শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাংলাদেশত হিন্দু হত্য়াৰ বিৰুদ্ধে নতুন দিল্লীত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ

দিল্লীত বাংলাদেশ উচ্চায়ুক্তালয়ৰ বাহিৰত নিৰাপত্তাৰক্ষীৰ বেহু ভাঙি প্ৰতিবাদকাৰীসকলে অট্টালিকাটোৰ দিশে যাত্ৰা কৰাৰ চেষ্টা কৰে। বাংলাদেশত এজন হিন্দু যুৱকৰ হত্যাৰ প্ৰতিবাদত আগুৱাই যোৱা প্ৰতিবাদকাৰীক আৰক্ষী আৰু অৰ্ধসামৰিক কৰ্মচাৰীৰে গঠিত বহুস্তৰীয় নিৰাপত্তাৰক্ষীৰ কৰ্ডনে বাধা প্ৰদান কৰে।

বাংলাদেশত হিন্দু হত্য়াৰ বিৰুদ্ধে নতুন দিল্লীত হিন্দু সংগঠনৰ ব্যাপক প্ৰতিবাদ
হিন্দু সংগঠনৰ প্ৰতিবাদImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 23 Dec 2025 14:49 PM

বাংলাদেশত হিন্দু যুৱক দিপু চন্দ্ৰ দাসৰ হত্যাৰ প্ৰতিবাদত মঙলবাৰে দিল্লীত বাংলাদেশ উচ্চায়ুক্তালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তাই। প্ৰতিবাদৰ মাজতে আৰক্ষীৰ সৈতে সংঘৰ্ষ লিপ্ত হৈ বেৰিকেড ভাঙি পেলায় একাংশ প্ৰতিবাদকাৰীয়ে। পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে বাংলাদেশ উচ্চায়ুক্তালয়ৰ সমীপত অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয়। প্ৰতিবাদকাৰীসকলে বাংলাদেশ কৰ্তৃপক্ষৰ পৰা জবাবদিহিতাৰ দাবী উত্থাপন কৰাৰ লগতে একাংশই সংখ্যালঘুৰ ন্যায় আৰু সুৰক্ষাৰ আহ্বান জনায়।

দিল্লীত বাংলাদেশ উচ্চায়ুক্তালয়ৰ বাহিৰত নিৰাপত্তাৰক্ষীৰ বেহু ভাঙি প্ৰতিবাদকাৰীসকলে অট্টালিকাটোৰ দিশে যাত্ৰা কৰাৰ চেষ্টা কৰে। বাংলাদেশত এজন হিন্দু যুৱকৰ হত্যাৰ প্ৰতিবাদত আগুৱাই যোৱা প্ৰতিবাদকাৰীক আৰক্ষী আৰু অৰ্ধসামৰিক কৰ্মচাৰীৰে গঠিত বহুস্তৰীয় নিৰাপত্তাৰক্ষীৰ কৰ্ডনে বাধা প্ৰদান কৰে। দুৰ্গবাই দেশমুখ দক্ষিণ কেম্পাছ মেট্ৰ’ ষ্টেচনৰ সমীপত সৰ্ব ভাৰতীয় হিন্দী বাঙালী সংগঠন, বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ সদস্যসকলে বাংলাদেশৰ হিন্দু আৰু তেওঁলোকৰ নিৰাপত্তা সম্পৰ্কে শ্লোগানেৰে প্ৰতিবাদত অংশগ্ৰহণ কৰে।

বিক্ষোভকাৰীৰ বিপুল ভিৰে নিৰাপত্তাৰক্ষীৰ বেৰিকেড ভাঙিবলৈ চেষ্টা কৰাৰ লগে লগে উত্তেজনা বৃদ্ধি পায়। প্ৰতিবাদকাৰীয়ে “ভাৰত মাতা কি জয়”, “ইউনুছ চৰকাৰ হোছ মে আও”, আৰু “হিন্দু হত্যা বন্ধ কৰো” ধ্বনিৰে উত্তাল কৰি তোলে। এজন প্ৰতিবাদকাৰীয়ে হিন্দু বিপদত পৰিছে আৰু এই দেশ ভগৱান ৰামৰ বুলি চিঞৰি উঠে। “হিন্দুক হত্যা কৰা হৈছে। এই দেশ ভগৱান ৰামৰ। এই দেশ ভগৱান কৃষ্ণৰ। আমি ইয়াত কাকো হত্যা নকৰো, কিন্তু আমাৰ ভগ্নী-কন্যাৰ মৰ্যাদা বিপদত পৰিছে”, তেওঁ উল্লেখ কৰে।

এই প্ৰতিবাদৰ উদ্দেশ্য হৈছে ১৮ ডিচেম্বৰত দিপু চন্দ্ৰ দাসক নবীক নিন্দা কৰাৰ অভিযোগত প্ৰথমে মাৰধৰ আৰু তাৰ পাছত জীৱন্তে জ্বলাই হত্যা কৰা কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনোৱা। সমগ্ৰ ভাৰতবৰ্ষতে বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত চলি থকা হিংসাৰ বিৰুদ্ধে কেইবাটাও প্ৰতিবাদ দেখা গৈছে।

