সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰা দুই কনিষ্টবল বহুলোকৰ বাবে দেৱদূত! দিল্লী বিস্ফোৰণৰ এই কাহিনীয়ে শিহৰিত কৰিব আপোনাক
বিস্ফোৰণত সৌভাগ্যক্ৰমে ৰক্ষা পৰিছিল লালকিল্লা আৰক্ষী চকীৰ দুগৰাকী কনিষ্টবল। এতিয়াও চকু মুদিলেই যেন তেওঁলোকৰ কাণত প্ৰতিধ্বনিত হয় বিস্ফোৰণৰ ভয়ংকৰ শব্দ। পিছে বিস্ফোৰণস্থলীৰ নিচেই সমীপত থকাৰ পিছতো কিদৰে ৰক্ষা পৰিল এই দুই কনিষ্টবল!
বিগত ১০ নৱেম্বৰত এক ভয়াৱহ বিস্ফোৰণে কঁপাই তোলে দেশৰ ৰাজধানী। দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা এই বিস্ফোৰণত প্ৰাণ হেৰুৱায় বহুজনে। বিস্ফোৰণত লগতে বহুকেইজন লোক আহত হয়। এই বিস্ফোৰণত সৌভাগ্যক্ৰমে ৰক্ষা পৰিছিল লালকিল্লা আৰক্ষী চকীৰ দুগৰাকী কনিষ্টবল। এতিয়াও চকু মুদিলেই যেন তেওঁলোকৰ কাণত প্ৰতিধ্বনিত হয় বিস্ফোৰণৰ ভয়ংকৰ শব্দ। এই দুই কনিষ্টবলৰ চকুৰ সমুখতে জ্বলি উঠিছিল ইখনৰ পিছত সিখন বাহন। পৰি ৰৈছিল মৃতদেহৰ ছিন্ন–ভিন্ন টুকুৰা। পিছে বিস্ফোৰণস্থলীৰ নিচেই সমীপত থকাৰ পিছতো কিদৰে ৰক্ষা পৰিল এই দুই কনিষ্টবল!
লালকিল্লা আৰক্ষী চকীৰ হেড কনিষ্টবল থান সিং। ঘটনাৰ দিনা সন্ধিয়া তেওঁৰ পত্নীয়ে তেওঁলৈ ফোন কৰে। ভিডিঅ’ কল যোগে ৰাস্তাৰ সিপাৰে থকা গৌৰী শংকৰ মন্দিৰ দেখুৱাবলৈ থান সিঙক আব্দাৰ কৰে পত্নীয়ে। পত্নীৰ অনুৰোধত হেড কনিষ্টবল থান সিঙে আৰক্ষী চকী এৰি ক্ষণিকৰ বাবে ৰাস্তাৰ সিপাৰে যায়। ঠিক তেতিয়াই সংঘটিত হয় এই ভয়ানক বিস্ফোৰণ।
বিস্ফোৰণত কথমপি প্ৰাণ ৰক্ষা পৰা দ্বিতীয়জন ব্যক্তি হেড কনিষ্টবল অজয় কুমাৰ। আৰক্ষী চকীৰ পৰা কিছু দূৰত এক চিৎকাৰ শুনি সেয়া কি চাবলৈ গৈছিল তেওঁ। থানাৰ পৰা সেই দূৰত্ব আছিল মাত্ৰ ৩০ ফুট। পিছে এই ৩০ ফুট দূৰত্বই অজয় কুমাৰৰ প্ৰাণ ৰক্ষা কৰে। এই সমগ্ৰ ঘটনাটো যেন এতিয়াও এই দুই আৰক্ষী কৰ্মীৰ বাবে বিশ্বাস কৰিব নোৱাৰা।
দুই হেড কনিষ্টবল অজয় কুমাৰ আৰু থান সিঙে সোমবাৰে ৰেডফ’ৰ্ট গেটৰ সমীপৰ পথত দীৰ্ঘসময় ধৰি থিয় হৈ আছিল। তেওঁলোক সেইস্থানৰ পৰা আঁতৰি যোৱাৰ মুহূৰ্ততে ৰেডফ’ৰ্ট গেটৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ। সৌভাগ্যক্ৰমে নিজা প্ৰাণ ৰক্ষা পৰিল যদিও সেই বিষয়ে চিন্তা কৰিবলৈ তেওঁলোকৰ সময় নাছিল।
বিস্ফোৰণৰ পিছতে ৰক্তাক্ত অৱস্থাত ৰাজপথত পৰি থকা কেইবাজনো লোকক দুয়ো প্ৰত্যক্ষ কৰে। ইয়াৰ পিছতে ততাতৈয়াকৈ এজন এজনকৈ আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাত ব্যস্ত হৈ পৰে কনিষ্টবল দুজন। ইতিমধ্যে দিল্লী আৰক্ষীয়ে এই দুই কনিষ্টবলৰ সাহস আৰু কৰ্তব্যৰ বাবে উচ্চ প্ৰশংসা কৰিছে।
কিন্তু সেই দিনটোৰ প্ৰতিচ্ছবি এতিয়াও পাহৰিব পৰা নাই তেওঁলোকে। যেতিয়াই চকু মুদে, তেতিয়াই তেওঁলোকৰ কাণত বিস্ফোৰণৰ শব্দ আৰু মানুহৰ চিঞৰ-বাখৰ বাজি উঠে বুলি দুয়ো উল্লেখ কৰে। অৱশ্যে তেওঁলোক দুজনৰ বাবেই বিস্ফোৰণত কেইবাজনো লোকৰ প্ৰাণ ৰক্ষা পৰে। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰা এই কনিষ্টবল দুজনেই হৈ পৰে বহুলোকৰ বাবে দেৱদূত স্বৰূপ।