মথুৰাত ভয়ংকৰ ঘটনাঃ একেলগে বাগৰি পৰিল ৬টাকৈ ঘৰ, দুই ভগ্নীসহ ৩ জনৰ মৃত্যু
স্থানীয় লোকে জানিবলৈ দিয়া মতে, জেচিবিৰে মাটি খান্দি থকাৰ সময়তে হুৰমূৰকৈ একেলগে বাগৰি পৰিল ৬টা ঘৰ। এই ভয়ংকৰ ঘটনাত ৩ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে বহুকেইজন লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। আৱদ্ধ লোককেইজনক উদ্ধাৰৰ বাবে ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান।

উত্তৰ প্ৰদেশৰ মথুৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। জেচিবিৰে মাটি খান্দি থকাৰ সময়তে হুৰমূৰকৈ একেলগে বাগৰি পৰিল ৬টা ঘৰ। এই ভয়ংকৰ ঘটনাত ৩ জন লোকে প্ৰাণ হেৰুৱাইছে। আনহাতে বহুকেইজন লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। আৱদ্ধ লোককেইজনক উদ্ধাৰৰ বাবে ঘটনাস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰকাশিত খবৰ অনুসৰি মথুৰাৰ গোবিন্দ নগৰ অঞ্চলত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।
স্থানীয় লোকে জানিবলৈ দিয়া মতে অঞ্চলটোৰ মুকলি ভূমিত জেচিবিৰে খনন চলাই থকাৰ সময়তে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ এটা টিলাৰ ওপৰত এই ঘৰকেইটা নিৰ্মাণ কৰা হৈছিল। ঘৰকেইটা খহি পৰাৰ ফলত হঠাতে হোৱা শব্দ শুনি চৌপাশৰ লোকসকল নিজ নিজ ঘৰৰ পৰা ওলাই আহে আৰু এই ভয়ংকৰ ঘটনা প্ৰত্যক্ষ কৰে।
তথ্য অনুসৰি দেওবাৰে দুপৰীয়া প্ৰায় ১২ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। এই পৰ্যন্ত ৩ জন লোকৰ মৃত্যু হৈছে বুলি প্ৰশাসনে নিশ্চিত কৰিছে। আনহাতে ধ্বংসাৱশেষৰ পৰা উদ্ধাৰকাৰী দলে ৪ জন লোকক উলিয়াই আনিছে বুলি জানিব পৰা গৈছে। এতিয়াও ১০-১২ জন লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা বুলি অনুমান কৰা হৈছে। ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে।
এই দুৰ্ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী, পৌৰ নিগম, প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰে। এই ঘটনাত টোতাৰাম (৩৮) নামৰ এজন লোক নিহত হোৱাৰ লগতে যশোদা (৬) আৰু কাব্য (৩) নামৰ দুগৰাকী শিশুৰো কৰুণ মৃত্যু হৈছে। নিহত দুয়ো শিশু ভগ্নী আছিল বুলি জানিব পৰা গৈছে।