শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Bihar Elections 2025: নিৰ্বাচনৰ পূৰ্বে JDUত অথন্তৰ! প্ৰাক্তন মন্ত্ৰীকে ধৰি ১১জন নেতাক বহিষ্কাৰ, কাৰণ…

২০২৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত দল বিৰোধী আচৰণ আৰু কাৰ্যকলাপত জড়িত থকাৰ বাবে JDUৰ এজন প্ৰাক্তন মন্ত্ৰীকে ধৰি ১১জন নেতাক দলৰ পৰা বহিষ্কাৰ কৰিছে। বহিস্কাৰ কৰা নেতাসকলৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী শৈলেশ কুমাৰ, প্ৰাক্তন বিধায়ক সঞ্জয় প্ৰসাদ, বৰহাৰীয়াৰ প্ৰাক্তন বিধায়ক শ্যাম বাহাদুৰ সিং।

Bihar Elections 2025: নিৰ্বাচনৰ পূৰ্বে JDUত অথন্তৰ! প্ৰাক্তন মন্ত্ৰীকে ধৰি ১১জন নেতাক বহিষ্কাৰ, কাৰণ…
বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ
trishna-kalita
Trishna Kalita | Published: 25 Oct 2025 23:11 PM

ৰাজ্যখনৰ শাসকীয় জনতা দল (ইউনাইটেড) (JDU)-এ  দলৰ পৰা বহুকেইজন বিশিষ্ট ব্যক্তিক বহিষ্কাৰ কৰি বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। দলটোৱে দিয়া তথ্য অনুসৰি ইয়াৰ ভিতৰত আছে এজন মন্ত্ৰী, এজন প্ৰাক্তন বিধায়ক, আৰু এজন এম এল চি। জেডিইউৰ এই কার্যই দলৰ ভিতৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷  এই নেতাসকলক বহিষ্কাৰ সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা প্ৰতিষ্ঠাৰ মুখ্য কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত চন্দন কুমাৰ সিঙে।

দলটোৱে প্ৰদান কৰা তথ্য অনুসৰি দলৰ পৰা বহিষ্কাৰ কৰা জ্যেষ্ঠ নেতাসকলৰ ভিতৰত আছে প্ৰাক্তন মন্ত্ৰী শৈলেশ কুমাৰ, প্ৰাক্তন বিধান পৰিষদৰ সদস্য সঞ্জয় প্ৰসাদ, বৰহৰিয়াৰ প্ৰাক্তন বিধায়ক শ্যাম বাহাদুৰ সিং, বৰহাৰা ভোজপুৰৰ প্ৰাক্তন বিধান পৰিষদৰ সদস্য ৰণবিজয় সিং, আৰু বৰবিঘাৰ প্ৰাক্তন বিধায়ক সুদৰ্শন কুমাৰ। তদুপৰি বেগুছৰাইৰ পৰা অমৰ কুমাৰ সিং, বৈশালীৰ পৰা ডাঃ আছমা পাৰবীন, ঔৰংগাবাদৰ নবিনগৰৰ পৰা লুভ কুমাৰ, কদৱা কাটিহাৰৰ পৰা আশা সুমন, মতিহাৰী পূৱ চম্পাৰণৰ পৰা দিব্যাংশু ভৰদ্বাজ, জিৰাদেই ছিৱানৰ পৰা বিবেক শুক্লাকো দলৰ পৰা বহিষ্কাৰ কৰা হৈছে।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে হাম দলে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছিল। দল বিৰোধী কাৰ্যকলাপৰ বাবে হাম দলৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাক বহিষ্কাৰ কৰিছিল। প্রথম পর্যায়ৰ নির্বাচনৰ ঠিক পূর্বে জেডিইউৰ এই বৃহৎ কার্যক লৈ এতিয়া ব্যাপক চর্চা চলিছে৷ সূত্ৰ অনুসৰি এই নেতাসকলৰ একাংশক আগন্তুক বিধানসভা নিৰ্বাচনৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ ফলত দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ বাঢ়িছে। কেইবাজনো নেতাই জেডিইউৰ পৰা বিচ্ছিন্ন হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছে।

ইফালে নিৰ্বাচনৰ পূৰ্বে অনুশাসনহীনতাক সহ্য কৰা নহ’ব বুলি স্পষ্ট নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। দলটোৱে এতিয়া কেৱল জেডিইউৰ মতাদৰ্শ, নেতৃত্ব, নীতিৰ প্ৰতি আনুগত্যশীল লোকৰ সৈতেহে কাম কৰিব। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, এই পদক্ষেপ জেডিইউৰ বাবে ‘ক্ষতি নিয়ন্ত্ৰণ’ কৌশলৰ অংশ, যাতে আগন্তুক নিৰ্বাচনত ঐক্যৰ বাৰ্তা দিব পৰা যায়।।