বৌয়েক-দেওৰেকৰ মাজত অবৈধ প্ৰেম, সোমাই আছিল বন্ধ কোঠাত, পুত্ৰৰ ভয়ংকৰ কাণ্ড…
নিহত যুৱকজন অবিবাহিত ছামু সোয় বুলি চিনাক্ত কৰা হৈছে। ভতিজা এটোৱা সোয় আৰু মাতৃ সৈতে তেওঁলোকৰ ঘৰত থাকিছিল। এনেদৰে একেলগে থাকোঁতে বৌয়েক আৰু দেওৰেকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল।
ক্ৰমাৎ বৃদ্ধি পাইছে পৰকীয়া প্ৰেমৰ ঘটনা। যাৰ বাবে সংঘটিত হৈছে বহু অপৰাধ পুনৰ এনে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পোহৰলৈ আহিছে। য’ত মাতৃ আৰু খুড়াকৰ অবৈধ সম্পৰ্কক লৈ বিচলিত পুত্ৰই সংঘটিত কৰে এক নৃশংস হত্যাকাণ্ড। এই ঘটনাই গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে। লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়। লগতে অভিযুক্ত ভতিজাক গ্ৰেপ্তাৰ কৰি গোচৰৰ তদন্ত আৰম্ভ কৰে।
এই সমগ্ৰ ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ খুঁটি জিলাৰ আদকী থানাৰ অধীনস্থ সাকে গাঁৱত। নিহত যুৱকজন অবিবাহিত ছামু সোয় বুলি চিনাক্ত কৰা হৈছে। ভতিজা এটোৱা সোয় আৰু মাতৃ সৈতে তেওঁলোকৰ ঘৰত আছিল। এনেদৰে একেলগে থাকোঁতে বৌয়েক আৰু দেওৰেকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিল। এটোৱা ওলাই যোৱাৰ পিছত তেওঁলোতে বন্ধ কোঠা সোমাই থাকে। ইফালে পুত্ৰই খুড়াক আৰু মাতৃ মাজৰ এনে প্ৰেমক মানি ল’ব পৰা নাছিল।
প্ৰতিশোধৰ জুইয়ে গ্ৰাস কৰা এটোৱা পুত্ৰই খুড়াক আৰু মাকক একেলগে এটা কোঠাত দেখাৰ লগে লগে তেওঁ ধৈৰ্য হেৰুৱাই পেলালে। ক্ষোভত ভতিজাকে খুড়াকক ইটা, শিল, লাঠিৰে প্ৰহাৰ কৰি হত্যা কৰে। চিঞৰ-বাখৰ শুনি বহু লোক তাত উপস্থিত হয় যদিও ইতিমধ্যে ছামুৰ মৃত্যু হৈছিল। ঘটনাৰ পিছত অভিযুক্তই পলায়ন নকৰি ঘটনাস্থলাতে থিয় হৈ থাকে। তাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষী থানাত অৱগত কৰা হয়।
তথ্য লাভ কৰাৰ লগে লগে এফ এছ এলৰ দলৰ সৈতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। তাৰ পিছতে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ পিছৰে পৰা গাঁওখনত বিৰাজ কৰিছে আতংকৰ পৰিৱেশে।