শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Helicopter crashes near Kedarnath: কেদাৰনাথলৈ যোৱা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, পাইলট আৰু এটা শিশুসহ ৭ জন নিহত

উত্তৰাখণ্ডৰ কেদাৰনাথত গৌৰীকুণ্ডৰ সমীপত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ ৭ জন লোকৰ মৃত্যু হয়। বেয়া বতৰৰ ফলত হোৱা এই দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষৰ অৱশিষ্ট সিঁচৰতি হৈ পৰে। পাইলট আৰু এটা শিশুসহ ৭ জন নিহত।

Helicopter crashes near Kedarnath: কেদাৰনাথলৈ যোৱা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, পাইলট আৰু এটা শিশুসহ ৭ জন নিহত
কেদাৰনাথলৈ যোৱা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত
barasha-misra
Barasha Misra | Updated On: 15 Jun 2025 09:13 AM

আজি পুৱা উত্তৰাখণ্ডৰ কেদাৰনাথত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। এই সমগ্ৰ দুৰ্ঘটনা সংঘটিত হৈছে গৌৰীকুণ্ড অঞ্চলৰ সমীপত। এই দুৰ্ঘটনাত হেলিকপ্টাৰত থকা ৭ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হয়। বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে NDRF আৰু NDRFৰ দল উপস্থিত হয়। কিন্তু বতৰ বেয়াৰ বাবে উদ্ধাৰ কামতো কিছু অসুবিধাৰ সন্মুখীন হৈছে। ধোঁৱা দেখি ঘাঁহ কাটি থকা মহিলাই এই ঘটনাৰ খবৰ দিয়ে। এই সমগ্ৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে।

কেদাৰনাথত দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখন আৰিয়ান কোম্পানীৰ বুলি জানিব পৰা গৈছে। পুৱা প্ৰায় ৫:৩০ মান বজাত সংঘটিত হয় সমগ্ৰ ঘটনা। এই মুহূৰ্তলৈ পোৱা তথ্য়নুসৰি সমগ্ৰ দুৰ্ঘটনাত পাইলটৰ সৈতে ৬ জন প্ৰাপ্তবয়স্ক আৰু এটা শিশুৰ মৃত্যু হৈছে। হেলিকপ্টাৰখনত অগ্নিকাণ্ড সংঘটিত হয়। স্থানীয় ৰাইজে এই ঘটনাৰ ভিডিঅ’ বনাই প্ৰশাসনকো খবৰ দিয়ে।

Whatsapp Image 2025 06 15 At 8.13.57 Am

চাৰ ধাম যাত্ৰাৰ সময়ত যাত্ৰীসকলে বিপদৰ পৰা হাত সাৰিবলৈ আৰু পাহাৰত উঠি যোৱাৰ সমস্যাৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰে। শেহতীয়াকৈ কেদাৰনাথত এনে বহু ঘটনা পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে পথত এখন হেলিকপ্টাৰ জৰুৰীকালীন অৱতৰণ কৰা হৈছিল। ইয়াৰ বাহিৰেও কিছুদিন পূৰ্বে আন এখন হেলিকপ্টাৰ উৰণৰ পূৰ্বে দুৰ্ঘটনা সংঘটিত হয়।

কেদাৰনাথৰ পৰা গুপ্তকাশীলৈ গৈ আছিল হেলিকপ্টাৰখন

কেদাৰনাথৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখন আজি পুৱা প্ৰায় ৫:২০ বজাত কেদাৰনাথৰ পৰা গুপ্তকাশী অভিমুখে উৰা মাৰে, কিছু সময়ৰ পিছত গৌৰীকুণ্ডৰ সমীপত দুৰ্ঘটনা সংঘটিত হয়। হেলিকপ্টাৰখনত থকা লোকসকল উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বুলি জানিব পৰা গৈছে।