকজন পলাতক হৈ আছে।
৪. কাছাৰৰ লক্ষীপুৰত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ হিমন্ত বিশ্ব শৰ্মাৰ। বিধানসভা সমষ্টিটোৰ ১৯,৩১৮ গৰাকী মহিলাক বিতৰণ কৰে ১০ টকাকৈ চেক। এই অনুষ্ঠানত উপস্থিত থাকে বিজেপি দলৰ বিধায়ক-সাংসদৰ লগতে কেবাগৰাকীও নেতা।
৫. জুবিন গাৰ্গৰ ন্য়ায়ৰ দাবীত গৌৰৱ গগৈয়ে উলিওৱা সমদলক কটাক্ষ মুখ্যমন্ত্ৰীৰ। ২০০-৩০০ মানুহ লৈ গৌৰৱ গগৈয়ে ঝুলন যাত্ৰা কৰা বুলি কয় ডঃ শৰ্মাই। তেওঁ লগতে কয় যে আৰক্ষীয়ে কাকো বাধা নিদিয়ে, কিন্তু সকলোৱে আইন মানি চলিব লাগিব।
৬. অসমত চলা উচ্ছেদ অভিযান সন্দৰ্ভত মেধা পাটকৰৰ মন্তব্যক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মহিলা নেত্ৰীগৰাকীয়ে অসমত চলা উচ্ছেদ অভিযান সন্দৰ্ভত মন্তব্য কৰি কাকো গৃহহাৰা কৰিব নালাগে বুলি উল্লেখ কৰিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ বৰ্তমান পৰিস্থিতিৰ বিষয়ে পাটকৰে নাজানে। তেওঁ উচ্ছেদৰ কথা ক’লে আৰু দুটা ঘৰ বেছিকৈ ভঙা হ’ব।
৭. অহা ২৫ নৱেম্বৰত অযোধ্যাৰ ৰাম মন্দিৰত ধ্বজা উত্তোলন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ দৰেই আড়ম্বৰপূৰ্ণভাৱে অযোধ্যাত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। ধ্বজা উত্তোলনৰ পিছতে আৰম্ভ হ’ব বিজেপিৰ প্ৰচাৰ। এই অনুষ্ঠানটো ৰাম বিবাহ পঞ্চমীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হ’ব।
৮. ছিংগাপুৰত আইনী শাস্তিৰ সন্মুখীন ভাৰতীয় মহিলা। ৰেফেলছ হাস্পতালত নাৰ্চ হিচাপে কৰ্মৰত মহিলাগৰাকীক এজন যুৱকক নিৰ্যাতন চলোৱাৰ অভিযোগত ১৪ মাহৰ কাৰাদণ্ড বিহে আদালতে। এই সময়ছোৱাত তেওঁ দিনে দুবাৰকৈ চাবুকৰ কোব খাব লাগিব।
৯. অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন মেচত জয় ভাৰতৰ। ৰোহিত শৰ্মাৰ শতক আৰু বিৰাট কোহলীৰ অৰ্ধশতকৰ সহায়ত ৯ উইকেটত জয়লাভ কৰে ভাৰতে। ১২৫ টা বলত ১২১ ৰাণৰ ইনিংছ খেলা ৰোহিত শৰ্মাক মেচ অৱ দ্য মেচ আৰু মেন অৱ দ্য ছিৰিজ ঘোষণা কৰা হয়।