গ্ৰীষ্মকালত এইদৰে ঘৰুৱা উপায়েৰে দূৰ কৰিব পাৰে ভৰিৰ দুৰ্গন্ধ

15 June 2025

TV9 ASSAM

গ্ৰীষ্মকালত ভৰিৰ দুৰ্গন্ধ সকলোৰে বাবে অস্বস্তিৰ কাৰণ হৈ পৰে। ঘাম আৰু বেক্টেৰিয়া ইয়াৰ প্ৰধান কাৰণ। জোতাত বায়ু চলাচল কম হয় বাবে ঘামৰ ফলত দুৰ্গন্ধৰ সৃষ্টি হয়।

ভৰিৰ দুৰ্গন্ধ

ভৰিৰ দুৰ্গন্ধ দূৰ কৰিবলৈ বিভিন্ন হোমিঅ’পেথিক আৰু এলোপেথিক ঔষধ উপলব্ধ। কিন্তু কিছুমান ঘৰুৱা পদ্ধতিৰে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ।

ঘৰুৱা বিধান

গৰমত ভৰিৰ ঘাম ওলালে বেক্টেৰিয়া বৃদ্ধি পায় আৰু ঘাম-বেক্টেৰিয়া মিহলি হৈ গোন্ধ ওলায়। গতিকে ভৰি দুখন শুকান কৰি ৰখাটো অতি প্ৰয়োজনীয়।

ঘাম

গৰম পানীত চাবোন মিহলি কৰি ভৰি দুখন ভালদৰে পৰিষ্কাৰ কৰক। তাৰ পিছত ভালদৰে শুকুৱাই লওক। বিশেষকৈ ভৰিৰ নখ ভালদৰে মচিব লাগে।

গৰম পানী

গ্ৰীষ্মকালত ভৰি শুকান কৰি ৰাখিবলৈ আৰু ঘাম কম কৰিবলৈ এন্টিবেক্টেৰিয়েল পাউদাৰ বা স্প্ৰে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা সুফল লাভ কৰিব।

এণ্টিবেক্টেৰিয়েল

সঘনাই মোজা সলনি কৰক। ঘাম ওলালে লগে লগে মোজা সলনি কৰিব লাগে। কপাহ বা ঘাম শোষণকাৰী সামগ্ৰীৰে তৈয়াৰী মোজা ব্যৱহাৰ কৰাটো ভাল।

মোজা

জোতাযোৰ ভালদৰে শুকুৱাই লওক। বাহিৰৰ পৰা অহাৰ পিছত জোতা শুকুৱাবলৈ দিয়ক। ইচ্ছা কৰিলে জোতাত পাউদাৰো দিব পাৰে।

জোতা

নেমুৰ ৰস বা ভিনেগাৰ মিহলি কুহুমীয়া পানীত ভৰি দুখন তিয়াই আধা ঘণ্টা ধৰি ৰাখিলে ঘাম আৰু দুৰ্গন্ধ বহু পৰিমাণে কমি যায়। এই টিপছ যথেষ্ট ফলপ্ৰসূ।

এনে পদ্ধতি

পঢ়িবলৈ ক্লিক কৰক 

উচ্চ ৰক্তচাপ ৰোগীৰ গ্ৰীষ্মকালৰ যত্ন