পশ্চিম বংগৰ কংগ্ৰেছ নেতা আশুতোষ চেটাৰ্জীয়ে কয় যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে এই বিষয়টো সম্বোধন কৰিব লাগে। “মানৱতা আক্ৰমণৰ সন্মুখীন হৈছে। হিন্দু আৰু মুছলমান উভয়কে হত্যা কৰা হৈছে। ইয়াত ধৰ্ম নানিব। বিজেপিয়ে বিষয়টো মেৰুকৰণ কৰিব বিচাৰিছে। বাংলাদেশৰ অত্যাচাৰক আমি গৰিহণা দিছো। প্ৰিয়ংকা গান্ধীয়ে ঠিকেই কৈছিল। বৈদেশিক মন্ত্ৰী সাৰ পোৱা উচিত।” চেটাৰ্জীয়ে কয়।

তীব্ৰ উত্তেজনাৰ মাজতে বাংলাদেশে প্ৰতিবাদৰ পিছত নিৰাপত্তাজনিত চিন্তাৰ বাবে নতুন দিল্লী আৰু আগৰতলাত দূতাবাস আৰু ভিছা সেৱা বন্ধ কৰি দিছে। এই প্ৰতিবাদক লৈ বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বাংলাদেশত থকা ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় বাৰ্মাক তলব কৰে।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ এক বিবৃতিত কোৱা হৈছে যে মঙলবাৰে বাংলাদেশে ভাৰতত কূটনৈতিক প্ৰতিষ্ঠানত সংঘটিত আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে নতুন দিল্লী আৰু শিলিগুৰিত সংঘটিত ঘটনাক লৈ আপত্তি দাখিল কৰিবলৈ ভাৰতীয় উচ্চায়ুক্তক মাতি আনিছে। ইয়াত লগতে কোৱা হৈছে যে কূটনৈতিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে পূৰ্ব পৰিকল্পিত হিংসা বা ভয় দেখুওৱা এনে কাৰ্যক বাংলাদেশে গৰিহণা দিয়ে, যিয়ে কূটনৈতিক কৰ্মীসকলৰ সুৰক্ষা বিপন্ন কৰাই নহয়, পাৰস্পৰিক সন্মান আৰু শান্তি তথা সহনশীলতাৰ মূল্যবোধৰ নীতিকো ক্ষতিগ্ৰস্ত কৰে।

বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে কূটনৈতিক কৰ্মী আৰু প্ৰতিষ্ঠানৰ প্ৰতি ভাবুকিৰ উল্লেখ কৰি এই হিংসাক গৰিহণা দি ভাৰতক তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

বিবৃতিটোত কোৱা হৈছে যে, “বাংলাদেশ চৰকাৰে ভাৰত চৰকাৰক এই ঘটনাৰ সম্যক তদন্ত কৰিবলৈ আহ্বান জনাইছে, এনে কাৰ্যৰ পুনৰাবৃত্তি ৰোধৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু ভাৰতত বাংলাদেশৰ কূটনৈতিক প্ৰতিষ্ঠান আৰু আনুষংগিক সা-সুবিধাসমূহৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে”।

এই ঘটনাৰ ভিতৰত ২০২৫ চনৰ ২২ ডিচেম্বৰত শিলিগুৰিস্থিত বাংলাদেশ ভিছা চেণ্টাৰ লণ্ডভণ্ড আৰু ২০২৫ চনৰ ২০ ডিচেম্বৰত নতুন দিল্লীত বাংলাদেশ উচ্চায়ুক্তালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰা ঘটনাৰো উল্লেখ আছে।

নতুন দিল্লীৰ প্ৰতিবাদ চমু আছিল আৰু কোনো ভাবুকিৰ সৃষ্টি কৰা নাছিল বুলি উল্লেখ কৰি ভাৰতে অপৰ্যাপ্ত নিৰাপত্তাৰ অভিযোগ খাৰিজ কৰিছে। বাংলাদেশত এজন হিন্দু যুৱকক হত্যা কৰা ঘটনাই সংখ্যালঘুৰ সুৰক্ষাক লৈ আন্তৰ্জাতিক উদ্বেগৰ সৃষ্টি কৰিছে। ভাৰতে দেওবাৰে নতুন দিল্লীত বাংলাদেশ উচ্চায়ুক্তালয়ৰ সন্মুখত হিন্দু যুৱক-যুৱতীৰ “ভয়ংকৰ হত্যা”ৰ বিৰুদ্ধে হোৱা বিক্ষোভৰ সন্দৰ্ভত বাংলাদেশৰ সংবাদ মাধ্যমৰ কিছু অংশত “বিভ্ৰান্তিকৰ অপপ্ৰচাৰ”ক উলাই কৰি কয় যে এই প্ৰতিবাদ চমু আৰু ইয়াৰ বাবে কোনো নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি নপৰে।

মৈমনসিঙত ২৭ বছৰীয়া হিন্দু যুৱক দীপু চন্দ্ৰ দাসক নৃশংসভাৱে হত্যা কৰাৰ ফলত পুনৰ বাংলাদেশৰ সংখ্যালঘু লোকৰ সুৰক্ষাক লৈ আন্তৰ্জাতিক উদ্বেগ জগাই তুলিছে। দাসক নবী নিন্দাৰ অভিযোগত ৰাইজে প্ৰহাৰ কৰে, আৰু পৰৱৰ্তী সময়ত ১৮ ডিচেম্বৰত তেওঁক জীৱন্তে জুই লগাই দিয়া হয়। এই কাণ্ডৰ পিছত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।