ইজৰাইল-ইৰাণৰ মাজত যুদ্ধোন্মাদ পৰিস্থিতি, হাই এলাৰ্ট জম্মু-কাশ্মীৰত! কিয় লোৱা হ’ল এনে পদক্ষেপ?
বিগত কিছুদিন ধৰি ইজৰাইল আৰু ইৰাণৰ মাজত পৰিস্থিতি উত্তেজিত হৈ পৰিছে। তাৰ মাজতে আজি পুৱা ইৰাণক আক্ৰমণ কৰে ইজৰাইলে। দুই দেশৰ এই সংঘাতে বিশ্ব ৰাজনীতিতো জোকাৰণি তুলিছে। লক্ষণীয়ভাৱে ইৰাণ আৰু ইজৰাইলৰ মাজত এই সংঘাতৰ বাবে জম্মু-কাশ্মীৰৰ কিছু অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে।

ক্ৰমাৎ উত্তেজনা বৃদ্ধ পাইছে মধ্য প্ৰাচ্যত। এই অঞ্চলটোত এতিয়া আগুৰি ধৰিশে যুদ্ধশংকাই। বিগত কিছুদিন ধৰি ইজৰাইল আৰু ইৰাণৰ মাজত পৰিস্থিতি উত্তেজিত হৈ পৰিছে। তাৰ মাজতে আজি পুৱা ইৰাণক আক্ৰমণ কৰে ইজৰাইলে। এই আক্ৰমণৰ পিছতে ইৰাণৰ বহু অঞ্চলত ছাইৰেন বাজি উঠে, দেশখনত অধিক সষ্টম হৈ উঠিছে নিৰাপত্তা বাহিনী। ইফালে এনে পৰিস্থিতিৰ পিছতে ইজৰাইলত লগে লগে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়। ইতিমধ্যে দুয়োখন দেশে নিজ নিজ আকাশমাৰ্গ বন্ধ কৰিছে।
দুই দেশৰ এই সংঘাতে বিশ্ব ৰাজনীতিতো জোকাৰণি তুলিছে। আন এক যুদ্ধৰ সম্ভাৱনাই বিশ্ব নেতৃত্বক শংকিত কৰি তুলিছে। লক্ষণীয়ভাৱে ইৰাণ আৰু ইজৰাইলৰ মাজত এই সংঘাতৰ বাবে জম্মু-কাশ্মীৰৰ কিছু অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে। কাশ্মীৰৰ ছিয়া জনবসতিপূৰ্ণ অঞ্চলত জাৰি কৰা হৈছে এই হাই এলাৰ্ট। ইৰাণ আৰু ইজৰাইল সংঘাতৰ পৰিপ্ৰেক্ষিতত জম্মু-কাশ্মীৰত নিয়োজিত নিৰাপত্তা সংস্থাসমূহো সষ্টম হৈ উঠিছে।
প্ৰধানতঃ কাশ্মীৰৰ যিবোৰ অঞ্চলত ছিয়া সম্প্ৰদায়ৰ জনসংখ্যা সৰ্বাধিক, সেই অঞ্চলসমূহত চৰকাৰে হাই এলাৰ্ট জাৰি কৰিছে। নিৰাপত্তা সংস্থাসমূহৰ মতে, শুকুৰবাৰৰ জুম্মা নামাজৰ দিন আৰু এই সময়ত ছিয়া জনবসতিপূৰ্ণ অঞ্চলত প্ৰতিবাদ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ইৰাণ আৰু ইজৰাইলৰ মাজত চলিত এই উত্তেজনাৰ মাজতে ছিয়া সমাজত আৱেগিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব পাৰে আৰু হিংসাৰ সৃষ্টি হ’ব পাৰে বুলি নিৰাপত্তা সংস্থাসমূহে অনুমান কৰিছে।
উল্লেখ্য যে যোৱা ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানী মূলৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱাৰ পিছতে উপত্যকাটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। এই ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণত ভাৰতীয় আৰু বিদেশী নাগৰিকসহ মুঠ ২৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। এই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত চৰকাৰে প্ৰত্যাক্ৰমণ চলাই অপাৰেচন সিন্দুৰৰ জৰিয়তে পাকিস্তানৰ বহু সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰে।
ইফালে আজি পুৱা ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণে নিজৰ আকাশমাৰ্গ বন্ধ কৰি দিছে। নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে কিছু বিমান বাতিল কৰিছে। অৱশ্যে দিল্লী বিমানবন্দৰৰ পৰা এক অধিসূচনা যোগে দিল্লী বিমানবন্দৰৰ পৰা যাত্ৰা কৰা বিমান সেৱাত কোনো বিশেষ প্ৰভাৱ পৰা নাই বুলি স্পষ্ট কৰি দিয়ে। ইজৰাইল আৰু ইৰাণৰ মাজত হোৱা আক্ৰমণৰ বাবে মাত্ৰ কেইখনমান বিমানহে বাতিল কৰা হৈছে বুলি উল্লেখ কৰা হৈছে।